অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আজমেৰী হক বাঁধন

আজমেৰী হক বাঁধন (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী বাংলাদেশী অভিনেত্ৰী। তেওঁ বাংলাদেশৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰতো অভিনয় কৰে। ২০০৬ চনত লাক্স চেনেল আই ছুপাৰষ্টাৰত ২য় ৰানাৰ্ছ আপ হোৱাৰ পিছত তেওঁ এগৰাকী মডেলৰূপে সকলোৰে নজৰলৈ আহে।

হালনাগাদ: ২৫ জুলাই ২০২৬ ২৯০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

আজমেৰী হক বাঁধন (জন্ম: ২৮ অক্টোবৰ ১৯৮৩) এগৰাকী বাংলাদেশী অভিনেত্ৰী।১ তেওঁ বাংলাদেশৰ চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰতো অভিনয় কৰে। ২০০৬ চনত লাক্স চেনেল আই ছুপাৰষ্টাৰত ২য় ৰানাৰ্ছ আপ হোৱাৰ পিছত তেওঁ এগৰাকী মডেলৰূপে সকলোৰে নজৰলৈ আহে।২ পিছলৈ ২০১০ চনত, তেওঁ অভিনেতা ইলিয়াছ কাঞ্চন আৰু অভিনেত্ৰী চম্পাৰ সৈতে নিঝুম অৰণ্যে নামৰ ছবি এখনত অভিনয়েৰে চলচ্চিত্ৰত অভিষেক ঘটায়।৩ তেওঁ টেলিভিছন ধাৰাবাহিকতো অভিনয় কৰে।৪

৭৪ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ "আন চাৰ্টেইন ৰিগাৰ্ড" শিতানত আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমখন বাংলাদেশী ছবি ৰেহানা মৰিয়ম নূৰ (২০২১)ত অভিনয়েৰে বাঁধনে সফলতা লাভ কৰে।৫ এই ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, "শ্ৰেষ্ঠ অভিনেত্ৰী" শিতানত চতুৰ্দশ এছিয়া পেচিফিক স্ক্ৰীণ বঁটা (APSA) আৰু নৱ প্ৰতিভা শাখাত হংকং এছিয়ান চলচ্চিত্ৰ মহোৎসৱৰ বঁটা লাভ কৰে।৬৭৮

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮৩ চনৰ ২৮ অক্টোবৰ তাৰিখে বাংলাদেশৰ ঢাকাত আজমেৰী হক বাঁধনে জন্মগ্ৰহণ কৰিছিল।৯১০ তেওঁৰ পূৰ্বপুৰুষসকল মূলতঃ মুন্সীগঞ্জৰ বাসিন্দা আছিল।১০ তেওঁ ঢাকা ডেণ্টেল কলেজ এণ্ড হস্পিতালৰ পৰা দন্ত অস্ত্ৰোপচাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে।১০

কৰ্মজীৱন

বাঁধনে কম বয়সতে এখন সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।১১ ছয়টা পাগলা, শুভ বিবাহ, চাঁদ ফুল অমাবস্যা, ৰং আৰু হিবিজিবি নাথিং আদি নাট্য ধাৰাবাহিকত অভিনয় কৰাৰ বাবেও তেওঁ সুপৰিচিত।১২ এগৰাকী দন্ত চিকিৎসক হিচাপেও তেওঁ সুপৰিচিত।১৩ বৰ্তমান তেওঁক টেলিভিছন ধাৰাবাহিকসমূহতেই বেছিকৈ দেখা যায়।১৪ ভাৰতীয় প্ৰখ্যাত অভিনয় শিল্পী তবু আৰু আলী ফজলৰ সৈতে, বিশাল ভাৰদ্বাজৰ ছবি খুফিয়াত এক বিশিষ্ট চৰিত্ৰত অভিনয়েৰে তেওঁ বলীউডতো আত্মপ্ৰকাশ কৰে।১৫

