কেৰল আন্দ্ৰেয়া কেভিচুছা (; জন্ম: ১৮ ফেব্ৰুৱাৰী ২০০১) নাগালেণ্ডৰ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী।১২ তেওঁ ২০২২ চনত আয়ুষমান খুৰৰানাৰ সৈতে অনেক চলচ্চিত্ৰত অভিনয়ত অভিষেক ঘটায়, যাৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেকৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰে।
প্ৰাথমিক জীৱন
কেৰল আন্দ্ৰেয়া কেভিচুছাৰ জন্ম হৈছিল ২০০১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে নাগালেণ্ডৰ কোহিমাত।৩ তাইৰ পিতৃ খোনোমাৰ এজন আংগামী নগা, লগতে মিজো বংশৰ। তাইৰ মাক আছিল আও নগা৷ তেওঁ পাঁচগৰাকী ভগ্নীৰ ভিতৰত সৰু।৪ কেভিচুছাই স্কুলীয়া শিক্ষা কোহিমাৰ লিটিল ফ্লাৱাৰ হাইয়াৰ ছেকেণ্ডাৰী স্কুলৰ পৰা কৰিছিল।৫
কেৰিয়াৰ
কেভিচুছাই ২০১৬ চনত ১৫ বছৰ বয়সত মডেলিং এজেন্সীয়ে স্কাউট কৰাৰ পিছত মডেলিং আৰম্ভ কৰিছিল।৬
কেভিচুছাই সব্যাসচী মুখাৰ্জীৰ দৰে ফেশ্বন ডিজাইনাৰ আৰু আন কেইবাটাও উল্লেখযোগ্য ব্ৰেণ্ডৰ সৈতে কাম কৰিছে। তেওঁ কেটৰিনা কাইফৰ প্ৰসাধন লাইন কে বিউটিৰ বাবেও কাম কৰিছিল আৰু ভোগ ইণ্ডিয়া, এলে, ফেমিনা আদি আলোচনীৰ সম্পাদকীয় আৰু ফিল্মফেয়াৰ, গ্ৰেজিয়া, লুচিয়াৰ,৭ আৰু হাৰ্পাৰছ বাজাৰৰ কভাৰত প্ৰকাশ পাইছে।৮ ৯
২০২২ চনত কেভিচুছাই আনেক চলচ্চিত্ৰৰ যোগেদি চলচ্চিত্ৰ জগতত অভিষেক ঘটায়। ছবিখনৰ লেখক আৰু পৰিচালক অনুভৱ সিনহা।১০১১ কেভিচুছাই উত্তৰ-পূব ভাৰতীয় বক্সাৰৰ চৰিত্ৰত অভিনয় কৰিছে।১২
চলচ্চিত্ৰ তালিকা
| বৰ্ষ | শিৰোনাম | ভূমিকাৰ নাম | টোকা | Ref. |
|---|---|---|---|---|
| ২০২২ | আনেক | আইডো | চলচ্চিত্ৰ আৰম্ভণি | ১২ |
বঁটা আৰু মনোনয়ন
| বৰ্ষ | বঁটা | শ্ৰেণী | কাজ | ফলাফল | Ref. |
|---|---|---|---|---|---|
| ২০২৩ | ৬৮তম ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ মহিলা আৰম্ভণি শিল্পী | আনেক | ১৩ |
বাহ্যিক সংযোগ
- Andrea Kevichüsa on Anima Creatives
তথ্যসূত্ৰ
- ↑ Andrea Kevichüsa - Model. animacreatives.com
- ↑ (9 August 2018). Who Is Andrea Kevichusa? Actor To Make Her Bollywood Debut With 'Anek'. SheThePeople
- ↑ (6 May 2022). Know all about Andrea Kevichusa actress to star in Anek alongside Ayushmann Khurrana; Modeling, career. Jagrant TV
- ↑ Lungzeu. (24 October 2018). A Naga Bride Reminisces About Her Wedding Day - A Chat With Cheryl Kevichusa from Nagaland. Roots and Leisure
- ↑ (20 May 2022). ANDREA KEVICHUSA SPEAKS TO HORNBILL TV; ACTOR SHARES ABOUT BOLLYWOOD JOURNEY. ইউটিউব
- ↑ (9 August 2018). This 17-Year-Old Model from Nagaland Might be India's Next Supermodel – Meet Andrea Kevichusa. Roots and Leisure
- ↑ Yan, Jack. (2023-06-18). A hot cover with Andrea Kevichüsa. Lucire
- ↑ Hirani, Sandhya. (5 May 2022). Why the girl who slapped in the trailer of Anek is being discussed, know some special things. Any TV News
- ↑ Hirani, Sandhya. (7 May 2022). Naga model Andrea Kevichusa marks B'wood debut with action thriller 'Anek'. Nagaland Post
- ↑ (6 May 2022). Nagaland's Andrea Kevichusa to debut alongside Ayushmaan Khuranna in Anek. Northeast Live
- ↑ (5 May 2022). Anek Cast List. বলিউড হাংগামা
- ↑ (6 May 2022). Andrea Kevichüsa Makes Her Bollywood Debut in The Film 'Anek'. Yilled
- ↑ (২৮ এপ্ৰিল ২০২৩). ৬৮তম হুন্দাই ফিল্মফেয়াৰ বঁটা ২০২৩ৰ বিজয়ীসকল. Filmfare
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্দ্ৰেয়া কেভিচুছা” প্ৰবন্ধৰ সংশোধন ৫৯৩২৭৮ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।