অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কজ্জনবাঈ

জাহানাৰা কজ্জন বা মিচ কজ্জন ( Jahanara kajjan, ১৫ ফেব্ৰুৱাৰী ১৯১৫- ডিচেম্বৰ ১৯৪৫) প্ৰাৰম্ভিক সবাক চলচ্চিত্ৰৰ একচ্ছত্ৰী সম্ৰাজ্ঞী, প্ৰশিক্ষিত শাস্ত্ৰীয় কণ্ঠশিল্পী, ফেচন আইকন, ধাৰা প্ৰৱৰ্তক জাহানাৰা কজ্জনক ‘লাৰ্ক অফ হিন্দী চিনেমা’ ‘বিউটিফুল নাইটিংগেল অফ বেংগল স্ক্ৰীণ’ বুলি জনা যায়।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৫৭ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জাহানাৰা কজ্জন বা মিচ কজ্জন ( Jahanara kajjan, ১৫ ফেব্ৰুৱাৰী ১৯১৫- ডিচেম্বৰ ১৯৪৫)১ প্ৰাৰম্ভিক সবাক চলচ্চিত্ৰৰ একচ্ছত্ৰী সম্ৰাজ্ঞী, প্ৰশিক্ষিত শাস্ত্ৰীয় কণ্ঠশিল্পী, ফেচন আইকন, ধাৰা প্ৰৱৰ্তক জাহানাৰা কজ্জনক ‘লাৰ্ক অফ হিন্দী চিনেমা’ ‘বিউটিফুল নাইটিংগেল অফ বেংগল স্ক্ৰীণ’ বুলি জনা যায়। তেওঁ মাষ্টাৰ নিছাৰৰ সৈতে মঞ্চ আৰু চলচ্চিত্ৰৰ বাবে গীত আৰু অভিনয়ৰ সকলোতকৈ জনপ্ৰিয়যুটীটো নিৰ্মাণ কৰিছিল।২

জীৱনী

১৯১৫ চনৰ ১৫ ফেব্ৰুৱাৰীত জন্ম হোৱা কজ্জনবাঈৰ মাক আছিল লক্ষ্ণৌৰ সৌন্দৰ্য আৰু গীত গোৱাৰ পাৰদৰ্শিতাৰ বাবে অতি প্ৰখ্যাত সুগন বেগম আৰু দেউতাক আছিল ভাগলপুৰৰ নবাব চাম্মি চাহেব। কজ্জনে ঘৰতে শিক্ষাগ্ৰহণ কৰিছিল আৰু ইংৰাজী কথোপকথনত দক্ষ হৈ উঠে। অদা ছদ্মনামেৰে তেওঁ উৰ্দু কবিতা ৰচনা কৰিছিল। তেওঁ পাটনাৰ ওস্তাদ হুছেইন খানৰ পৰা হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ তালিম গ্ৰহণ কৰে। তেওঁ পাটনাৰ মঞ্চত অভিনয় আৰম্ভ কৰে। তাৰপিছত তেওঁ মদন থিয়েটাৰৰ মালিকানাধীন আলফ্ৰেদ কোম্পানীত অংশগ্ৰহণ কৰে। তেওঁ মঞ্চাভিনেত্ৰী আৰু কণ্ঠশিল্পী হিচাপে যশস্যা অৰ্জন কৰিছিল।

সবাক চলচ্চিত্ৰৰ আবিষ্কাৰে চলচ্চিত্ৰ উদ্যোগটোলৈ বৈপ্লৱিক পৰিবৰ্তন আনিছিল। কলিকতাৰ মদন থিয়েটাৰেও তেওঁলোকৰ আগা হাচাৰ কাশ্মিৰী ৰচিত মঞ্চনাট চিৰিঁ ফাৰহাদক চলচ্চিত্ৰ ৰূপ দিয়ে। ইতিমধ্যে মঞ্চত জনপ্ৰিয়তা অৰ্জন কৰা যুটী কজ্জন আৰু নিচাৰে অভিনয় কৰা এই ছবিখনত ৪২টা গীত আছিল। চিৰিঁ ফাৰহাদ-এ ভাৰতৰ প্ৰথম সবাক ছবি আলমআৰাতকৈ ভাল ব্যৱয়াস কৰিবলৈ সক্ষম হয় আৰু ই কজ্জনক হিন্দী চিনেমাৰ প্ৰথম চুপাৰষ্টাৰ হিচাপে প্ৰতিষ্ঠা দিয়ে।৩ ইয়াৰ পিছতে মুক্তি পায় চুপাৰহিট ছবি- ক্ৰমে লাইলা মজনু আৰু ইন্দ্ৰসভাই। আগা হাচান আমানত ৰচিত নাটকৰ আধাৰত নিৰ্মাণ কৰা ইন্দ্ৰসভাত ৭১টা গীত আছিল আৰু এইখনে হ’ল এতিয়ালৈ নিৰ্মিত সৰ্বাধিক গীত থকা চলচ্চিত্ৰ। চাৰে তিনিঘণ্টীয়া এই ছবিখন আছিল গীত আৰু ছন্দৰ সমাহাৰ। কজ্জনৰ আন কেইখন ছবি হ’ল- বিল্বমংগল, শকুন্তলা, আলিবাবা ঔৰ চল্লিশ চোৰ, আঁখ কা নচা, জহৰিলে সাপ আদি।৪