ব্যক্তিগত জীৱন

বাঁধন এগৰাকী ১৩ বছৰীয়া কন্যা সন্তানৰ মাতৃ। তেওঁৰ কন্যাৰ নাম মিচেল আমানী ছায়েৰা।১৬ ২০১৮ চনত, ঢাকাৰ দ্বাদশ জিলা আৰু অধিবেশন আদালতৰ সহকাৰী ন্যায়াধীশে দিয়া ৰায়দান অনুসৰি, বাঁধনে ছায়েৰাৰ অভিভাৱকত্ব লাভ কৰিছিল।১৭

সক্ৰিয়তা

মহিলাৰ অধিকাৰ আৰু মানসিক স্বাস্থ্য সম্পৰ্কীয় বিষয়সমূহকে ধৰি বিভিন্ন সামাজিক কাম-কাজৰ সৈতে বাঁধন জড়িত। ব্ৰিটিছ কাউন্সিলৰ উদ্যোগত অনুষ্ঠিত হোৱা ৱাউ ফেষ্টিভেলত তেওঁ নাৰীৰ অধিকাৰ আৰু সামাজিক পৰিৱৰ্তনৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াইছিল।১৮ ৰাষ্ট্ৰসংঘৰ মহিলাৰ সামাজিক কাম-কাজৰ অংশ হিচাপে তেওঁ বৈবাহিক ধৰ্ষণৰ বিৰুদ্ধে মাত মাতিছিল।১৯

চলচ্চিত্ৰপুঞ্জী

চলচ্চিত্ৰ

+বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকাতথ্য.
২০১০নিঝুম অৰণ্যেনীলাঅভিষেক চলচ্চিত্ৰ২০
২০২১ৰেহানা মৰিয়ম নূৰৰেহানা মৰিয়ম নূৰ২১
২০২৩খুফিয়াহিনা ৰহমান ওৰফে "অক্টোপাছ"অভিষেক হিন্দী চলচ্চিত্ৰ২২

ৱেব ধাৰাবাহিক

+বৰ্ষশিৰোনামচৰিত্ৰপ্লেটফৰ্মটোকা
২০২১ৰবীন্দ‌্ৰনাথ এখানে কখনো খেতে আসেননিমুস্কান জুবেৰীহইচই২৩
২০২২গুটিসুলতানাচৰকি২৪

টিভি শ্ব’ আৰু নাটক

  • মেঘে ঢাকা শহৰ২৫
  • ছয়টা পাগলা২৬
  • শুভ বিবাহ২৬
  • ৰং২৭
  • ভালোবাসা কাৰে কয়২৮

চলচ্চিত্ৰ জুৰীৰ কাৰ্য্যকলাপ

  • জুৰী সদস্য, আই এম টুম’ৰ’ চলচ্চিত্ৰ মহোৎসৱ, ব্ৰাছেলছ২৯
  • জুৰী সদস্য, এছিয়ান চলচ্চিত্ৰ প্ৰতিযোগিতা, ১৫ তম বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ভাৰত৩০

বঁটা

বৰ্ষবঁটাশিতানকৰ‌্মফলাফল
২০২১হইচই বঁটাঅসাধাৰণ নৱাগতা অভিনেত্ৰীৰবীন্দ‌্ৰনাথ এখানে কখনো খেতে আসেননি
এছিয়া পেচিফিক স্ক্ৰীণ বঁটাশ্ৰেষ্ঠ অভিনয় (অভিনেত্ৰী)ৰেহানা মৰিয়ম নূৰ
বাংলাদেশৰ ৪৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীৰেহানা মৰিয়ম নূৰ
২০২২৩৭তম চিনেমা জোভে ভেলেন্সিয়া (স্পেইন)শ্ৰেষ্ঠ অভিনেত্ৰীৰেহানা মৰিয়ম নূৰ
২০২৪মেৰিল-প্ৰথম আলো বঁটা ২০২৩শ্ৰেষ্ঠ অভিনেত্ৰীগুটি৩১

