চালমা আগা ( Salma Agha;; জন্ম ২৫ অক্টোবৰ ১৯৫৬) এগৰাকী পাকিস্তানী কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ১৯৮০ আৰু ১৯৯০ৰ দশকত বহু কেইখন ভাৰতীয় আৰু পাকিস্তানী চলচ্চিত্ৰত অভিনয় আৰু কণ্ঠদান কৰিছে। বহু কেইজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালকৰ পৰা ছবিত কাম কৰাৰ বাবে আমন্ত্ৰণ পোৱা চালমাৰ জন্ম পাকিস্তানৰ কৰাচী চহৰত আৰু ডাঙৰ-দীঘল হৈছে লণ্ডনত। তেওঁৰ প্ৰথম ছবি নিকাহ (১৯৮২), য’ত তেওঁ মূল নাৰী চৰিত্ৰত অভিনয় কৰাৰ উপৰিও ছবিখনৰ কেইটামান গীতত কণ্ঠদানো কৰিছে। তেওঁ নিকাহৰ বাবে শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে, যদিও তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ কণ্ঠশিল্পী- দুয়োটা শিতানতে মনোনয়ন পাইছিল। মিথুন চক্ৰৱৰ্তীৰ সৈতে কৰা কচম পেইদা কৰনে ৱালে কী ছবিৰ অভিনয় আৰু সেইখন ছবিৰে কাম ক্লোজাৰ গীতটোৰ বাবে তেওঁক জনা যায়।১
জীৱন আৰু কৰ্ম
পাকিস্তানৰ সিন্ধ প্ৰদেশৰ কৰাচী চহৰত ১৯৫৬ চনৰ ২৫ ডিচেম্বৰত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ নাম আছিল ক্ৰমে লিয়াকত গুল আগা আৰু নাচৰিন আগা। অমৃতসৰৰ এটা উৰ্দুভাষী মুছলমান পাঠান পৰিয়ালৰ সন্তান লিয়াকত আগাই কাৰ্পেটৰ ব্যৱয়াসত জড়িত আছিল। তেওঁৰ মাক নাচৰিন (জন্মৰ নাম জাৰিনা গজনবী) সঙ্গীত শিল্পী ৰফিক গজনবী আৰু ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক কালৰ হীৰ ৰাঞ্জাৰ (১৯৩২) অভিনেত্ৰী আনোৱাৰী বাই বেগমৰ সন্তান আছিল। নাচৰিনৰ জন্মৰ পিছতে ৰফিক গজনবী আৰু আনোৱাৰীৰ বিবাহ বিচ্ছেদ হয়। ইয়াৰ পিছত আনোৱাৰীয়ে এজন হিন্দু যুৱক যুগল কিশোৰ মেহৰাক বিয়া কৰায়। আনোৱাৰীক বিয়া কৰাবলৈ যুগল কিশোৰে পৰিয়াল ত্যাগ কৰাৰ উপৰিও ইছলাম গ্ৰহণ কৰি আহমেদ চলমন নাম লয়।২ ৩
১৯৮০ৰ দশকতে আগাৰ লণ্ডন ভিত্তিক ব্যৱসায়ী আয়াজ শীপ্ৰা সৈতে সম্পৰ্ক গঢ় লৈ উঠিছিল। বহু দিন ধৰি চলা এই সম্পৰ্কটো অৱশেষত বিবাহলৈ পৰিবৰ্তন নহ’ল। চালমাৰ মুঠতে তিনিবাৰ বিয়া হৈছিল। তেওঁৰ প্ৰথম স্বামী জাভেদ শেখ। ১৯৮০ৰ দশকত হোৱা এই বিয়া খুব কম সময়ৰ বাবেহে স্থায়ী হৈছিল আৰু তেওঁলোকৰ কোনো সন্তান ওপজা নাছিল। ১৯৮৯ চনত তেওঁ বিখ্যাত স্কোৱাচ খেলুৱৈ ৰহমত খানক বিয়া কৰায়। এই দম্পত্তিহালৰ দুটা সন্তান ওপজে- চাচা আগা আৰু লিয়াকত আলি খান। ২০১০ চনত তেওঁলোকৰ বিবাহ-বিচ্ছেদ হয়। ২০১১ চনত চালমাৰ ডুবাইৰ এজন ব্যৱসায়ী মনজৰ শাহৰ সৈতে তৃতীয়বাৰৰ বাবে বিয়া হয়। তেওঁ বৰ্তমান মুম্বাইত বাস কৰে, য’ত তেওঁৰ জীয়ৰী চাচাই বলীউদী চলচ্চিত্ৰ উদ্যোগত প্ৰতিষ্ঠা পাবৰ বাবে চেষ্টা চলাই আছে। আগাৰ মতে দেশ বিভাজনৰ পূৰ্বে তেওঁৰ পূৰ্বপুৰুষ চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িত আছিল আৰু দেশ বিভাজনৰ পিছত তেওঁলোক পাকিস্তানত বসতি স্থাপন কৰিছিল আৰু সেইবাবে তেওঁৰ জন্ম পাকিস্তানৰ কৰাচী চহৰত হৈছিল। কিন্তু তেওঁৰ জীয়ৰী চাচা আগাৰ জন্ম ভাৰতত আৰু বসবাসো ভাৰততে কৰি আছে।৪৫ ২০১৭ চনৰ জানুৱাৰী মাহত ভাৰতৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে ঘোষণা কৰে যে চালমা আগাক অভাৰচীজ চিটিজেনশ্বিপ অফ ইণ্ডিয়া৬ (OCI) অনুমোদন কৰা হ’ব।৭
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Salma Agha to get Overseas Citizen of India card
- ↑ Tribune.com.pk. (2016-09-30). Salma Agha: Of better days and celluloid. The Express Tribune
- ↑ Then and Now: 'Nikaah' actress Salma Agha - Bollywood celebs: Then and now. The Times of India
- ↑ Tribune.com.pk. (2017-11-18). My ex-wife Salma Agha stopped me from working with Rekha: Jawed Sheikh. The Express Tribune
- ↑ Desk, Web. (2016-05-25). Ten Pakistani actors who worked in Bollywood. The News Tribe
- ↑ Salma Agha to get Overseas Citizen of India card. The Times of India (newspaper)
- ↑ Pakistani singer Salma Agha to get lifelong Indian visa Dawn (newspaper), Published 31 May 2016, Retrieved 18 June 2018
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চালমা আগা” প্ৰবন্ধৰ সংশোধন ৪৭১৫৯৬ (৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।