হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৮৪ প্ৰবন্ধ
-
ছাবা আজাদ
ছাবা আজাদ ( Saba Azad; জন্ম: ছাবা সিং গ্ৰেৱাল; ১ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাট পৰিচালক আৰু সংগীতজ্ঞ। মুম্বাইস্থিত ইলেক্ট্ৰ’ ফাংক যুটি মেডবয়/মিংকৰ এক অংশীদাৰ। ইণ্ডী ছবি “দিল কাবাডী”ত (২০০৮) তেওঁ অন্যতম মুখ্য ৰাগা হিচাপে বলীউডত আত্মপ্ৰকাশ কৰে।
-
ছাৰা অৰ্জুন
ছাৰা অৰ্জুন (Sara Arjun; জন্ম: ১৮ জুন ২০০৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ তামিল আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু বিজ্ঞাপনত অভিনয় কৰে। তেওঁ অভিনেতা ৰাজ অৰ্জুনৰ কন্যা। ছয় বছৰ বয়সৰ পূৰ্বেই তেওঁ ভালেসংখ্যক বিজ্ঞাপন আৰু এখন চুটি হিন্দী ছবিত অভিনয় কৰিছিল।
-
ছোফী চৌধৰী
ছোফী চৌধুৰী (ইংৰাজী: Sophie Choudry; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮২) ভাৰতত থিতাপি লোৱা এগৰাকী ব্ৰিটিছ কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত সক্ৰিয় হোৱাৰ উপৰিও এগৰাকী এমটিভি ইণ্ডিয়াৰ প্ৰাক্তন ভিডিঅ' জকী (VJ), মডেল আৰু দূৰদৰ্শন উপস্থাপিকা।
-
জয়াভাৰতী
জয়াভাৰতী (জন্ম:লেক্ষ্মী ভাৰতী; Jayabharathi; জন্ম: ২৮ জুন ১৯৫৪)) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু দুবাৰকৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা আৰু জুৰীৰ বিশেষ উল্লেখ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰাপক।
-
জাইৰা ৱাছিম
জাইৰা ৱাছিম (Zaira Wasim; জন্ম: ২৩ অক্টোবৰ ২০০০) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, যিয়ে হিন্দী ছবিত কাম কৰিছিল। ফিল্মফেয়াৰ বঁটা আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাকে ধৰি বহুতো প্ৰশংসা লাভ কৰা ৱাছিমক ২০১৭ চনত প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰেৰে সন্মানিত কৰা হয়।
-
জাৰা য়েছমিন
জাৰা য়েছমিন (Zaara Yesmin; জন্ম: ৮ জানুৱাৰী ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ইউটিউবত প্ৰায় ২০ কোটি ভিউ লাভ কৰা "সব কি বাৰাতেইঁ" শীৰ্ষক গীতটোৰ সংগীত ভিডিঅʼত অভিনয় কৰাৰ বাবে তেওঁ সুপৰিচিত। তেওঁ টেলিভিছন বিজ্ঞাপনতো অভিনয় কৰিছে। ২০১৬ চনত, তেওঁ "ফেমিনা ষ্টাইল ডিভা ইষ্ট" খিতাপ লাভ কৰিছিলৰে।
-
জেছমিন বাজৱা
জেচমিন বাজৱা (Jasmin Bajwa) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ প্ৰধানকৈ পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। বাজৱাই পঞ্জাবী ৱেব ধাৰাবাহিক য়াৰ জিগ্ৰী কাছুতী ডিগ্ৰীত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰে আৰু ছুৰমাত অভিনয়েৰে হিন্দী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
জেনেলিয়া ডিছুজা
জেনেলিয়া দেশমুখ (ওৰফে দিছুজা; জন্ম ৫ আগষ্ট ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ জেনেলিয়াই তেলেগু, হিন্দী, তামিল, কানাড়া আৰু মালায়ালম ভাষাৰ একাধিক ছবিত অভিনয় কৰিছে৷ অমিতাভ বচ্চনৰ সৈতে পাৰ্কাৰ কলমৰ বিজ্ঞাপনত অভিনয় কৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা জেনেলিয়াই ২০০৩ চনত তুঝে মেৰি কছম নামৰ…
-
ডায়েনা পেণ্টী
