অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আঁচল কুমাৰ

আঁচল কুমাৰ (Anchal Kumar) এজন ভাৰতীয় অভিনেত্ৰী, ছুপাৰ–মডেল, প্ৰভাৱশালী নাৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ Gladrags Manhunt and Megamodel Contest-ত বিজয়ী হৈছিল আৰু ১৯৯৯ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ১ ডিচেম্বৰ ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

আঁচল কুমাৰ (Anchal Kumar) এজন ভাৰতীয় অভিনেত্ৰী, ছুপাৰ–মডেল, প্ৰভাৱশালী নাৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ Gladrags Manhunt and Megamodel Contest-ত বিজয়ী হৈছিল আৰু ১৯৯৯ চনৰ মিছ ইণ্টাৰকণ্টিনেণ্টেল প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১২ তেওঁ বলিউডৰ ফেশ্যন আৰু ব্লাফমাষ্টাৰ! চলচ্চিত্ৰতো অভিনয় কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৭৯ চনৰ ২৪ অক্টোবাৰ তাৰিখে চণ্ডীগড়ত আঁচল কুমাৰৰ জন্ম হৈছিল।৪ তেওঁ ছেণ্ট ষ্টিফেন্স বিদ্যালয়ত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল আৰু পাছত মিঠীবাই কলেজত উচ্চ শিক্ষা অব্যাহত ৰাখিছিল।৫ ১৬ বছৰ বয়সতে ABCL–এ ভাৰতব্যাপী প্ৰতিভা সন্ধানত তেওঁক আবিষ্কাৰ কৰাৰ পাছত তেওঁৰ মডেলিং যাত্ৰা আৰম্ভ হয়।৪

কেৰিয়াৰ

১৭ বছৰ বয়সত ৰাজহুৱা বিজ্ঞাপনৰে তেওঁ মডেলিং আৰম্ভ কৰে আৰু ১৯৯০ৰ দশকৰ শেষ ভাগ আৰু ২০০০ৰ দশকৰ আৰম্ভণিত দেশৰ এগৰাকী জনপ্ৰিয় মডেল হৈ পৰে।৬

২০ বছৰ বয়সত তেওঁ ১৯৯৯ চনৰ ষষ্ঠ ‘‘গ্লেডৰেগ্‌চ মেনহাণ্ট আৰু মেগামডেল’’ প্ৰতিযোগিতাত বিজয়ী হয় আৰু তাৰ পিছত জাৰ্মানীত অনুষ্ঠিত মিছ ইণ্টাৰকণ্টিনেণ্টেলত ভাৰতৰ প্ৰতিনিধিত্ব কৰে।৭৮৪

গ্লেডৰেগ্‌চ খিতাপ লাভৰ পিছত তেওঁ মডেলিং জগতে সক্ৰিয় হৈ থাকিল আৰু ফেশ্যন আৰু ব্লাফমাষ্টাৰ! ৰ দৰে বলিউড চলচ্চিত্ৰতো দেখা গৈছিল। তেওঁ Sunsilk আৰু Bombay Dyeing–সহ বহু আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ মুখপত্ৰ আছিল। ২০০৭ চনত নিউ জাৰ্ছীৰ এট্লাণ্টিক চিটিত অনুষ্ঠিত ‘‘Bollywood Fashion & Music Awards’’ত ‘‘Best Female Model of the Year’’ বৃত্তি লাভ কৰে।

তেওঁ বহু সংগীত ভিডিঅ'ত উপস্থিত হৈছিল, তাৰে ভিতৰত "আইনা", "মুখা তুম্হাৰা", "দুপট্টা তেৰা সত্ৰঁ দা", "বেক ইন বেড এণ্ড ব্লাইণ্ড", "দ্য হলি ৰোলাৰ্ছ"। আদি উল্লেখযোগ্য। তেওঁৰ টেলিভিছন উপস্থিতিৰ ভিতৰত বাজী কিস কি কুইজ শ্ব'ত বিজয়ী হোৱা উল্লেখযোগ্য। ২০১০ চনত তেওঁ বিগ বচ ৪–ত প্ৰতিযোগী হিচাপে অংশ লৈ ছয় সপ্তাহ পৰ্যন্ত শ্ব’ত থাকিছিল।২৯

