দিৱসসমূহ
১৩৫ প্ৰবন্ধ
-
বিশ্ব বন্যপ্ৰাণী দিৱস
বিশ্ব বন্যপ্ৰাণী দিৱস প্ৰতি বছৰে ৩ মাৰ্চ তাৰিখে পালন কৰা হয়। ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৬৮ তম অধিৱেশনত থাইলেণ্ডে আহ্বান কৰা আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্য জীৱ আৰু উদ্ভিদৰ বাণিজ্য অভিবৰ্তনৰ বাবে ৩ মাৰ্চক বন্যপ্ৰাণী দিৱস হিচাপে ঘোষণা কৰা হয়।
-
বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস
বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস প্ৰতি বছৰে ২৬ এপ্ৰিল তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থায়ে ২০০০ চনত পোন প্ৰথমবাৰৰ বাবে এই দিৱসৰ পালন কৰিছিল।
-
বিশ্ব মহাসাগৰ দিৱস
বিশ্ব মহাসাগৰ দিৱস (World Oceans Day) প্ৰতি বছৰে ৮ জুন তাৰিখে পালন কৰা হয়। ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিওত অনুষ্ঠিত আৰ্থ ছামিটত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় মহাসাগৰ উন্নয়ন কেন্দ্ৰ আৰু কানাডা মহাসাগৰ প্ৰতিষ্ঠানে মহাসাগৰৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলজ প্ৰাণী সমূহৰ সংৰক্ষণৰ উদ্দেশ্যে বিশ্ব মহাসাগৰ দিৱসৰ…
-
বিশ্ব মান দিৱস
বিশ্ব মান দিৱস (World Standards Day) প্ৰতি বছৰে ১৪ অক্টোবৰ তাৰিখে আন্তৰ্জাতিক ভাবে পালন কৰা হয়। পণ্য-সেৱা প্ৰভৃতিৰ মান উন্নয়নৰ লক্ষ্যত বিশ্বব্যাপী কৰ্মৰত বিভিন্ন স্বেচ্ছাসেৱী প্ৰতিষ্ঠানৰ অৱদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস অৱতাৰণা কৰা হৈছিল।
-
বিশ্ব মানসিক স্বাস্থ্য দিৱস
বিশ্ব মানসিক স্বাস্থ্য দিৱস (১০ অক্টোবৰ) হৈছে মানসিক স্বাস্থ্য শিক্ষা, সজাগতা সৃষ্টি, আৰু মানসিক স্বাস্থ্য বা মানসিক ৰোগৰ প্ৰতি থকা সামাজিক সংকোচবোধৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ উদ্দেশ্যে পালিত এক গোলকীয় দিৱস।ৱৰ্ল্ড ফেডাৰে'ছন ফৰ মেণ্টেল হেল্থৰ উদ্যোগত ইয়াক ১৯৯২ চনত পোনপ্ৰথমবাৰলৈ পালন কৰা হৈছিল।
-
বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস
বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুন তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়।
-
বিষ্ণু ৰাভা দিৱস
বিষ্ণু ৰাভা দিৱস বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো অসমত ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰা হয়। প্ৰত্যেক বছৰৰ ২০ জুন তাৰিখে এই দিনটো চৰকাৰী কাৰ্যসূচী হিচাপে শিক্ষানুষ্ঠানসমূহৰ লগতে অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহে উলহ-মালহেৰে পালন কৰি আহিছে।
-
ম'ল দিৱস
ম'ল দিৱস (ইংৰাজী:Mole Day) ৰসায়নবিদ, বিজ্ঞানী আৰু ছাত্ৰসকলে উদযাপন কৰা এক বিজ্ঞান বিষয়ৰ দিৱস। প্ৰতি বছৰে অক্টোবৰ মাহৰ ২৩ তাৰিখৰ পুৱা ৬ বাজি ২ মিনিটৰ পৰা আবেলি ৬ বাজি ২ মিনিটলৈ এই দিৱস পালন কৰা হয়। দিন লিখাৰ আমেৰিকান শৈলী মতে এই সময়ছোৱাক ৬:০২ ১০/২৩ হিচাপে লিখা হয়।
-
মাৰাঠী ভাষা দিৱস
মাৰাঠী ভাষা দিৱস (ইংৰাজী: Marathi Language Day, মাৰাঠী: मराठी भाषा दिवस)প্ৰত্যেক বছৰৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ আৰু গোৱাত পালন কৰা হয়। এই দিৱসটো ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। প্ৰসিদ্ধ মাৰাঠী কবি বিষ্ণু বামন শিৰবাদকাৰৰ জন্মদিৱসত এই দিৱস পালন কৰা হয়।
-
শিশু দিৱস (ভাৰত)
শিশু দিৱস হৈছে শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা এক দিৱস। শিশুৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হোৱা বুলি জনাজাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনত প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়।
