হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৮৪ প্ৰবন্ধ
-
তন্বী আজমী
তন্বী আজমী (Baljinder Kaur) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। “অকেলে হম অকেলে তুম” (১৯৯৫), “বাজীৰাও মস্তানী” (২০১৫), “থাপ্পড়” (২০২০) আৰু “ত্ৰিভংগা” (২০২১) ছবিৰ বাবে তেওঁ পৰিচিত।
-
নলিনী জয়ৱন্ত
নলিনী জয়ৱন্ত (Nalini Jaywant; জন্ম ১৮ ফেব্ৰুৱাৰী ১৯২৬) ১৯৪০ আৰু ১৯৫০ৰ দশকত হিন্দী চলচ্চিত্ৰৰ সৈতে জড়িত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ‘কালাপানী’ ছবিৰ বাবে ১৯৫৯ চনত তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল।
-
নিতাংশী গ’য়েল
নিতাংশী গ’য়েল (Nitanshi Goel; জন্ম: ১২ জুন ২০০৭) এগৰাকী ভাৰতীয় কিশোৰী অভিনেত্ৰী। তেওঁ বিভিন্ন ছবি তথা ধাৰাবাহিকত অভিনয় কৰিছে। তাৰ ভিতৰত থাপকি প্যাৰ কি (২০১৭), কৰ্মফল দাতা শনি (২০১৬), এম.এছ.
-
নিম্ৰত কৌৰ
নিম্ৰত কৌৰ (Nimrat Kaur; জন্ম: ১৩ মাৰ্চ, ১৯৮২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰৰ অভিনেত্ৰী। তেখেতে সাধাৰণতে হিন্দী চিনেমা আৰু আমেৰিকান টেলিভিচনৰ অনুষ্ঠানত কাম কৰিছে। ছপা মাধ্যমৰ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰা নিম্ৰত কৌৰে পৰৱৰ্তী সময়ত থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।
-
নীতু সিং
নীতু কাপুৰ (পৈতৃক নাম: সিং; জন্ম: হৰনীত কৌৰ; ৮ জুলাই ১৯৫৮; Harneet Kaur; এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৬০ দশকৰ পাছডোখৰ, সমগ্ৰ ১৯৭০ দশক আৰু ১৯৮০ দশকৰ আগডোখৰত হিন্দী ছবিত অভিনয় কৰাৰ বাবে পৰিচিত।
-
নোৰা ফটেহী
নোৰা ফটেহী ( Nora Fatehi) (জন্ম: ৬ ফেব্ৰুৱাৰী ১৯৯২) ভাৰতত বাস কৰা এগৰাকী কানাডিয়ান নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ হিন্দী, তেলেগু আৰু মালয়ালম ছবিত অভিনয় কৰিছে। ফটেহীয়ে হিন্দী ছবি ৰ'ৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনছৰ যোগেদি ছবি অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
পল্লৱী যোশী
পল্লৱী যোশী (Pallavi Joshi; জন্ম: ৪ এপ্ৰিল ১৯৬৯) এগৰাকী ভাৰতীয় অভিনয় শিল্পী, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে।
-
পাঞ্চালী গুপ্তা
পাঞ্চালী গুপ্তা (Panchali Gupta) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ বহুকেইখন অসমীয়া আৰু হিন্দী চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত। বাতৰি কাকতৰ স্তম্ভলেখক হোৱাৰ উপৰিও তেওঁ এগৰাকী স্ব-নিয়োজিত ৱৰড্ৰ’ব কনচাল্টেণ্ট।
-
পূজা গুপ্তা
পূজা গুপ্তা (Puja Gupta) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী।তেওঁ প্ৰধানকৈ হিন্দী ছবিত কাম কৰে। ২০০৭ চনত ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ লগতে ২০০৭ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১০ খন চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত স্থান লাভ কৰে।
-
পেচেন্চ কুপাৰ
পেচেন্চ কুপাৰ (Patience Cooper; ১৯০৫–১৯৯৩) ভাৰতত জন্মগ্ৰহণ কৰা এগৰাকী পাকিস্তানী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। কলকাতাৰ ইংগ-ভাৰতীয় সম্প্ৰদায়ৰ কুপাৰে নিৰ্বাক আৰু সবাক দুয়োবিধ চলচ্চিত্ৰতে সফলতাৰে অভিনয় কৰি গৈছে। তেওঁ বলীউডৰ প্ৰথমাৱস্থাৰ এগৰাকী তাৰকা শিল্পী আছিল।
-
প্ৰতিভা ৰান্তা
প্ৰতিভা ৰান্তা (Pratibha Ranta; জন্ম: ১৭ ডিচেম্বৰ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত অভিনয় কৰে। টেলিভিছন ধাৰাবাহিক কুৰবান হুৱা (২০২০-২০২১)ৰ জৰিয়তে ৰান্তাই অভিনয় জগতত আত্মপ্ৰকাশ কৰে।