ব্যক্তিগত জীৱন

আঁচল কুমাৰ অনুপম মিত্তলৰ সৈতে এজন অনুষ্ঠানত সাক্ষাৎ কৰে।২১০ সাত বছৰ ধৰি ডেটিঙৰ পিছত তেওঁলোক ৪ জুলাই ২০১৩ তাৰিখে জয়পুৰত বিবাহ বন্ধনত আবদ্ধ হয়।২৫ তেওঁলোকৰ এটা কন্যা সন্তান আছে—এলিছা মিত্তল।১১

আঁচল কুমাৰে মডেলিং আৰু অভিনয় দুয়োটাৰ ক্ষেত্ৰতে নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠিত কৰাৰ উপৰিও সমাজসেৱা–সচেতন কাৰ্যকলাপতো অংশ লৈছে। সৌন্দৰ্য প্ৰতিযোগিতাত লাভ কৰা অভিজ্ঞতা আৰু বহু বছৰীয়া ফেশ্বন ইণ্ডাষ্ট্ৰিৰ যাত্ৰাই তেওঁক যুৱ প্ৰজন্মক প্ৰেৰণা যোগাবলৈ সক্ষম কৰিছিল। বিভিন্ন জনহিতকৰ অনুষ্ঠান আৰু মহিলা–সক্ষমতা সম্পৰ্কীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ নিজৰ জনপ্ৰিয়তাক সদুপযুক্ত দিশত ব্যৱহাৰ কৰিছে।

চলচ্চিত্ৰ

টেলিভিছন শৃংখলা

  • বাজী কিস কি
  • বিগ বস

সংগীত ভিডিঅ'

  • Aaina
  • Mukhra Tumahra
  • Dupatta Tera Satrang Da
  • Back in Bed and Blind
  • The Holy Rollers

বঁটা আৰু মনোনয়ন

বছৰবঁটাশ্ৰেণীফলাফলস্থানউদ্ধৃতি
১৯৯৯Gladrags Manhunt and Megamodel Contestবছৰৰ শ্ৰেষ্ঠ মডেলপঞ্জাব১
১৯৯৯মিছ ইণ্টাৰকণ্টিনেণ্টেল—চেমিফাইনেলিষ্টজাৰ্মানী১২
২০০৭Bollywood Fashion & Music Awardsবছৰৰ শ্ৰেষ্ঠ মহিলা মডেলAtlantic City, New Jersey

তথ্যসূত্ৰ

  1. ↑ (1999-03-29). Anchal Kumar and John Abraham win Glad Rags Mega Model & Manhunt contest. India Today
  2. ↑ (2022-02-03). Shark Tank India judge Anupam Mittal's wife Anchal Kumar was a contestant in Salman Khan hosted Bigg Boss 4; here's all you need to know about her. The Times of India
  3. ↑ (2022-06-26). Did you know Shark Tank India judge Anupam Mittal's wife Aanchal Kumar was a contestant in Bigg Boss 4? Here's all you need to know about the model. The Times of India
  4. ↑ The Tribune..Saturday Plus Head. www.tribuneindia.com
  5. ↑ Saini, Bhavya. Who Is Anchal Kumar? Model Married To Shark Tank India's Judge Anupam Mittal. www.shethepeople.tv
  6. ↑ (2022-06-26). Did you know Shark Tank India judge Anupam Mittal’s wife Aanchal Kumar was a contestant in Bigg Boss 4? Here's all you need to know about the model. The Times of India
  7. ↑ Shark Tank India: फिल्मी हसीना से कम नहीं शार्क टैंक जज अनुपम मित्तल की वाइफ, PICS में देंखे ग्लैमर. Zee News
  8. ↑ (2016-04-16). Three top models speak about life and fashion. The Hindu
  9. ↑ (2022-02-01). Who is Aanchal Kumar, The Wife of Shark Tank India Judge Anupam Mittal?. News18
  10. ↑ (2013-07-03). Catwalk Star Anchal Kumar to Tie the Knot Tomorrow. MissMalini
  11. ↑ (2018-03-16). Former Bigg Boss contestant Aanchal Kumar shares an adorable picture of her baby girl. The Times of India
  12. ↑ (2022-06-26). Did you know Shark Tank India judge Anupam Mittal’s wife Aanchal Kumar was a contestant in Bigg Boss 4? Here's all you need to know about the model. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় টেলিভিছন অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আঁচল কুমাৰ” প্ৰবন্ধৰ সংশোধন ৫৫৯৫৬৯ (১ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।