ডায়েনা পেন্টি (জন্ম ২ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ হিন্দী ছবিত কাম কৰে। ২০০৫ চনত তেওঁৰ মডেলিং কেৰিয়াৰ আৰম্ভ হয় যেতিয়া তেওঁক এলিট মডেলছ ইণ্ডিয়াৰ দ্বাৰা চুক্তিবদ্ধ কৰা হয়।
-
তনয়া মণিকতালা
তনয়া মণিকতালা (Tanya Maniktala(জন্ম-৭ জুলাই ১৯৯৭)হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক সততে হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু চিৰিজত দেখা যায়৷ ২০১৮ চনত ফ্লেমছ আৰু ২০২০ চনত এ ছুইটেবল বয় নামৰ দুখন ৱেব-ছিৰিজত অভিনয় কৰি তেওঁ পৰিচিতি লাভ কৰে৷ ২০২৩ চনত তেওঁ কিল নামৰ একছনধৰ্মী হিন্দী ছবিত অভিনয় কৰে৷
-
তাৰা শৰ্মা
তাৰা শৰ্মা (ইংৰাজী: Tara Sharma; জন্ম: ১১ জানুৱাৰী ১৯৭৭) এগৰাকী ভাৰতীয়-ব্ৰিটিছ অভিনেত্ৰী, উদ্যোগী, সৃষ্টিকৰ্তা, সহ-প্ৰযোজক আৰু দ্য তাৰা শৰ্মা শ্বোৰ আঁতধৰোঁতা। তেওঁ লেখক প্ৰতাপ শৰ্মা আৰু চুজান শৰ্মাৰ কন্যা। ২০০২ চনত অনুপম খেৰৰ পৰিচালনাৰে নিৰ্মিত ওম জয় জগদীশ ছবিৰ জৰিয়তে তেওঁ বলিউডত আত্মপ্ৰকাশ কৰে।
-
ত্ৰিধা চৌধুৰী
ত্ৰিধা চৌধুৰী (Tridha Choudhury; জন্ম: ২২ নৱেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, বাংলা আৰু তেলেগু চলচ্চিত্ৰ আৰু ধাৰাবাহিকত অভিনয় কৰে। তেওঁ টাইমছ অৱ ইণ্ডিয়াৰ ক্লিন এণ্ড ক্লিয়াৰ ফ্ৰেছফেচ, ২০১১ খিতাপ অৰ্জন কৰিছিল।
-
তৰিণা পেটেল
তৰিণা পেটেল হৈছে দক্ষিণ আফ্ৰিকাৰ অভিনেত্ৰী, চলচিত্ৰ প্ৰযোজক, মডেল আৰু টেলিভিছন পৰিচালিকা। তেওঁ কেইপ টাউনত জন্ম গ্ৰহণ কৰি ডাৰ্বানত ডাঙৰ-দীঘল হৈছিল। তেওঁ অক্ষয় কুমাৰৰ ভূল ভুলৈয়া নামৰ ভৌতিক-কমেডি চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
দিশা পাটানি
দিশা পাটানি(:Disha Patani, উচ্চাৰণ [ˈd̪ɪʃa paːʈəˈni]; জন্ম ১৩ জুন ১৯৯২ ) এগৰাকী ভাৰতীয় অভিনেত্ৰী,তেওঁ মূলতঃ হিন্দী ছবিত অভিনয় কৰি আহিছে। পাটানীয়ে তেলেগু ছবি লোফাৰ (২০১৫)ৰ জৰিয়তে অভিনয়ত অভিষেক ঘটায়, আৰু হিন্দী চলচ্চিত্ৰত প্ৰথম মুক্তি পায় জীৱনীমূলক ছবি এম.এছ. ধোনী: অকথিত কাহিনী (২০১৬)ৰ জৰিয়তে।
-
দীপিকা চিখলিয়া
দীপিকা চিখলিয়া টোপীৱালা (Dipika Chikhlia Topiwala, জন্ম: ২৯ এপ্ৰিল ১৯৬৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক ৰামানন্দ সাগৰৰ জনপ্ৰিয় টেলিভিচন ধাৰাবাহিক ৰামায়ণ (১৯৮৭) -ত সীতা দেৱীৰ চৰিত্ৰত আৰু ভাৰতীয় টেলিভিচন ধাৰাবাহিকত অভিনয় কৰাৰ বাবে অধিক জনা যায়।
-
দেৱিকা
দেৱিকা দেৱদোছ (জন্ম: প্ৰমীলা দেৱী; Devika Devadoss; ২৫ এপ্ৰিল ১৯৪৩ – ২ মে' ২০০২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলুগুৰ উপৰিও কেইখনমান মালয়ালম, কানাড়া, আৰু হিন্দী ছবিত কাম কৰিছিল। তেওঁ ষাঠিৰ দশকৰ অন্যতম জনপ্ৰিয় মুখ্য অভিনেত্ৰী।
-
নিকিতা দত্ত
নিকিতা দত্ত(Nikita Dutta; জন্ম:-১৩ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। ২০১২ চনৰ ফেমিনা মিছ ইণ্ডিয়াত অংশগ্ৰহণ কৰাৰ পিছত ৰোমাণ্টিক-ড্ৰামা লেকৰ হম দীৱানা দিল (২০১৪)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
নীৰু বাজৱা
নীৰু বাজৱা (ইংৰাজী: Neeru Bajwa; জন্ম: ২৬ আগষ্ট ১৯৮০) এগৰাকী কানাডিয়ান অভিনেত্ৰী, পৰিচালিকা আৰু প্ৰযোজিকা, যিয়ে মূলতঃ পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰকে ধৰি ভাৰতীয় চিনেমাৰ সৈতে জড়িত।
-
নেহা শৰ্মা
