অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অশ্বিনী ভাৱে

অশ্বিনী ভাৱে (Ashwini Bhave; জন্ম: ৭ মেʼ ১৯৬৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ মাৰাঠী, হিন্দী, আৰু কন্নড় চলচ্চিত্ৰৰ লগতে হিন্দী টেলিভিছনত তেওঁৰ কামৰ বাবে পৰিচিত।

হালনাগাদ: ৮ আগষ্ট ২০২৬ ৫৫৫ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অশ্বিনী ভাৱে (Ashwini Bhave; জন্ম: ৭ মেʼ ১৯৬৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ মাৰাঠী, হিন্দী, আৰু কন্নড় চলচ্চিত্ৰৰ লগতে হিন্দী টেলিভিছনত তেওঁৰ কামৰ বাবে পৰিচিত। ১৯৮০ আৰু নব্বৈৰ দশকৰ শেষৰ ফালে মাৰাঠী চলচ্চিত্ৰৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী হিচাপে স্থিতিস্থাপক, আৱেগিকভাৱে স্তৰিত মহিলাৰ চৰিত্ৰত অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল। তেওঁ তেওঁৰ জীৱনকালত দুটা মহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটা, এটা বংগ চলচ্চিত্ৰ সাংবাদিক সংস্থাৰ বঁটা, এটা জী চিত্ৰ গৌৰৱ পুৰস্কাৰ, আৰু ফিল্মফেয়াৰ মাৰাঠী বঁটাত তিনিটা মনোনয়ন পত্ৰকে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে।

ভাৱেই স্কুলত পঢ়ি থকাৰ সময়ৰে পৰাই অভিনয় কৰিছিল। গগনভেদী নামৰ থিয়েটাৰৰ নাটক এখনত তেওঁ প্ৰথম অভিনয় কৰিছিল আৰু ১৯৮৬ চনত মাৰাঠী পাৰিবাৰিক নাটক শ্বাবাছ সুনবাইত মুখ্য চৰিত্ৰত অভিনয় কৰি চলচ্চিত্ৰত পদাৰ্পণ কৰে। আশী হি বনৱা বনৱী (১৯৮৮), এক ৰাত্ৰা মন্তৰলেলি (১৯৮৯), কালত নাকালত (১৯৮৯), হালাদ ৰুছালি কুংকু হাছলা (১৯৯১) আদি ছবিত অভিনয়েৰে তেওঁ বিশেষ খ্যাতি লাভ কৰে। আৰ কে ফিল্মছৰ হেনা (১৯৯১)ত অভিনয়েৰে হিন্দী চিনেমা জগতলৈ তেওঁৰ আগমন ঘটিছিল, ছবিখনে তেওঁলৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি কঢ়িয়াই আনিছিল। তাৰ পিছত তেওঁ মীৰা কা মোহন (১৯৯২), সৈনিক (১৯৯৩), চিতা (১৯৯৪), জুৰমানা (১৯৯৬), আৰু বন্ধন (১৯৯৮)কে ধৰি বহুকেইখন সফল হিন্দী ছবিত অভিনয় কৰে আৰু আহুতি (১৯৯২), বজিৰ (১৯৯৪), পুৰুষ (১৯৯৪), আৰু চৰকাৰণামা (১৯৯৮)ৰ দৰে ছবিসমূহত আৱেগপূৰ্ণ অভিনয়ৰ বাবে সমালোচকসকলৰ দ্বাৰাও প্ৰশংসিত হয়। তেওঁৰ অভিনীত কন্নড় ছবি শাৰভেগড়া চাৰাদৰা (১৯৮৯) আৰু বিষ্ণু বিজয়া (১৯৯৩)য়েও বক্স অফিচত ভাল প্ৰদৰ্শন কৰিছিল।

২০০০ চনৰ আৰম্ভণিতে ছবিজগতৰ পৰা বিৰতি লোৱাৰ পিছত ভাৱেই কদাচিত (২০০৮) নামৰ ছবিত অভিনয়ৰে পুনৰ উভতি আহে, তেওঁ ছবিখনৰ জৰিয়তে প্ৰযোজক হিচাপেও আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী বছৰবোৰত তেওঁ আজচা দিৱস মাঝা (২০১৩), ধ্যানিমণি (২০১৭), আৰু মাঞ্জা (২০১৭) ছবিত আৰু ৱেব ছিৰিজ দ্য ৰাইকাৰ কেছ (২০২০)ত সাক্ষী ৰাইকাৰৰ চৰিত্ৰত অভিনয়েৰে ভূয়সী প্ৰশংসা লাভ কৰে। ২০২৪ চনত তেওঁৰ অভিনীত ছবি ঘৰত গণপতিয়ে ব্যৱসায়িকভাৱে সফলতা লাভ কৰাৰ লগতে বঁটা প্ৰদানৰ অনুষ্ঠানসমূহত এক শক্তিশালী প্ৰতিদ্বন্দ্বী হৈ পৰিছিল।

