কল্পনা কাৰ্তিক (জন্ম:মোনা সিং; ১৯ ছেপ্টেম্বৰ ১৯৩১; Kalpana Kartik) এগৰাকী অৱসৰপ্ৰাপ্ত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী। ১৯৫০ দশকত তেওঁ ছখন ছবিত অভিনয় কৰিছিল। তেওঁ হিন্দী চলচ্চিত্ৰ অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা দেৱ আনন্দৰ পত্নী।
মোনা সিং ছিমলাৰ ছেইণ্ট বেদে কলেজত পঢ়ি থকাৰ সময়ত সৌন্দৰ্য প্ৰতিযোগিতাৰ এগৰাকী বিজয়ী আছিল। ১৯৫১ চনত বাজী ছবিৰ জৰিয়তে নৱকেতন ফিল্মছৰ চেতন আনন্দই তেওঁক চলচ্চিত্ৰলৈ লৈ আহে। এই সময়ছোৱাত চেতন আনন্দই তেওঁৰ পৰ্দাৰ নাম কল্পনা কাৰ্তিক ৰাখিছিল।১ তেওঁৰ আন আন ছবিসমূহ হ’ল অন্ধিয়াঁ (১৯৫২), হমছফৰ (১৯৫৩), টেক্সি ড্ৰাইভাৰ (১৯৫৪), হাউচ নং ৪৪ (১৯৫৫) আৰু নৌ দহ গ্যাৰহ (১৯৫৭)।
কৰ্মজীৱন
লাহোৰৰ এটা পাঞ্জাবী খ্ৰীষ্টান পৰিয়ালত মোনা সিঙে জন্মগ্ৰহণ কৰিছিল।২ দেউতাক গুৰদাসপুৰ জিলাৰ বটালাৰ তহচিলদাৰ আছিল আৰু পাঁচজন ভাতৃ আৰু দুগৰাকী ভগ্নীৰ ভিতৰত তেওঁ আছিল আটাইতকৈ সৰু। ভাৰত বিভাজনৰ পিছত তেওঁৰ পৰিয়াল ছিমলালৈ আহে।
তেওঁ ছিমলাৰ ছেইণ্ট বেদে কলেজৰ ছাত্ৰী আছিল। স্নাতক বৰ্ষত তেওঁ মিছ ছিমলা প্ৰতিযোগিতাত জয়ী হয় আৰু বম্বেৰ চলচ্চিত্ৰ নিৰ্মাতা চেতন আনন্দৰ চকুত পৰে।৩ আনন্দে তেওঁৰ পৰিয়ালক পতিয়ন নিয়ায় যে যাতে মোনাক তেওঁৰ নৱজাত চলচ্চিত্ৰ কোম্পানী নৱকেতন ফিল্মছত এগৰাকী নায়িকা হিচাপে যোগদান কৰিবলৈ অনুমতি দিয়ে। তেওঁৰ প্ৰথমখন ছবি বাজীয়ে বিপুল সফলতা লাভ কৰি ভাৰতীয় চলচ্চিত্ৰ ইতিহাসত এক মাইলৰ খুটি পৰিগণিত হয়।
তথ্যসূত্ৰ
- ↑ Anand, Dev. (2007). Romancing with Life - an autobiography. Penguin Viking. পৃ. 108. ISBN 978-0-670-08124-0
- ↑ Massey, Reginald. (14 December 2011). Dev Anand: Actor and director who towered over India's film industry – Obituaries. The Independent
- ↑ says, Bollywood Box Office. Kalpana Kartik – Interview – Cineplot.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা কাৰ্তিক” প্ৰবন্ধৰ সংশোধন ৬৩১৮৬৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।