হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৮৪ প্ৰবন্ধ
-
সপ্তমী গৌড়া
সপ্তমী গৌড়া (Sapthami Gowda; জন্ম: ৮ জুন ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০২০ চনত তেওঁ দুনিয়া সূৰীৰ পৰিচালনাত নিৰ্মিত পপকৰ্ণ মাংকি টাইগাৰ ছবিত অভিনয়েৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
সাহেৰ বাম্বা
সাহেৰ বাম্বা (জন্ম ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত হিন্দী চলচ্চিত্ৰ আৰু শৃংখলাত কাম কৰে। তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ পল পল দিল কে পাশ (২০১৯) ৰ জৰিয়তে।
-
সিমৰত কৌৰ
সিমৰত কৌৰ ৰন্ধাৱা (Simrat Kaur Randhawa; জন্ম: ১৬ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৭ চনত, তেওঁ প্ৰেমথো মী কাৰ্তিক নামৰ তেলুগু ভাষাৰ ছবি এখনত অভিনয়েৰে ছবিজগতত প্ৰৱেশ কৰে।
-
সুমা ভট্টাচাৰ্য
সুমা ভট্টাচাৰ্য (ইংৰাজী: Suma Bhattacharya) এগৰাকী প্ৰতিষ্ঠিত ফিনটেক উদ্যমী, মডেল, নৃত্যশিল্পী আৰু প্ৰাক্তন চলচ্চিত্ৰ অভিনেত্ৰী। বৰ্তমান তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে পৰিচিত।
-
সুস্মিতা মুখাৰ্জী
সুস্মিতা মুখাৰ্জী (ইংৰাজী: Sushmita Mukherjee; জন্ম: ১১ নৱেম্বৰ ১৯৬৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ কেৰিয়াৰ হিন্দী চিনেমা, টেলিভিছন আৰু থিয়েটাৰত বিস্তৃত হৈ আছে। টেলিভিছন ধাৰাবাহিক গংগা আৰু গোলমাল: ফান আনলিমিটেড (২০০৬) ছবিত কৰা অভিনয়ৰ বাবে তেওঁ ব্যাপকভাৱে পৰিচিত হৈছিল।
-
সোনালিকা প্ৰসাদ
সোনালিকা প্ৰসাদ (ইংৰাজী: Sonalika Prasad; জন্ম: ৫ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ ভোজপুৰী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে। অনুষ্ঠান পৰিচালনা বা হোষ্টিঙৰ বাবে তেওঁ এগৰাকী জনাজাত ব্যক্তি।
-
সৌন্দৰ্য শৰ্মা
সৌন্দৰ্য শৰ্মা (Soundarya Sharma; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১৭ চনত, তেওঁ ৰোমাণ্টিক নাট্যধৰ্মী ছবি ৰাঞ্চি ডায়েৰীছত অভিনয়েৰে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ২০২২ চনত, তেওঁ কালাৰছ টিভিৰ ৰিয়েলিটি শ্ব' বিগ বছ ১৬-ত অংশগ্ৰহণ কৰে।
-
স্নেহা উল্লাল
স্নেহা উল্লাল (জন্ম: ১৮ ডিচেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তেলুগু আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ বিশেষকৈ তেলুগু চলচ্চিত্ৰ Ullasamga Utsahamga, Simha আৰু হিন্দী চলচ্চিত্ৰ Lucky: No Time for Love-ত তেওঁৰ অভিনয়ৰ বাবে জনাজাত।
-
স্বস্তিকা মুখাৰ্জী
স্বস্তিকা মুখাৰ্জী (বাংলা: স্বস্তিকা মুখোপাধ্যায়; জন্ম: ১৩ ডিচেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত বাংলা আৰু হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত অভিনয় কৰে। তেওঁ অভিনেতা সন্তু মুখাৰ্জীৰ কন্যা।
-
স্বাতী সেন
স্বাতী সেন (ইংৰাজী: Swati Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁৰ জন্ম মহাৰাষ্ট্ৰৰ নাগপুৰত হৈছিল। তেওঁ মূলতঃ উদেধ বুন নামৰ ছবিখনৰ চৰিত্ৰৰ বাবে পৰিচিত, যিখন ছবিয়ে ২০০৮ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ ৰূপালী ভালুক (চিলভাৰ বিয়েৰ) লাভ কৰিছিল।
-
হেজেল ক্ৰাউনী
হেজেল ক্ৰাউনী (ইংৰাজী: Hazel Crowney; যাক হেজেল ক্ৰোনী বুলিও লিখা হয়) এগৰাকী ইংৰাজ অভিনেত্ৰী আৰু মডেল। তেওঁ কেইবাটাও বিজ্ঞাপন অভিযান আৰু কিছুমান বলীউডৰ চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰমোলা দেৱী
ৰমোলা দেৱী (৭ জুলাই ১৯১৭ – ১০ ডিচেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় জিউ ইহুদি অভিনেত্ৰী। তেওঁ ৰেচেল ক'হেন নামেৰে জন্মগ্ৰহণ কৰে আৰু ১৯৪১ চনৰ চলচ্চিত্ৰ খাজাঞ্চীৰ সৈতে খ্যাতি লাভ কৰে। ১৯৪০ৰ দশকৰ ভাৰতৰ সফল অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম আছিল আৰু ১৯৫১ চনত তেওঁৰ অভিনয় জীৱন সমাপ্ত হয়।
-