অভিনয়ৰ বাহিৰেও ভাৱেই ছান ফ্ৰান্সিস্কোৰ একাডেমী অৱ আৰ্ট ইউনিভাৰ্চিটিৰ পৰা মোশ্যন পিকচাৰ্ছ আৰু টেলিভিছন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে। চফ্টৱেৰ ইঞ্জিনিয়াৰ কিশোৰ বপাৰ্দিকাৰৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়, আৰু দম্পতীহালৰ দুটি সন্তান আছে। আমেৰিকালৈ স্থানান্তৰিত হোৱাৰ পিছতো, ভাৰতীয় চলচ্চিত্ৰত বিশেষকৈ মাৰাঠী ছবিত ভাৱেই এক সক্ৰিয় আৰু সন্মানীয় উপস্থিতি অব্যাহত ৰাখিছে।১

প্ৰাৰম্ভিক জীৱন

১৯৬৭ চনৰ ৭ মেʼ তাৰিখে মহাৰাষ্ট্ৰৰ মুম্বাইত মহাৰাষ্ট্ৰীয় কোকানাস্থ ব্ৰাহ্মণ পৰিয়ালত ভাৱেৰ জন্ম হৈছিল। তেওঁ ডাঙৰ-দীঘল হৈছিল চুনাভট্টিৰ উপকণ্ঠ অঞ্চলত।২ তেওঁৰ মাতৃ উষা ভাৱে সাধনা বিদ্যালয়ত শিক্ষয়িত্ৰী আছিল, যʼত অশ্বিনীয়ে স্কুলীয়া শিক্ষা সমাপ্ত কৰিছিল, আনহাতে তেওঁৰ পিতৃ শাৰদ ভাৱে এছ আই ই এছ কলেজৰ ভৌতিক ৰসায়ন বিজ্ঞানৰ অধ্যাপক আছিল আৰু তেওঁৰ ককায়েক অতুল, এগৰাকী চিভিল ইঞ্জিনিয়াৰ।৩ স্কুলত থাকোঁতে তেওঁ আবৃত্তি আৰু বাকপটু প্ৰতিযোগিতাৰ দৰে কাৰ্য্যকলাপসমূহত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। দশম শ্ৰেণীৰ গ্ৰীষ্মকালীন ছুটীৰ সময়ত মাৰাঠী থিয়েটাৰ প্ৰডাকশ্যন কোম্পানী চন্দ্ৰলেখাই মধুকৰ তোৰাদমালৰ গগনভেদীৰ প্ৰস্তাৱ দিছিল, যাৰ ফলত অভিনয়ৰ ক্ষেত্ৰখনত তেওঁৰ প্ৰাৰম্ভিক আগ্ৰাসন ঘটিছিল।৪৫ স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত ভাৱেই মুম্বাইৰ ডি জি ৰূপৰেল কলেজৰ পৰা দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।

ব্যক্তিগত জীৱন

২৬ জুলাই তাৰিখে চফ্টৱেৰ ইঞ্জিনিয়াৰ কিশোৰ বোপৰ্দিকাৰৰ সৈতে ভাৱেই বিবাহপাশত আবদ্ধ হয়।৬ হায়দৰাবাদত বন্ধন (১৯৯৮) ছবিৰ চিত্ৰগ্ৰহণ চলি থকা সময়ত দুয়োৰে সাক্ষাৎ হয় আৰু কিছু সময়ৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত দুয়ো বিবাহপাশত আবদ্ধ হয়। বিবাহৰ পিছত দম্পতীহাল আমেৰিকালৈ স্থানান্তৰিত হয় আৰু ছান ফ্ৰান্সিস্কো উপসাগৰীয় অঞ্চলত বসতি স্থাপন কৰে।৭৮ তেওঁলোকৰ দুটা সন্তান আছে: পুত্ৰ সমীৰ আৰু কন্যা সচি।৯ ২০০২ চনত আমেৰিকাত বাস কৰি থকাৰ সময়তে ভাৱেই একাডেমী অৱ আৰ্ট ইউনিভাৰ্চিটিৰ পৰা মোশ্যন পিকচাৰ্ছ আৰু টেলিভিছন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।১০