তথ্যসূত্ৰ

  1. ↑ Shazu, Shah Alam. (2024-10-28). My daughter wishes for someone special in my life: Badhan. The Daily Star
  2. ↑ (2021-01-09). Badhon on playing Muskan Zuberi in Srijit Mukherji's thriller adaptation. The Daily Star
  3. ↑ Nijhum Oronney (2010). IMDb
  4. ↑ (2017-12-04). New series "Bhalobasha Kare Koy" begins today on ntv. The Daily Star
  5. ↑ (2021-07-17). Badhon: There is more to this journey than awards. Dhaka Tribune
  6. ↑ (2023-03-09). Prime Minister confers National Film Awards 2021. The Daily Star
  7. ↑ Rehana Maryam Noor bags 2 awards at Asia Pacific Screen Awards. Daily Sun
  8. ↑ (2021-11-15). Hong Kong Asian Film Festival: 'Rehana Maryam Noor' bags New Talent Award. Dhaka Tribune
  9. ↑ (2023-10-29). bn:চল্লিশে জীবনকে নতুন কৰে দেখছি: বাঁধন. Prothom Alo
  10. ↑ (2022-10-28). শুভ জন্মদিন বাঁধন. Protidiner Bangladesh
  11. ↑ Hossain, Amina. (2020-04-04). Azmeri Haque Badhon. The Daily Star
  12. ↑ Badhon. The Daily Star
  13. ↑ bn:'আমি তাৰকা বাঁধন হিসেবে চেম্বাৰে বসলে ৰোগীৰ অভাব হবে না'. Manab Zamin
  14. ↑ Badhon's first love letter. The Daily Star
  15. ↑ (2021-10-14). Azmeri Haque Badhon to make Bollywood debut with Vishal Bhardwaj's 'Khufia'. The Business Standard
  16. ↑ Shazu, Shah Alam. (2022-10-06). 'Saira is my powerhouse': Badhan on daughter's birthday. The Daily Star
  17. ↑ (2018-04-30). Badhon receives guardianship of daughter Saira. Dhaka Tribune
  18. ↑ WOW Bangladesh returns for 2023. The WOW Foundation
  19. ↑ (2023-09-01). Unesco roundtable: Media houses yet to be women friendly. The Daily Star
  20. ↑ Nijhum Oronney. GoldPoster
  21. ↑ Bhowal, Tiasa. (9 July 2021). Bangladeshi actress Azmeri Haque takes over Cannes in Dhakai Jamdani saree. See pics. India Today
  22. ↑ Badhon makes Bollywood debut. Daily Sun
  23. ↑ Sharif, Rakaat. (2021-06-02). Srijit Mukherji praises Badhon. The Daily Star
  24. ↑ Badhon to portray as drug dealer in 'Guti'. The Bangladesh Today
  25. ↑ Three generations in Mehghey Dhaka Shohor. The Daily Star News
  26. ↑ bn:বাঁধনেৰ দিনলিপি. Jaijaidin
  27. ↑ Badhon thanks media industry in 2018. Dhaka Tribune
  28. ↑ New series "Bhalobasha Kare Koy" begins today on ntv. The Daily Star
  29. ↑ Jury · I Am Tomorrow Film Festival · 2023 · Brussels · Europe. I Am Tomorrow
  30. ↑ BIFFES. www.biffes.org
  31. ↑ (2024-05-24). 'Mohanagar 2', 'Aam Kathaler Chhuti' dominate Meril-Prothom Alo Awards 2023. The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ব্যক্তিবাংলাদেশৰ অভিনেত্ৰীবঙালী অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীবঙালী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আজমেৰী হক বাঁধন” প্ৰবন্ধৰ সংশোধন ৬১৯৩১৫ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।