হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী
৩৮৪ প্ৰবন্ধ
-
বিদ্যা সিনহা
বিদ্যা সিনহা ( Vidya Sinha; ১৫ নৱেম্বৰ ১৯৪৭ – ১৫ আগষ্ট ২০১৯) হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল; ৰজনীগন্ধা (১৯৭৪), ছোটী ছি বাত (১৯৭৫) আৰু পতি পত্নী ঔৰ ৱহ (১৯৭৮) ছবিৰ বাবে অধিক পৰিচিত। মিছ বম্বে খিতাপ অৰ্জন কৰা সিনহাই মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
বিব্বো (অভিনেত্ৰী)
বিব্বো (Bibbo; জন্ম: ইছৰত চুলতানা; ১৯০৬-১৯৭২) ভাৰত আৰু পাকিস্তান উভয় দেশত কাম কৰা এগৰাকী সংগীত পৰিচালক, কণ্ঠশিল্পী আৰু অভিনেত্ৰী আছিল। দেশ বিভাজনৰ সময়ত পাকিস্তানলৈ গুছি যোৱাৰ পূৰ্বে তেওঁ ১৯৩৩-ৰ পৰা ১৯৪৭-লৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰিছিল।
-
বিমলা ৰমন
বিমলা ৰমন ( Vimala Raman) এগৰাকী অষ্ট্ৰেলিয়ান অভিনেত্ৰী তথা প্ৰাক্তন মডেল, যিয়ে ভাৰতীয় চলচ্চিত্ৰত কাম কৰি আহিছে। তেওঁ মালয়ালম, তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰে। অষ্ট্ৰেলিয়াত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা ৰমনে ২০০৬ চনত তামিল ছবি “পই”ৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে।
-
বিমী
বিমী Vimi; ১৯৪৩
-
ভাৰতী আচৰেকৰ
ভাৰতী আচৰেকৰ ( Bharati Achrekar; ১৫ অক্টোবৰ ১৯৫৭) এগৰাকী মাৰাঠী আৰু হিন্দী থিয়েটাৰ, চলচ্চিত্ৰ আৰু টেলিভিছন অভিনেত্ৰী। তেওঁ বহুকেইখন চলচ্চিত্ৰত অভিনয় কৰাৰ উপৰিও দূৰদৰ্শন ধাৰাবাহিক ‘ৱাগলে কি দুনিয়াৰ মিচেছ ৱাগলে’ চৰিত্ৰটোত ৰূপায়ণ কৰি প্ৰখ্যাত হৈছিল।
-
মধু
মধু শাহ (জন্ম মধুবালা ৰঘুনাথ মালিনী; ২৬ মাৰ্চ ১৯৬৯), পূৰ্বতে মধুবালা নামে জনাজাত, এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মুখ্যতঃ হিন্দী, তামিল, তেলুগু, মালয়ালম আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয়ৰ বাবে জনাজাত।
-
মনোৰমা (অভিনেত্ৰী)
মনোৰমা (Manorama; (১৬ আগষ্ট ১৯২৬ – ১৫ ফেব্ৰুৱাৰী ২০০৮) বলীউডৰ এগৰাকী চৰিত্ৰাভিনেত্ৰী আছিল যিয়ে সীতা ঔৰ গীতা (১৯৭২), এক ফুল দো মালি (১৯৬৯) আৰু দো কলিয়াঁ (১৯৬৮) আদি ছবিত কৌতুকপূৰ্ণ অত্যাচাৰী খুৰীয়েকৰ চৰিত্ৰত অভিনয় কৰি সুপৰিচিত হৈছিল।
-
মহুৱা ৰায়চৌধুৰী
মহুৱা ৰায়চৌধুৰী ( Mahua Roy Choudhury; ২৪ ছেপ্টেম্বৰ ১৯৫৮ – ২২ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক বাংলা ছবিত কৰা কামৰ বাবে জনা যায়। তেওঁক বাংলা চলচ্চিত্ৰৰ অন্যতম সফল অভিনেত্ৰী হিচাপে গণ্য কৰা হয়। ফিল্মফেয়াৰ বঁটাকে ধৰি তেওঁ কেইবাটাও বঁটা লাভ কৰিছে।
-
মহেশ্বৰী
মহেশ্বৰী (Maheswari) এগৰাকী ভাৰতীয় প্ৰাক্তন অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰিছিল। ১৯৯৪ চনৰ পৰা ২০০০ চনলৈ তেওঁ তেলেগু আৰু তামিল ছবিৰ অন্যতম আগশাৰীৰ অভিনেত্ৰীসকলৰল অন্যতম আছিল।
-
মানুষী ছিল্লাৰ
মানুষী ছিল্লাৰ (Manushi Chhillar; জন্ম ১৪ মে' ১৯৯৭) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৭ চনৰ মিছ ৱৰ্ল্ড খিতাপ দখল কৰে। তাৰ আগতে তেওঁ ফেমিনা মিছ ইণ্ডিয়া ২০১৭ ৰ চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিছিল। আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতা মিছ ৱৰ্ল্ড বিজয়ী মানুষী ষষ্ঠ গৰাকী ভাৰতীয় মহিলা।