-
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস (ইংৰাজী: National Girl Child Day) হৈছে ভাৰতবৰ্ষত প্ৰত্যেক বছৰে ২৪ জানুৱাৰীত পালন কৰা এটা ৰাষ্ট্ৰীয় দিৱস। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ভাৰতীয় সমাজত নাৰীৰ প্ৰতি থকা ভেদাভেদ আৰু লিংগ বৈষম্য বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই…
-
ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস
ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস ভাৰতৰ পঞ্চায়ত মন্ত্ৰালয়ে প্ৰতিবছৰে ২৪ এপ্ৰিল তাৰিখে গোটেই ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সজাগতাৰ সৃষ্টিৰ বাবে উদযাপন কৰা দিৱস। ২০১০ চনৰ ২৪ এপ্ৰিল তাৰিখে তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ ঘোষণা কৰিছিল।
-
ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস
স্বাধীন যুগত অৰ্থনৈতিক পৰিকল্পনা আৰু পৰিসাংখ্যিক বিকাশৰ ক্ষেত্ৰত প্ৰশান্ত চন্দ্ৰ মাহালান'বিছে আগবঢ়া উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে, ভাৰত চৰকাৰে তেওঁৰ জন্মবাৰ্ষিকীৰ সংগতি ৰাখি প্ৰতি বছৰে ২৯ জুনক ৰাষ্ট্ৰীয় পৰ্য্যায়ত পৰিসংখ্যা দিৱস হিচাপে নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লৈছিল।
-
ৰাষ্ট্ৰীয় মতদাতা দিৱস
ৰাষ্ট্ৰীয় মতদাতা দিৱস ভাৰতত প্ৰতি বছৰে ২৫ জানুৱাৰী তাৰিখে পালন কৰা হয়। ২০১১ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰতৰ নিৰ্বাচনী আয়োগৰ ৬১তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এই দিৱসৰ আনুষ্ঠানিক পাতনি কৰিছিল।
-
ৰাষ্ট্ৰীয় মহাকাশ দিৱস
ৰাষ্ট্ৰীয় মহাকাশ দিৱস (National Space Day) প্ৰতি বছৰে ভাৰতত ২৩ আগষ্ট তাৰিখে পালন কৰা হয়। ২০২৩ চনৰ ২৩ আগষ্ট তাৰিখে ভাৰতে চন্দ্ৰযান-৩ৰ জৰিয়তে চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু দক্ষিণ মেৰু অঞ্চলত উপনীত হোৱা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।
-
ৰাষ্ট্ৰীয় যুৱ দিৱস
ৰাষ্ট্ৰীয় যুৱ দিৱস ভাৰতত প্ৰতি বছৰে ১২ জানুৱাৰী তাৰিখে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে পালন কৰা হয়। ১৯৮৪ চনত ভাৰত চৰকাৰে স্বামী বিবেকানন্দৰ জন্মদিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হব বুলি ঘোষণা কৰিছিল। ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়।
-
আন্তৰ্জাতিক অনুবাদ দিৱস
আন্তৰ্জাতিক অনুবাদ দিৱস হৈছে অনুবাদ পেছাদাৰীসকলক স্বীকৃতি দিয়া এক আন্তঃৰাষ্ট্ৰীয় দিৱস। ৩০ ছেপ্তেম্বৰ তাৰিখটো বাইবেল অনুবাদক চেণ্ট জেৰমৰ উৎসৱৰ দিন হিচাপে এই অনুবাদ দিৱস পালিত হৈছে।
-
আন্তৰ্জাতিক কন্যা শিশু দিৱস
আন্তৰ্জাতিক কন্যা শিশু দিৱস (International Day of the Girl Child) গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসমূহে প্ৰতিবছৰে ১১ অক্টোবৰ তাৰিখে পালন কৰে। এই দিৱসক ছোৱালীৰ দিন বুলিও কোৱা হয়। ২০১২ চনৰ ১১ অক্টোবৰ তাৰিখে প্ৰথম এই দিৱস পালন কৰা হৈছিল। লিংগ বৈষম্য দূৰ কৰা এই দিৱসৰ অন্যতম প্ৰধান উদ্দেশ্য।
-
আন্তৰ্জাতিক দবা দিৱস
আন্তৰ্জাতিক দবা দিৱস প্ৰতি বছৰে ২০ জুলাই তাৰিখে দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে পালন কৰা হয়। ১৯২৪ চনৰ ২০ জুলাই তাৰিখে ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত বিশ্ব দবা সন্থা গঠন কৰা হৈছিল। এইদিনৰ স্মৃতি হিচাপে প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশত বিশ্ব দবা দিৱস পালন কৰা হয়।
-
আন্তৰ্জাতিক সাক্ষৰতা দিৱস