-
প্ৰিয়া ৰাজবংশ
প্ৰিয়া ৰাজবংশ (জন্ম: বেৰা সুন্দৰ সিং; Priya Rajvansh; ১৩০ ডিচেম্বৰ ১৯৩৬ – ২৭ মাৰ্চ ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে নিজৰ কৰ্মজীৱনৰ সময়ছোৱাত কৰা মুষ্টিমেয় ছবিৰ ভিতৰত হীৰ ৰাঞ্জা (১৯৭০) আৰু হসঁতে জখম (১৯৭৩) আদি হিন্দী ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
বাণী কাপুৰ
বাণী কাপুৰ(Vaani Kapoor; জন্ম: ২৩ আগষ্ট ১৯৮৮) হিন্দী চলচ্চিত্ৰত অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী। ৰোমাণ্টিক কমেডী ছবি ‘শুদ্ধ দেশী ৰোমাঞ্চ’ৰ জৰিয়তে বানীয়ে অভিনয় জীৱনত অভিষেক ঘটায়, যিখন ছবিয়ে সমালোচনাত্মক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে আৰু ‘শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশৰ বাবে…
-
বিজয়াশান্তি
বিজয়াশান্তি ( Vijayashanti; জন্ম: ২৪ জুন ১৯৬৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, প্ৰযোজক আৰু ৰাজনীতিবিদ। চল্লিছ বছৰীয়া চলচ্চিত্ৰ জীৱনত হিন্দী, কানাড়া আৰু মালয়ালমৰ উপৰিও প্ৰধানকৈ তেলেগু, তামিল ভাষাৰ চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰত ১৮৭খন ছবিত অভিনয় কৰিছে।
-
বিপাশা বসু
বিপাশা বসু সিং গ্ৰোভাৰ ( Bipasha Basu Singh Grover; জন্ম: ৭ জানুৱাৰী ১৯৭৯)[3] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। মূলতঃ হিন্দী ছবিৰ কামৰ বাবে পৰিচিত বিপাশাই তামিল, তেলেগু, বঙালী আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে। বসুৱে এটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা আৰু স্বীকৃতি লাভ কৰিছে।
-
ভাগ্যশ্ৰী
ভাগ্যশ্ৰী পটৱৰ্ধন (भाग्यश्री पटवर्धन; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬৯) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী। তেখেতে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ছবিৰ জগত আৰু টেলিভিছনৰ জগতত ভাগ্যশ্ৰী এক সুপৰিচিত আৰু প্ৰতিষ্ঠিত নাম।
-
মন্দিৰা বেদী
মন্দিৰা বেদী (Mandira Bedi; জন্ম ১৫ এপ্ৰিল ১৯৭২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, ফেশ্বন ডিজাইনাৰ, আৰু টেলিভিছনৰ উপস্থাপক৷ ১৯৯৪ চনত ভাৰতৰ ৰাষ্ট্ৰীয় চেনেল দূৰদৰ্শনত সম্প্ৰচাৰিত হোৱা শান্তি ত শীৰ্ষক চৰিত্ৰত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰিছিল। ২০১৯ চনত তেওঁ সাহো ছবিখনত এক নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল।
-
মমতা কুলকাৰ্ণী
মমতা কুলকাৰ্ণী (Mamta Kulkarni; জন্ম: ২০ এপ্ৰিল ১৯৭২) হিন্দী চলচ্চিত্ৰৰ এগৰাকী পৰিচিত অভিনেত্ৰী আৰু মডেল। আছিক আৱাৰা (১৯৯৩), ৱক্ত হামাৰা হায় (১৯৯৩), ক্ৰান্তিবীৰ (১৯৯৪), কৰণ অৰ্জুন (১৯৯৫), সবছে বড়া খিলাড়ী (১৯৯৫), আন্দোলন (১৯৯৫), বাজী (১৯৯৬), চাইনা গেট (১৯৯৮), চুপা ৰুস্তম: এ মিউজিকেল থ্ৰিলাৰ…
-
লীলা দেশাই
লীলা দেশাই ১৯৩০ আৰু ১৯৪০ দশকৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁৰ জন্ম হৈছিল ১৯০০ চনৰ আৰম্ভণিত। তেওঁ সংগীতজ্ঞ উমেদ্ৰম লালভাই দেশাই আৰু তেওঁৰ দ্বিতীয় পত্নী সত্যবালা দেৱীৰ কন্যা।
-
শিল্পা শুক্লা
শিল্পা শুক্লা (Shilpa Shukla) হৈছে ভাৰতৰ এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আৰু থিয়েটাৰ শিল্পী৷ তেওঁ ২০০৭ চনত মুক্তিপ্ৰাপ্ত ক্ৰীড়াভিত্তিক ড্ৰামা ছবি চক দে ইণ্ডিয়াত অভিনয় কৰি চৰ্চালৈ আহিছিল৷ ২০১৩ চনত তেওঁ নিঅ'-নয়ৰ চলচ্চিত্ৰ বি.এ.