ৰম্ভা (অভিনেত্ৰী)
য়েদী বিজয়লক্ষ্মী (জন্ম: ৫ জুন ১৯৭৬), পেচাগতভাৱে ৰম্ভা (ইংৰাজী: Rambha) নামেৰে পৰিচিত এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৯০ৰ দশক আৰু ২০০০ৰ দশকৰ আৰম্ভণিত ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম প্ৰধান অভিনেত্ৰী আছিল।
-
ৰাজশ্ৰী (অভিনেত্ৰী)
ৰাজশ্ৰী শান্তাৰাম (Rajashree Shantaram; জন্ম: ৮ অক্টোবৰ ১৯৪৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু তেওঁ ৰাজশ্ৰী নামেৰেও পৰিচিত। জানোৱাৰ আৰু ব্ৰহ্মচাৰী ছবিৰ কামৰ বাবে তেওঁ অধিক পৰিচিত।
-
ৰাজেশ্বৰী সচদেৱ
ৰাজেশ্বৰী সচদেৱ (; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) শ্যাম বেনেগালৰ ছবি চৰ্দাৰী বেগমত (১৯৯৬) অভিনয় কৰি পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাৰ বাবে তেওঁ ১৯৯৭ চনত শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
ৰায় লক্ষ্মী
লক্ষ্মী ৰায় এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল. যিয়ে প্ৰধানকৈ তামিল, মালয়ালম, তেলেগু, কানাড়া আৰু হিন্দী ভাষাত কাম কৰে। পেছাগতভাৱে তেওঁক ৰায় লক্ষ্মী হিচাপে জনাজাত। ৰায় লক্ষ্মীৰ জন্ম হৈছিল কৰ্ণাটকৰ বাংগালুৰুত ৰাম ৰায় আৰু মঞ্জুলা ৰায়ৰ ঘৰত। তেওঁৰ পৰিয়াল বেলগামলৈ স্থানান্তৰিত হয়।
-
ৰিচা আহুজা
ৰিচা আহুজা এগৰাকী পূৰ্ব ভাৰতীয় অভিনেত্ৰী। তেওঁ ১৯৯২ চনৰ পৰা ২০০১ চনলৈকে হিন্দী, তামিল, ইংৰাজী আৰু ফৰাচী ভাষাৰ চলচ্চিত্ৰ আৰু নাটকৰ ক্ষেত্ৰত অভিনয় কৰিছিল। কিন্তু তাৰ পিছত তেওঁক চলচ্চিত্ৰ জগতত দেখিবলৈ পোৱা নগ'ল।
-
ৰীমা সেন
ৰীমা সেন (ইংৰাজী: Reema Sen; জন্ম: ২৯ অক্টোবৰ ১৯৮১) এগৰাকী প্ৰাক্তন ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে মূলতঃ তামিল, তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
ৰুক্সাৰ ঢিল্লোন
ৰুক্সাৰ ঢিল্লোন (জন্ম: ১২ অক্টোবৰ ১৯৯৩) এজন ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ তেলুগু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ লণ্ডনত জন্মগ্ৰহণ কৰে আৰু ভাৰতত ডাঙৰ হয়। ২০১৬ চনত কন্নড় চলচ্চিত্ৰ ৰান এণ্টনিৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভ কৰে।
-
ৰূপল পেটেল
ৰূপল পেটেল দত্ত (ইংৰাজী: Rupal Patel; জন্ম: ১৯৬৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ভাৰতৰ অন্যতম দীৰ্ঘদিনীয়া ধাৰাবাহিক সাথ নিভানা সাথিয়াত (২০১০–২০১৭) কোকিলা মোডীৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰেচেল হোৱাইট
ৰেচেল হোৱাইট (ইংৰাজী: Rachel White) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, গীত ৰচনাৰ সৈতে জড়িত সংগীত শিল্পী আৰু কলাকাৰ যিয়ে মূলতঃ হিন্দী আৰু বাংলা ছবিত কাম কৰে। তেওঁ বলীউডৰ ছবি উংলী (২০১৪) আৰু বাংলা ছবি হৰ হৰ ব্যোমকেশ (২০১৫), দেৱী (২০১৭) আৰু ৱান (২০১৭)-ত অভিনয় কৰিছে।
-
ৰেহানা
ৰেহানা অঞ্জুমান চৌধুৰী ( Rehana Anjuman Choudhary; ১০ মাৰ্চ ১৯৩১ – ২৩ এপ্ৰিল ২০১৩), বা চমুকৈ ৰেহানা এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ মূলতঃ ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত কাম কৰিছিল। তেওঁক "দ্য কুইন অফ চাৰ্ম" আৰু "দ্য ডান্সিং ডেমচেল অফ বম্বে" নামেৰেও জনা যায়।
-
ৰেহানা চুলতান
ৰেহানা চুলতান ( Rehana Sultan ) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৭০ চনৰ প্ৰশংসিত ছবি দস্তকৰ মূল চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। তেওঁ পুনেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান (FTII) স্নাতক।
-
ৱালুছা ডি চুজা
ৱালুছা ডি চুজা (ইংৰাজী: Waluscha De Sousa; জন্ম: ২৮ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ ২০১৬ চনৰ হিন্দী ছবি ফেনৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল, য’ত তেওঁ শ্বাহৰুখ খানৰ বিপৰীতে অভিনয় কৰিছিল।