আচলা সচদেৱ (Achala Sachdev) (৩ মে' ১৯২০ – ৩০ এপ্ৰিল ২০১২) হিন্দী ভাষাৰ চলচ্চিত্ৰ জগতৰ ক্লাছিক ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল, যি শিশু অভিনেতা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। পিছলৈ হিন্দী ছবিত মাতৃ আৰু আইতাকৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত হৈছিল। তেওঁৰ আটাইতকৈ স্মৰণীয় চৰিত্ৰ আছিল ৱক্ত (১৯৬৫); যিখন ছবিত তেওঁ বলৰাজ সাহনীৰ পত্নীৰ ভূমিকা ৰূপায়ণ কৰিছিল৷ আনহাতে দিলৱালে দুলহানিয়া লে জায়েংগে (১৯৯৫) ছবিত তেওঁ কাজলৰ আইতাকৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।
প্ৰাৰম্ভিক জীৱন
১৯২০ চনৰ ৩ মে'ত পেশ্বোৱাৰত আচলা সচদেৱৰ জন্ম হৈছিল৷
কৰ্মজীৱন
আচলাই ভাৰত বিভাজনৰ পূৰ্বে লাহোৰৰ অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল আৰু তাৰ পিছত দিল্লী অল ইণ্ডিয়া ৰেডিঅ'ত কাম কৰিছিল।১ আচলাই ফেশ্বনেবল ৱাইফ (১৯৩৮) ছবিৰে চলচ্চিত্ৰত অভিষেক ঘটায়, আৰু ১৩০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰে। য়শ চোপ্ৰাৰ প্ৰথম প্ৰডাকচন ডাগ: এ পয়েম অৱ লাভ (১৯৭৩)ৰ পৰা আৰম্ভ কৰি চান্দনী (১৯৮৯) আৰু দিলৱালে দুলহনিয়া লে জায়েংগে (১৯৯৫) আদি ছবিৰ পৰা আৰম্ভ কৰি বহু যশ ৰাজৰ বহু ফিল্মত অভিনয় কৰিছে। মাৰ্ক ৰবছনৰ নাইন আৱাৰছ টু ৰামা (১৯৬৩) আৰু মাৰ্চেণ্ট আইভৰীৰ দ্য হাউছহোল্ডাৰ (১৯৬৩) আদি ইংৰাজী ছবিত অভিনয় কৰাৰ উপৰিও তেওঁৰ আন আন উল্লেখযোগ্য ছবিসমূহ আছিল প্ৰেম পূজাৰী, মেৰা নাম জোকাৰ, হৰে ৰামা হৰে কৃষ্ণ আৰু আন্দাজ।২ কিন্তু তেওঁৰ আটাইতকৈ উল্লেখযোগ্য ভূমিকা ৱক্ত (১৯৬৫) ছবিখনত বলৰাজ চাহানীৰ পত্নী হিচাপে৷ যিখন ছবিত তেওঁৰ ওপৰত হিট গীত এ মেৰী জোহৰা জাবিন চিত্ৰিত কৰা হৈছিল।৩৪
ব্যক্তিগত জীৱন
পুনেৰ ভোছাৰী ঔদ্যোগিক বাগিচাত মৰিছ ইলেক্ট্ৰনিকছ নামৰ এটা কাৰখানা থকা ক্লিফৰ্ড ডগলাছ পিটাৰ্ছৰ সৈতে বিবাহপাশত আবদ্ধ হৈ আচালা পুনেৰ বাসিন্দা হৈছিল। পিছলৈ এই কাৰখানাটো পিৰামাল গ্ৰুপক বিক্ৰী কৰা হয়।৪৫ প্ৰায় চলচ্চিত্ৰৰ দৰে ৰূপত মুম্বাইৰ এখন ছবিৰ চেটত যশ চোপ্ৰাই পিটাৰ্ছৰ সৈতে সচদেৱক চিনাকি কৰাই দিয়ে। তেতিয়ালৈকে পিটাৰৰ প্ৰথম পত্নীৰ মৃত্যু হৈছিল আৰু সচদেৱ নিজেই বিবাহ বিচ্ছেদিত হৈ আছিল। তেওঁ বিয়া পাতিলে। মেকানিকেল ইঞ্জিনিয়াৰ পিটাৰ্ছৰ ভোছাৰীত এটা কাৰখানা আছিল আৰু হাদাপছাৰলৈ স্থানান্তৰিত হোৱাৰ আগতে কিছুদিন একেটা অঞ্চলতে বাংলোত বাস কৰিছিল। পিটাৰ্ছৰ মৃত্যুৰ পিছত আচলা অকলে থাকিল। মৃত্যুৰ পাঁচ বছৰ আগতে তেওঁ পুনেত থকা নিজৰ ফ্লেটটো জনসেৱা ফাউণ্ডেশ্যন নামৰ এটা দাতব্য সংস্থাক এই চৰ্তত দিছিল যে তেওঁ জীয়াই থকালৈকে তেওঁলোকে তেওঁৰ যত্ন ল'ব লাগিব।৬
২০১১ চনৰ ছেপ্টেম্বৰ মাহত আচলা পিছলি খাই নিজৰ পাকঘৰত পৰিল। তেওঁৰ ভৰিখন ভাঙি যায়। ইয়াৰ পিছত তেওঁৰ মগজুত বহুবিধ এম্ব’লিজম (ৰক্তবাহী নলী বন্ধ হৈ পৰা) ধৰা পৰে। ইয়াৰ ফলত সম্পূৰ্ণ পক্ষাঘাতগ্ৰস্ত হৈ তেওঁ দৃষ্টিশক্তি হেৰুৱাই পেলালে।৩
তথ্যসূত্ৰ
- ↑ (2 August 1947). Commentary. Pakistanlink.org
- ↑ Achla Sachdev at msn movies
- ↑ (30 April 2012). Bollywood actress Achala Sachdev passes away. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (1 May 2012). Achala Sachdev, original Zohra Jabeen, is dead. The Indian Express
- ↑ Umesh Isalkar. (22 December 2011). Bollywood forgets an ailing Achala Sachdev. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Death report in Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আচলা সচদেৱ” প্ৰবন্ধৰ সংশোধন ৫৬৮৭৯৯ (৯ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।