১৯৩৬ চনৰ মাজভাগলৈ মদন থিয়েটাৰৰ গৰাকী শেঠ কাৰনানীৰ সৈতে তেওঁৰ সম্পৰ্কৰ অৱনতি ঘটে আৰু তেওঁ মদন থিয়েটাৰ এৰি যায় আৰু তেওঁ কাৰনানীৰ আইনী গোচৰৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ ফলত তেওঁ কলিকতাত থকা তেওঁৰ হাউলী আৰু সকলো সম্পত্তি বিক্ৰী কৰি দিয়ে। তেওঁ ১৯৩৮ চনৰ আৰম্ভণিতে কলিকতা এৰি যায় আৰু তেওঁৰ নিজৰ থিয়েটাৰ কোম্পানী জাহানাৰা থিয়েটাৰিকেল কোম্পানী প্ৰতিষ্ঠা কৰে। এই মঞ্চ প্ৰকল্পত সেই দিনতে ৬০,০০০ টকা খৰচ হৈছিল। জাহানাৰা কোম্পানীয়ে লাহোৰ, অমৃতসৰ, মুলতান, দিল্লী আৰু মুম্বাই আদি ভাৰতৰ বিভিন্ন ঠাইত নাট্য প্ৰদৰ্শন আৰম্ভ কৰে। কিন্তু তেওঁৰ স্বাস্থ্য ভাঙি পৰিবলৈ আৰম্ভ কৰাত মাতৃ সুগন বাঈৰ সৈতে বোম্বেত বসতি স্থাপন কৰিব লগা হ’ল। তেওঁ বোম্বেৰ চলচ্চিত্ৰ উদ্যোগত কাম কৰা আৰম্ভ কৰিছিল। অৱশ্যে এয়া ১৯৪১ চনৰ পৰা ১৯৪৪ চনলৈ অতি কম সময়ৰ বাবেহে আছিল। তেওঁ বোম্বেৰ সাতখন চলচ্চিত্ৰত অভিনয় কৰিছিল; বেছিভাগ ৰঞ্জিত ফিল্মছ, চানৰাইজ পিকচাৰৰ্ছ আৰু মিনাৰ্ভা ফিল্মছ নিৰ্মিত চলচ্চিত্ৰ। ইয়াৰ ছোহৰাব মোদীৰ পৃথিৱী বল্লভৰ বাহিৰে কোনোখনে কজ্জনৰ বাবে গুৰুত্বপূৰ্ণ ছবি নাছিল। বোম্বেত তেওঁ কাম কৰা ছবি সমূহ হল- ঘৰ সংসাৰ, সুহাগন, ভাৰুথাৰি, প্ৰাৰ্থনা, মাৰ্চেণ্ট অফ ভেনিচ, আৰু ৰঞ্জিত ফিল্মছৰ মুমতাজ মহল, য’ত তেওঁ নুৰ জাহানৰ চৰিত্ৰত অভিনয় কৰিছিল।৫৬

উৎস

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Plan Neville. (24 December 2015). A gem called Jahanara Kajjan. The Hindu
  2. ↑ Orsini 2006: 272
  3. ↑ Ashok Damodar Ranade. (2006). Hindi Film Song: Music Beyond Boundaries. Bibliophile South Asia. পৃ. 94–. ISBN 978-81-85002-64-4
  4. ↑ Manoj Srivastava. (6 December 2017). Wide Angle: History of Indian Cinema. Notion Press. পৃ. 20–. ISBN 978-1-946280-48-0
  5. ↑ Rani Burra; India. Directorate of Film Festivals. (1981). Looking back, 1896-1960. Directorate of Film Festivals, Ministry of Information and Broadcasting
  6. ↑ Uwe Skoda; Birgit Lettmann. (30 October 2017). India and Its Visual Cultures: Community, Class and Gender in a Symbolic Landscape. SAGE Publishing India. পৃ. 67–. ISBN 978-93-86446-69-5

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কণ্ঠশিল্পীভাৰতীয় অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কজ্জনবাঈ” প্ৰবন্ধৰ সংশোধন ৬৩২১৮৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।