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

বৰ্ষশিৰোনামচৰিত্ৰভাষাটোকা
1986Shabas SunbaiRatan InamdarMarathi
1987RajlakshmiJamunaHindiFilm version of series Shrikant (1987)
1988Ashi Hi Banwa BanwiMadhuriMarathi
Kiss Bai KissGauri
Gholat GholMadhu Kulkarni
1989Ek Ratra MantarleliPadma
Kalat NakalatManisha Salkar
Sharavegada SaradaraTeja's love interestKannada
1990DhadakebaazPSI Uma JadhavMarathi
Baap Re BaapAnju
1991HennaChandani KaulHindi
Halad Rusli Kunku HaslaGauriMarathi
1992Sagle SarkhechMadhavi Jagdale
Meera Ka MohanMeeraHindi
Naya SawanKavitaUnreleased
Bank RobberyUnreleased
HoneymoonLata
Than Than GopalPriya / Radha JawalkarMarathi
AahutiAasha Sathe
Zunj Tujhi MajhiReshma Phadke
1993ParamparaRajeshwariHindi
Kayda KanoonShehnaz Lucknowi / Maria D'Souza
SainikAlka
Vishnu VijayaAnitaKannada
HindiReleased as Ashaant
JanmathepKasturiMarathi
1994VazirKamal Kamble
ChaurahaPoonamHindi
Mohabbat Ki ArzooShalu Singh
CheetahDr. Anita Kedarnath
Ekka Raja RaniAsha
Zakhmi DilGayatri
Mayechi SawliRadha ShehnaiwaleMarathi
Chal Gammat Karu
PurushAmbika ApteHindi
1995Vapsi Sajan KiPooja
1996JurmanaAdv. Kiran Saxena
ShastraSpecial appearance
BhairaviRagini Sridhar
1997Rangena Halliyage Rangada RangegowdaKasthuriKannada
Police StationHindi
Judge MujrimInsp. Ashwini Sinha
1998YugpurushDeepti
BandhanPooja Thakur
SarkarnamaVaijayanti PatilMarathi
1999Teri Mohabbat Ke NaamAmritaHindi
2008KadachitDr. Gayatri PradhanMarathi
2013Aajcha Divas MajhaMrs. Mohite
2017DhyanimaniShalini Pathak (Shalu)
ManjhaSamidha১১
2024The Still LifeOf An ActorNinaEnglishShort film
Gharat GanpatiAhilya Sharad GharatMarathi১২
GulaabiGauri Apte১৩

টেলিভিছন

  • পাৰ্টনাৰ্ছ
  • আপনে পৰায়ে
  • অন্তৰীক্ষ
  • শ্ৰীকান্ত (১৯৮৭), যমুনাৰ চৰিত্ৰত
  • যুগ (১৯৯৭) ৰুক্মিণীৰ চৰিত্ৰত
  • ৰাউ (১৯৯৭) মস্তানীৰ চৰিত্ৰত

থিয়েটাৰ

  • গগনভেদী
  • লগ্নাচি বেদী
  • বসুচি সাসু

ৱেব ধাৰাবাহিক

বৰ্ষচলচ্চিত্ৰভূমিকাভাষা
২০২০ৰাইকাৰ গোচৰসাক্ষী নাইক ৰাইকাৰ ১৪হিন্দী

প্ৰযোজক

  • কদাচিত (২০০৭)
  • দ্য হিউমেন এক্সপেৰিমেণ্ট (২০১৩)

বঁটা আৰু মনোনয়ন

বৰ্ষবঁটাশিতানকৰ্মফলাফলতথ্যসূত্ৰ
১৯৯৩ চনতমহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীআহুতি
১৯৯৪ চনতফিল্মফেয়াৰ মাৰাঠী বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীবজিৰ
১৯৯৪ চনতবংগ চলচ্চিত্ৰ সাংবাদিক সন্থাৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী (হিন্দী)পুৰুষ
২০০৮ চনতমহাৰাষ্ট্ৰ ৰাজ্যিক চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীকদাচিত১৫
২০০৮ চনতমুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱশ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ১৬
২০০৯ চনতমাতা সন্মনশ্ৰেষ্ঠ অভিনেত্ৰী১৫
২০০৯ চনতজি চিত্ৰ গৌৰৱ পুৰস্কাৰশ্ৰেষ্ঠ অভিনেত্ৰী১৫
২০০৯ চনতষ্টাৰ স্ক্ৰীণ এৱাৰ্ডশ্ৰেষ্ঠ অভিনেত্ৰী১৫
২০১৮ চনতফিল্মফেয়াৰ মাৰাঠী বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী সমালোচকমাঞ্জা১৭
২০২৫ চনতজি চিত্ৰ গৌৰৱ পুৰস্কাৰশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী<i id="mwBLY">ঘৰ গণপতি</i>১৮
২০২৫ চনতNDTV মাৰাঠী মনোৰঞ্জন বঁটাসহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী১৯
২০২৫ চনতমাতা সন্মনশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী২০
২০২৫ চনতফিল্মফেয়াৰ মাৰাঠী বঁটাশ্ৰেষ্ঠ সহযোগী অভিনেত্ৰী২১