-
শুভা খোটে
শুভা বালসাৱৰ (Shubha Balsavar Khote; জন্ম: খোটে, ৩০ আগষ্ট ১৯৩৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। কেইবাখনো হিন্দী আৰু কিছু সংখ্যক মাৰাঠী ভাষাৰ ছবিত কাম কৰিছে। তেওঁ সাঁতোৰ আৰু চাইক্লিঙৰ প্ৰাক্তন মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন।
-
শোভিতা ধূলিপালা
শোভিতা ধূলিপালা (Sobhita Dhulipala; জন্ম: ৩১ মে' ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ হিন্দী, মালয়ালম আৰু তেলেগু ছবিত কাম কৰে। তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৩ প্ৰতিযোগিতাত ফেমিনা মিছ ইণ্ডিয়া আৰ্থ ২০১৩ৰ খিতাপ জয় কৰে আৰু মিছ আৰ্থ ২০১৩ত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
শৰ্ৱৰী
শৰ্ৱৰী ৱাঘ (Sharvari Wagh; জন্ম: ১৪ জুন ১৯৯৭) শৰ্ৱৰী নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ২০১৫ চনত লাভ ৰঞ্জন আৰু সঞ্জয় লীলা ভণশালীৰ সহকাৰী পৰিচালক হিচাপে তেওঁ নিজৰ কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল।
-
সবিতা দেৱী
সবিতা দেৱী (Sabita Devi; ১৯১৪-৬৫) সবিতা দেৱী এগৰাকী নিৰ্বাক চলচ্চিত্ৰ যুগৰ তথা হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। মেহতাব, বিব্বো, দুৰ্গা খোটে, গোহৰ, দেৱিকা ৰাণী আৰু সীতা দেৱীৰ সৈতে তেওঁক ভাৰতীয় চিনেমাৰ "প্ৰাৰম্ভিক যুগ"ৰ অন্যতম "বিশিষ্ট" আগশাৰীৰ মহিলা বুলি কোৱা হয়। জন্মসূত্ৰে তেওঁ এগৰাকী ইহুদী আছিল।
-
সাগৰিকা ঘাটগে
সাগৰিকা ঘাটগে খান (Sagarika Ghatge Khan, জন্ম-৮ জানুৱাৰী ১৯৮৬) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ তেওঁ প্ৰধানকৈ হিন্দী ছবিত কাম কৰে। 'চক দে ইণ্ডিয়া' নামৰ চলচ্চিত্ৰখনত প্ৰীতি ছব্ৰৱাল নামৰ চৰিত্ৰটিৰ বাবে তেওঁ জনাজাত৷ ২০১৫ চনত তেওঁ ফিয়েৰ ফেক্টৰ-খতৰো কে খিলাড়ী ৬ত অংশগ্ৰহণ কৰি চূড়ান্ত…
-
সুমিত্ৰা দেৱী
সুমিত্ৰা দেৱী ( Sumitra Devi; ২২ জুলাই ১৯২৩ – ২৮ আগষ্ট ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি ১৯৪০ আৰু ১৯৫০ দশকৰ ভিতৰত হিন্দীৰ লগতে বাংলা চলচ্চিত্ৰৰ কামৰ বাবে পৰিচিত।
-
সুলভা দেশপাণ্ডে
সুলভা দেশপাণ্ডে ( Sulabha Deshpande; ১৯৩৭ – ৪ জুন ২০১১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নাট পৰিচালক আছিল। মুম্বাইৰ মাৰাঠী আৰু হিন্দী থিয়েটাৰৰ উপৰিও ৭৩খনতকৈও অধিক মূলসুঁতিৰ বলীউডৰ ছবিত অভিনয় কৰিছে।
-
সুহানী কলিতা
সুহানী কলিতা'(বেবী জীৱা নামেৰে তেলুগু চলচ্চিত্ৰত পৰিচিত) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল, যিয়ে তেলুগু, হিন্দী, মালায়ালম আৰু বাংলা চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ ২০০০ চনত হিন্দুস্থান - দ্য মাদাৰ চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে "নন্দী বঁটা" লাভ কৰিছিল।
-
সুৰভিন চাওলা
সুৰভিন চাওলা (Surveen Chawla, জন্ম ১ আগষ্ট ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু মডেল সুৰভিনে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কহি ট' হোগা আৰু কাজ্জল নামৰ জনপ্ৰিয় আৰু সফল টেলিভিছন অনুষ্ঠানৰ জৰিয়তে৷ হেইট ষ্টৰি (২০১৪), আগলি (২০১৩), পাৰ্চড (২০১৫), ২৪ (ভাৰতীয় টিভি চিৰিজ,২০১৬) আদিত আগবঢ়োৱা…
-
সোণম বাজৱা
সোণমপ্ৰীত বাজৱা (জন্ম: ১৬ আগষ্ট ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ পঞ্জাবী আৰু হিন্দী ছবিত কাম কৰে। পঞ্জাবী চিনেমাৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক পাৰিতোষিক পোৱা অভিনেত্ৰী বাজৱাই দুটাকৈ পি টি চি পঞ্জাবী ফিল্ম এৱাৰ্ড লাভ কৰাৰ লগতে চাৰিটাকৈ ফিল্মফেয়াৰ এৱাৰ্ডছ পঞ্জাবীৰ বাবে মনোনয়ন লাভ কৰিছে।