১৯৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (ইউনেস্কো)-ৱে ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে। ইয়াক ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজিক ভিত্তিত সাক্ষৰতাৰ আৱশ্যকতা দাঙি ধৰা।
-
আম্বেদকাৰ জয়ন্তী
আম্বেদকাৰ জয়ন্তী বা ভীম জয়ন্তী (Ambedkar Jayanti) ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে ১৪ এপ্ৰিল তাৰিখে ভাৰতীয় আইনবিদ, অৰ্থনীতিবিদ, সমাজ সংস্কাৰক আৰু ৰাজনৈতিক নেতা তথা ভাৰতৰ সংবিধানৰ পিতৃস্বৰূপ ভীমৰাও ৰামজী আম্বেদকাৰৰ জন্মোৎসৱ হিচাপে পালন কৰা হয়। ১৮৯১ চনৰ ১৪ এপ্ৰিল তাৰিখে আম্বেদকাৰৰ জন্ম হৈছিল।
-
গোলকীয় হাতধোৱা দিৱস
গোলকীয় হাত ধোৱা দিৱস বা বিশ্ব হাত ধোৱা দিৱস হৈছে বিশ্বব্যাপী ফলপ্ৰসূ ভাৱে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলাৰ হেতু জনসাধাৰণক সচেতন কৰিবৰ বাবে চলা এক অভিযান। ২০১৮ চনৰ পৰা প্ৰত্যেক বছৰে ১৫ অক্টোবৰৰ দিনটো বিশ্বব্যাপী ‘গোলকীয় হাত ধোৱা দিৱস’ ৰূপে পালন কৰি অহা হৈছে।
-
পিতৃ-মাতৃ পূজন দিৱস
পিতৃ-মাতৃ পূজন দিৱস ভাৰতীয় আধ্যাত্মিক নেতা আশাৰামে ২০০৭ চনত আৰম্ভ কৰিছিল ভেলেণ্টাইন দিৱসৰ বিকল্প হিচাপে। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ইয়াক পালন কৰা হয়। ই সংস্কৃত শব্দ মাতৃ (मातृ, mātṛ) আৰু পিতৃ (पितृ, pitŕ)-ৰ পৰা অহা।
-
বিজয় দিৱস (বাংলাদেশ)
বিজয় দিৱস (বাংলা: বিজয় দিবস, ইংৰাজী: Vijay Divas, The Victory Day) হ'ল বাংলাদেশৰ এটা ৰাষ্ট্ৰীয় দিৱস। প্ৰতিবছৰৰ ১৬ ডিচেম্বৰ তাৰিখে বাংলাদেশত এই দিৱস বিশেষভাৱে পালন কৰা হয়। ১৯৭২ চনৰ ২২ জানুৱাৰীত এই দিৱসটোক বাংলাদেশৰ ৰাষ্ট্ৰীয় দিৱস হিচাপে ঘোষণা কৰা হয়।
-
বিশ্ব উচ্চ ৰক্তচাপ দিৱস
বিশ্ব উচ্চ ৰক্তচাপ দিৱস (World Hypertension Day) হৈছে উচ্চ ৰক্তচাপ প্ৰতিৰোধ, ধৰা পেলোৱা আৰু নিয়ন্ত্ৰণৰ বাবে সজাগতা আৰু প্ৰচাৰৰ উদ্দেশ্যে প্ৰতি ১৭ মে' তাৰিখে পালন কৰা এক দিৱস। উচ্চ ৰক্তচাপ হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ প্ৰধান বিপদজনক কাৰক।
-
বিশ্ব কৰ্কট ৰোগ দিৱস
বিশ্ব কৰ্কট ৰোগ দিৱস (ইংৰাজী: World Cancer Day) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সকলে পালন কৰে। কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে ৰোগ চিনাক্ত কৰণ সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা এই দিৱসৰ মূল উদ্দেশ্য।
-
বিশ্ব ঘৰচিৰিকা দিৱস
বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে ঘৰচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয়। ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত।
-
বিশ্ব জনসংখ্যা দিৱস
বিশ্ব জনসংখ্যা দিৱস (World Population Day) হৈছে এক বাৰ্ষিক অনুষ্ঠান। প্ৰতি বছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। ইয়াৰ দ্বাৰা বিশ্ব জনসংখ্যাৰ বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়। ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ গভৰ্নিং কাউন্সিলে এই দিৱসৰ ঘোষণা কৰে।
-
বিশ্ব জলাশয় দিৱস
বিশ্ব জলাশয় দিৱস (World Wetlands Day) হৈছে পৰিৱেশ সম্পৰ্কীয় এক উদ্যাপন যি ১৯৭১ চনৰ পৰা আৰম্ভ হয়। কেইবাজনো পৰিৱেশবিদে জলাশয়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰি সেই সম্পৰ্কে এটা বিহীত ব্যৱস্থা ল'বলৈ একত্ৰিত হোৱাৰ প্ৰয়াসৰ ফলস্বৰূপে এই দিৱসে জন্মলাভ কৰে।
-
বিশ্ব ডাউন চিনড্ৰম দিৱস
বিশ্ব ডাউন চিণ্ড্ৰম দিৱস (World Down Syndrome Day বা WDSD) ২০০৭ চনৰ পৰা, প্ৰতি বছৰে ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ২১ মাৰ্চৰ দিনটো (বছৰৰ ৩য় মাহ) ২১তম ক্ৰম’জমৰ ট্ৰিপ্লিকেচন (ট্ৰাইছ’মী)ৰ স্বকীয়তাক বুজাবলৈ বাছনি কৰা হৈছিল যিয়ে ডাউন চিণ্ড্ৰমৰ সৃষ্টি কৰে।