অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৰ্বশী (অভিনেত্ৰী)

কবিতা মনোৰঞ্জিনী (Kavitha Manoranjini; জন্ম: ২৫ জানুৱাৰী ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ডাবিং শিল্পী, টেলিভিছন হোষ্ট, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। পেছাগতভাৱে তেওঁ উৰ্বশী নামেৰে পৰিচিত। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত, প্ৰধানকৈ মালয়ালম, তামিল, কানাড়া আৰু তেলেগু ছবিত কৰা কামৰ বাবে পৰিচিত।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

কবিতা মনোৰঞ্জিনী ১ (Kavitha Manoranjini; জন্ম: ২৫ জানুৱাৰী ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ডাবিং শিল্পী, টেলিভিছন হোষ্ট, চিত্ৰনাট্যকাৰ আৰু চলচ্চিত্ৰ প্ৰযোজক। পেছাগতভাৱে তেওঁ উৰ্বশী নামেৰে পৰিচিত। ভাৰতীয় চলচ্চিত্ৰ উদ্যোগত, প্ৰধানকৈ মালয়ালম, তামিল, কানাড়া আৰু তেলেগু ছবিত কৰা কামৰ বাবে পৰিচিত।২ চাৰি দশকৰো অধিক সময়ৰ কৰ্মজীৱনত তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ছটা কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা, দুটা তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু তিনিটা ফিল্মফেয়াৰ দক্ষিণ বঁটা লাভ কৰিছে। অভিনয়ৰ বিশিষ্ট শৈলীৰ বাবে জনাজাত, উৰ্বশীক ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বহুলভাৱে গণ্য কৰা হয়।৩৪

উৰ্বশী আশী আৰু নব্বৈৰ দশকৰ, প্ৰধানকৈ মালয়ালম চলচ্চিত্ৰৰ এগৰাকী বিশিষ্ট মুখ্য অভিনেত্ৰী আছিল। তেওঁ উৎসৱমেলম আৰু পিদাক্কোজী কুভুন্না নুত্তণ্ডু ছবি দুখন ৰচনা কৰিছে; ইয়াৰে পিছৰখন তেওঁ নিৰ্মাণো কৰিছিল। অচুভিন্টে আম্মা (২০০৫) নামৰ ছবিখনত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়, যিখন ৬ বছৰৰ বিৰতিত তেওঁৰ কামবেক ছবি আছিল।৫ ১৯৮৯ চনৰ পৰা ১৯৯১ চনলৈকে একেৰাহে তিনিবাৰ জয়লাভকে ধৰি, তেওঁ অভিলেখ সংখ্যক ছবাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তাৰ উপৰিও মাগলিৰ মটুমৰ বাবে তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বিশেষ বঁটা আৰু তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ সন্মানীয় কলাইভনাৰ বঁটাকে ধৰি দুটাকৈ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটাও লাভ কৰিছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (21 July 2010). നായികമാര് എന്തിന് ഭയക്കണം?, Interview - Mathrubhumi Movies. Mathrubhumi.com
  2. ↑ Urvashi, the mother of all roles. The Times of India
  3. ↑ (2020-02-08). Why Malayalam Cinema's Usual Rules Do Not Apply To Urvashi. HuffPost
  4. ↑ ഏകാന്തതയുടെ കടല് ഞാന് നീന്തിക്കടക്കും - articles, infocus_interview - Mathrubhumi Eves. Mathrubhumi.com
  5. ↑ (2024-07-27). കിരീടം വെക്കാത്ത ലേഡി സൂപ്പർസ്റ്റാർ ഉർവശിയുടെ വിദ്യാഭ്യാസ യോഗ്യത; പഠനത്തെക്കുറിച്ച് താരത്തിന്റെ വെളിപ്പെടുത്തൽ. News18 മലയാളം

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীকানাড়া চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীমালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰীশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৰ্বশী (অভিনেত্ৰী)” প্ৰবন্ধৰ সংশোধন ৬০১৯৯৮ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।