-
মিনু মুমতাজ
মিনু মুমতাজ (জন্ম:মালিকুন্নিছা আলী; ২৬ এপ্ৰিল ১৯৪২ – ২৩ অক্টোবৰ ২০২১; Minoo Mumtaz; এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ ভাৰতৰ প্ৰখ্যাত কৌতুক অভিনেতা মেহমুদৰ ভনীয়েক আৰু মেহমুদ আলী চলচ্চিত্ৰ পৰিয়ালৰ অংশ আছিল।
-
মুনমুন দত্ত
মুনমুন দত্ত (Munmun Dutta; জন্ম: ২৮ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ হিন্দী টেলিভিছন উদ্যোগত কাম কৰে। হিন্দী ভাষাৰ চিটকম তাৰক মেহতা কা উল্টা চশমাত ববিতা আয়াৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
মেধা শংকৰ
মেধা শংকৰ (Medha Shankr; জন্ম: ১ আগষ্ট ১৯৯৭)
-
যোগিতা বালী
যোগিতা বালী ( Yogeeta Bali; জন্ম: ১৩ আগষ্ট ১৯৫২) এগৰাকী প্ৰাক্তন ভাৰতীয় বলীউড অভিনেত্ৰী। ১৯৭০ দশকৰ আৰম্ভণিৰ পৰা ১৯৮০ দশকৰ শেষলৈকে তেওঁ সক্ৰিয় আছিল।
-
যোগিতা বিহানী
যোগিতা বিহানী (জন্ম ৭ আগষ্ট ১৯৯৫) এজন ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত কাৰ্য্য কৰে। বিহানীয়ে প্ৰথমবাৰৰ বাবে অভিনয় আৰম্ভ কৰে টেলিভিছন চ’প অপেৰাৰ দিল হি তো হ্যায় (২০১৮–২০২০)ত।
-
লক্ষ্মী ছায়া
লক্ষ্মী ছায়া ( Laxmi Chhaya; ৭ জানুৱাৰী ১৯৪৮ – ৯ মে' ২০০৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু শিক্ষয়িত্ৰী, তেওঁ ৰূপায়ণ কৰা বিশিষ্ট চৰিত্ৰ আৰু হিন্দী ছবিত অভিনয়ৰ বাবে পৰিচিত আছিল। শিশু অভিনেতা হিচাপে বহুতো ছবিত অভিনয় কৰাৰ পিছত ছায়াই হৰৰ ছবি গুমনামত (১৯৬৫) দেখা দিছিল।
-
লীলা নাইডু
লীলা নাইডু ( Leela Naidu; ১৯৪০ – ২৮ জুলাই ২০০৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ বাস্তৱ জীৱনৰ নানাৱতী গোচৰৰ আধাৰত নিৰ্মিত য়ে ৰাষ্টে হ্যায় প্যাৰ কে (১৯৬৩) আৰু মাৰ্চেণ্ট আইভৰি প্ৰডাকচনৰ প্ৰথমখন ছবি দ্য হাউছহোল্ডাৰকে ধৰি কম সংখ্যক হিন্দী আৰু ইংৰাজী ছবিত অভিনয় কৰিছিল।
-
শতাব্দী ৰয়
শতাব্দী ৰায় (Satabdi Roy; জন্ম: ৫ অক্টোবৰ ১৯৬৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, চলচ্চিত্ৰ পৰিচালক আৰু ৰাজনীতিবিদ। অভিনেত্ৰী হিচাপে তেওঁ বাংলা চিনেমালৈ আগবঢ়োৱা কামৰ বাবে পৰিচিত। দুবাৰৰ বাবে তেওঁ বিএফজেএ বঁটা লাভ কৰিছে।
-
শাকিলা
শাকিলা (জন্ম:বাদশ্বাহ বেগম; (Shakila; ১ জানুৱাৰী ১৯৩৫ – ২০ ছেপ্টেম্বৰ ২০১৭) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী। গুৰু দত্তৰ ছবি আৰ পাৰ (১৯৫৪) আৰু চি.আই.ডি.ত (১৯৫৬) অভিনয় কৰাৰ বাবে তেওঁক জনা যায়।
-
শোভনা
শোভনা চন্দ্ৰকুমাৰ পিল্লাই (Shobana Chandrakumar Pillai; জন্ম: ২১ মাৰ্চ ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰতনাট্যম শিল্পী। তেওঁ প্ৰধানকৈ মালয়ালম ছবিৰ লগতে তেলুগু আৰু তামিল ছবিত অভিনয় কৰিছে। তাৰোপৰি কেইখনমান হিন্দী, কানাড়া আৰু ইংৰাজী ছবিতো অভিনয় কৰিছে।
-
শ্বীবা চাদ্ধা
শ্বীবা চাদ্ধা ( Sheeba Chaddha) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছন অভিনেত্ৰী। ২০২২ চনত বধাই দো আৰু ডক্টৰ জি ছবিত তেওঁ অভিনয় কৰে আৰু বধাই দোৰ ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰে।