নেহা শৰ্মা (Neha Sharma; জন্ম: ২১ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু ব্যৱসায়ী মহিলা। শৰ্মাই য়ামলা পাগলা দীৱানা ২ (২০১৩), চʼলʼ (২০১৭) আৰু তান্থাজী (২০২০)কে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। ২০২০ চনত ইল্লিগেল নামৰ ধাৰাবাহিকত অভিনয়েৰে ৱেবত আত্মপ্ৰকাশ কৰিছিল।
-
পাণ্ডাৰী বাই
পাণ্ডাৰী বাই ( Pandari Bai; ১৮ ছেপ্তেম্বৰ ১৯২৮- ২৯ জানুৱাৰী ২০০৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে ১৯৫০, ১৯৬০ আৰু ১৯৭০ৰ দশকত দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত, বিশেষকৈ কানাড়া ছবিত কাম কৰিছিল। তেওঁক কানাড়া চিনেমাৰ প্ৰথম সফল নায়িকা হিচাপে গণ্য কৰা হয়।
-
পি কন্নাম্ব
পছুপুলেটি কন্নাম্ব ( Pasupulēţi Kannāṃba; ৫ অক্টোবৰ ১৯১১ – ৭ মে’ ১৯৬৮) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু তেলেগু ছবিৰ প্ৰযোজক। ১৯৩০ দশকৰ পৰা ১৯৬০ দশকলৈ তেওঁ ১৭০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু তেলেগু আৰু তামিল ভাষাত প্ৰায় ২৫ খন ছবি নিৰ্মাণ কৰিছিল।
-
পুনম ধিল্লোঁ
পুনম ধিল্লোঁ (Poonam Dhillon; জন্ম: ১৮ এপ্ৰিল ১৯৬২) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। তেওঁ ১৯৭৮ চনৰ এগৰাকী প্ৰাক্তন ইভছ উইকলি মিছ ইয়ং ইণ্ডিয়া। ১৯৭৯ চনৰ ছবি নুৰীৰ বাবে বেছিকৈ পৰিচিত।
-
পুনম সিনহা
পুনম সিনহা (জন্ম: চন্দিৰামানী; ৩ নৱেম্বৰ ১৯৪৯; Poonam Sinha) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন অভিনেত্ৰী আৰু ফেশ্বন মডেল। তেওঁ কৰ্মজীৱনৰ প্ৰাৰম্ভিক কালছোৱাত কোমল পৰ্দাৰ নামেৰ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
পূজা হেগড়ে
পূজা হেগড়ে (জন্ম ১৩ অক্টোবৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত তেলুগু, হিন্দী আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম।
-
প্ৰণিতা সুভাষ
প্ৰণিতা সুভাষ (ইংৰাজী: Pranitha Subhash; জন্ম: ১৭ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কন্নড়, তেলুগু, তামিল, হিন্দী আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। ২০১০ চনৰ কানাড়া ছবি পুৰ্কীৰ জৰিয়তে তেওঁ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
প্ৰাচী দেশাই
প্ৰাচী দেশাই (Prachi Desai; জন্ম-১২ ছেপ্টেম্বৰ ১৯৮৮) প্ৰাচী লাক্স লায়ৰাৰ এগৰাকী ব্ৰেণ্ড এম্বাছাদৰ।
-
ফিৰোজা বেগম
ফিৰোজা বেগম (Firoza Begum) এগৰাকী ইহুদী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ কেইবাখনো বলীউড আৰু মলিউড ছবিত অভিনয় কৰিছিল। ১৯২০ আৰু ১৯৩০ দশকত তেওঁ যথেষ্ট জনপ্ৰিয় আছিল।
-
বলজিন্দৰ কৌৰ
বলজিন্দৰ কৌৰ (Baljinder Kaur) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হাৰিয়ানৱী, হিন্দী আৰু তামিল ছবিত অভিনয় কৰিছে।
-
বাণীশ্ৰী
বাণীশ্ৰী (জন্ম:ৰত্না কুমাৰী; Vanisri ) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ তেলেগু, তামিল আৰু কানাড়া ছবিৰ কামৰ বাবে পৰিচিত। ৪০ বছৰীয়া চলচ্চিত্ৰীয় জীৱনত তেওঁ তিনিটা ফিল্মফেয়াৰ বঁটা দক্ষিণ, নন্দী বঁটা আৰু তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
বিজয়তা পণ্ডিত
বিজয়তা পণ্ডিত ( Vijayta Pandit ) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী। তেওঁৰ প্ৰথম ছবি লাভ ষ্ট'ৰীৰ (১৯৮১) বাবে বিখ্যাত।