অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৱনী মোদী

অৱনী মোদী এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ বলীউডত প্ৰৱেশ কৰে মধুৰ ভাণ্ডাৰকাৰৰ নাটকীয় চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছ ৰ জৰিয়তে।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

অৱনী মোদী এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী।১ তেওঁ বলীউডত প্ৰৱেশ কৰে মধুৰ ভাণ্ডাৰকাৰৰ নাটকীয় চলচ্চিত্ৰ কেলেণ্ডাৰ গাৰ্লছ ৰ জৰিয়তে।২

প্ৰাৰম্ভিক জীৱন

অৱনী মোদী গান্ধীনগৰ, গুজৰাটত জন্মগ্ৰহণ আৰু ডাঙৰদীঘল হয়। তেওঁ আহমেদাবাদৰ HL কলেজত শিক্ষাগ্ৰহণ কৰে, য’ত তেওঁ অভিনয়ত আগ্ৰহী হৈ উঠে।

জীৱন তথা কৰ্মজীৱন

তেওঁ স্থানীয় টেলিভিছন চেনেল ইটিভি গুজৰাটীত উদ্ঘোষক হিচাপে কাম কৰিছিল। লগতে, এয়াৰটেল আদি ব্ৰেণ্ডৰ বাবে মডেলিং আৰু বিজ্ঞাপনতো অংশগ্ৰহণ কৰিছিল। তেওঁ ছোনী টিভি আৰু জী টিভিৰ কিছুমান টিভি ছিৰিয়েলত অভিনয় কৰিছিল আৰু আলতাফ ৰাজাৰ এটা সংগীত ভিডিঅ’ত দেখা গৈছিল। তেওঁ তামিল চলচ্চিত্ৰ নান ৰাজাৱাগা পগিৰেনত অভিনেতা নকুলৰ বিপৰীতে অভিনয় কৰি তামিল ছবিত আত্মপ্ৰকাশ কৰে। লগতে, তেওঁ আন্তৰ্জাতিক স্বল্পদৈৰ্ঘ্য চলচ্চিত্ৰ গুলাবত অংশ লৈছিল, যি কানাডা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সৰ্বশ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান লাভ কৰিছিল।

চলচ্চিত্ৰ তালিকা

বছৰচলচ্চিত্ৰভূমিকাভাষা
২০১৩নান ৰাজাৱাগা পগিৰেনৰীমাতামিল
২০১৪গুলাবীগুলাবীতেলুগু
২০১৫সৰ্বেশ্বৰতেলুগু
২০১৫ষ্ট্ৰ’বেৰীমিলোভিনাতামিল
২০১৫কেলেণ্ডাৰ গাৰ্লছনাজনীন মালিকহিন্দী
২০১৬ক্যাৰী অন কেশৰএনিগুজৰাটী
২০২২মোদীজী কি বেটীঅৱনীহিন্দী

তথ্যসূত্ৰ

  1. ↑ অৱনী মোদী সম্পৰ্কে তথ্য. অৱনী মোদী
  2. ↑ দেধিয়া, সোণিল. অৱনী মোদী ‘কেলেণ্ডাৰ গাৰ্লছ’ ছবিত পৰম্পৰাগত শৈলীৰ পৰা আধুনিক ৰূপত. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীতেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীগুজৰাটী চলচ্চিত্ৰৰ অভিনেত্ৰীভাৰতীয় মডেলগুজৰাটৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৱনী মোদী” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৬১ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।