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Ashwini Bhave Bio. In.com
  2. ↑ gaush94. (2025-03-16). Ashwini Bhave Wiki, Biography, Family, Age, and More
  3. ↑ Ashwini Bhave Wiki, Age, Husband, Children, Family, Biography & More - WikiBio
  4. ↑ Panchal, Chetana Gavkhadkar. (2010-03-10). Ashwini Bhave, Interview
  5. ↑ शिंदे-पॉल, रसिका. (2025-05-07). Ashwini Bhave was very fond of sports along with acting. · Entertainment mix masala. Kalakruti Media
  6. ↑ डेस्क, एबीपी माझा एंटरटेनमेंट. (2023-07-18). लग्नानंतर परदेशात झाली सेटल, जाणून घ्या अश्विनी भावेची लव्ह स्टोरी... marathi.abplive.com
  7. ↑ अश्विनी भावे: फिल्मी दुनिया छोड़ अमेरिका चली गई अक्षय कुमार की ये हीरोइन, सॉफ्टवेयर इंजीनियर से की शादी. Amar Ujala
  8. ↑ Singh, Deepali. I would love to work with Aamir Khan, says Ashwini Bhave. DNA India
  9. ↑ (2015-11-10). I want my kids to have good memories of the festival. Hindustan Times
  10. ↑ टीम, एबीपी माझा वेब. (2022-05-07). 'लिंबू कलरची साडी' म्हटलं की डोळ्यांसमोर येणारा चेहरा! जाणून घ्या अभिनेत्री अश्विनी भावेंबद्दल.. marathi.abplive.com
  11. ↑ Teaser Poster of 'Manjha' is out, Film Releases on 21 April 2017. Marathicineyug.com
  12. ↑ (1 May 2024). Gharat Ganpati Movie (2024): Cast, Trailer, OTT, Songs, Release Date · घरत गणपती · Exclusive 2024 - Rang Marathi. Rang Marathi
  13. ↑ (20 December 2024). Gulaabi Movie (2024): Cast, Trailer, OTT, Songs, Release Date · गुलाबी · Gulabi · Exclusive 2024. Rang Marathi
  14. ↑ (11 April 2020). The Raikar Case Review: It's Not A Complicated Murder Mystery. News18
  15. ↑ (2008-03-14). https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/my-husband-is-proud-of-me-ashvini/articleshow/2864831.cms
  16. ↑ Mumbai International Film Festival 2008. MUBI
  17. ↑ (2018-09-25). https://timesofindia.indiatimes.com/entertainment/marathi/movies/news/marathi-nominations-for-the-4th-jio-filmfare-marathi-awards-2018/articleshow/65949558.cms
  18. ↑ (1 May 2024). Gharat Ganpati Movie (2024): Cast, Trailer, OTT, Songs, Release Date · घरत गणपती · Exclusive 2024 - Rang Marathi. Rang Marathi
  19. ↑ NDTV Marathi ENT Awards 2025: एनडीटीव्ही मराठी पुरस्कार सोहळ्यात 'फुलवंती'ची बाजी! पाहा सर्व विजेत्यांची यादी... NDTV Marathi
  20. ↑ 'मटा सन्मान २०२५'साठी मानांकने जाहीर; गुणवंत कलाकार आणि गाजलेल्या कलाकृतींचा होणार गौरव. Maharashtra Times
  21. ↑ Naik, Payal. (2025-07-07). १०व्या मराठी फिल्मफेअर पुरस्कार नामांकनांची यादी जाहीर; कोण ठरणार सर्वोत्कृष्ट? 'या' चित्रपटांमध्ये चुरस. Marathi News Esakal

সম্পৰ্কিত শ্ৰেণী

হিন্দী টেলিভিছনৰ অভিনেত্ৰীকন্নড় চলচ্চিত্ৰৰ অভিনেত্ৰীমাৰাঠী চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীমুম্বাইৰ অভিনেত্ৰীভাৰতীয় মঞ্চ অভিনেত্ৰীভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীমাৰাঠী ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অশ্বিনী ভাৱে” প্ৰবন্ধৰ সংশোধন ৬২৫৩৪০ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।