-
শ্বেতা আগৰৱালা
শ্বেতা আগৰৱালা ঝা এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ৰাঘবেন্দ্ৰ (২০০৩), তন্দুৰী লাভ (২০০৮), আৰু শাপিত (২০১০) আদি চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ টেলিভিছন উপস্থাপক, সহ অভিনেতা তথা বলীউডৰ গায়ক আদিত্য নাৰায়ণৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে।
-
শ্বেতা বাসু প্ৰসাদ
শ্বেতা বাসু প্ৰসাদ (Shweta Basu Prasad, জন্ম ১১ জানুৱাৰী ১৯৯১) হৈছে এগৰাকী ভাৰতীয় কথাছবিৰ অভিনেত্ৰী। শ্বেতাই তেলুগু, তামিল, আৰু হিন্দী ছবিৰ উদ্যোগত নিজকে প্ৰতিষ্ঠিত কৰিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি শ্বেতা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যলৈ মনোনীত হৈছে।
-
শ্বেফালী জাৰিৱালা
শ্বেফালী জাৰিৱালা (Shefali Jariwala; ১৫ ডিচেম্বৰ ১৯৮২ – ২৭ জুন ২০২৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল আছিল। তেওঁ কেইবাখনো হিন্দী সংগীত ভিডিঅʼ, ৰিয়েলিটি শ্ব' আৰু চলচ্চিত্ৰত অভিনয় কৰিছিল। কাঁটা লগা শীৰ্ষক মিউজিক ভিডিঅ’ত অভিনয়ৰ বাবে তেওঁ পৰিচিত।
-
শ্যামা (অভিনেত্ৰী)
শ্যামা (জন্ম: খুৰচিদ আখটাৰ; Shyama; ৭ জুন ১৯৩৫-১৪ নবেম্বৰ ২০১৭) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। ১৯৪৫ৰ ১৯৮৯লৈ তেওঁ অভিনয় জীৱনত সক্ৰিয় হৈ আছিল। তেওঁক আৰপাৰ, বৰসাত কী ৰাত আদি ছবিৰ বাবে খ্যাত।
-
সঞ্জনা সাংঘী
সঞ্জনা সাংঘী (Sanjana Sanghi; জন্ম: ২ ছেপ্টেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০১১ চনৰ ৰকষ্টাৰ ছবিত এগৰাকী শিশু শিল্পী হিচাপে অভিনয়েৰে চলচ্চিত্ৰ জগতত খোজ দিয়ে।
-
সাধিকা ৰন্ধাৱা
সাধিকা ৰন্ধাৱা, যাক কেৱল সাধিকা নামেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী ভাষাৰ বলীউড ছবিত অভিনয় কৰিছে আৰু লগতে তামিল, তেলুগু, পঞ্জাবী, গুজৰাটী, মাৰাঠী আৰু ভোজপুৰী ভাষাৰ ছবিতো কাম কৰিছে। সাধিকাই ১৯৯৫ চনত সনম হৰজাই ছবিৰ জৰিয়তে আত্মপ্ৰকাশ কৰে।
-
সায়ালি ভগত
সায়ালি ভগত ( Sayali Bhagat) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী। ২০০৪ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ লাভ কৰাৰ লগতে মিছ ৱৰ্ল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
সাৰিকা
সাৰিকা ঠাকুৰ (Sarika Thakur) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু বেশভূষা ডিজাইনাৰ। ২০০৫ চনত ইংৰাজী ভাষাৰ পাৰজানিয়া ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। হে ৰাম (২০০১) ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ বেশভূষাৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও লাভ কৰে।
-
সুকুমাৰী
সুকুমাৰী আম্মা ( Sukumari Amma; ৬ অক্টোবৰ ১৯৪০- ২৬ মাৰ্চ ২০১৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁক মালয়ালম আৰু তামিল চলচ্চিত্ৰত কৰা কামৰ বাবে জনা যায়। পাঁচ দশকতকৈও অধিক সময়ৰ কৰ্মজীৱনত তেওঁ প্ৰধানকৈ মালয়ালম, তামিল, তেলেগু ভাষাৰ ২৫০০ খনতকৈও অধিক ছবিত অভিনয় কৰাৰ লগতে কম পৰিমাণে হিন্দী আৰু লগতে…