পিতৃ-মাতৃ পূজন দিৱস ভাৰতীয় আধ্যাত্মিক নেতা আশাৰামে ২০০৭ চনত আৰম্ভ কৰিছিল ভেলেণ্টাইন দিৱসৰ বিকল্প হিচাপে।১২৩ প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ইয়াক পালন কৰা হয়।৪ ই সংস্কৃত শব্দ মাতৃ (मातृ, mātṛ) আৰু পিতৃ (पितृ, pitŕ)-ৰ পৰা অহা।
ইতিহাস
এই দিৱস পোন প্ৰথমে ২০০৭ চনৰ ১৪ ফেব্ৰুৱাৰীত আহমেদাবাদৰ আশাৰামৰ গুৰুকুলত উদযাপন কৰা হৈছিল।৫ গণেশৰ দ্বাৰা শিৱ আৰু পাৰ্বতীৰ পূজনৰ আৰ্হিতে এই উৎসৱ।৬
দ্য হিন্দু অনুসৰি আশাৰামৰ উপদেশ শিৰোগত কৰি ভাৰতৰ ৰাজ্য ছত্তীছগঢ়ে মাতৃ-পিতৃ পূজন দিৱস ২০১২ চনৰ পৰা পালন কৰি আহিছে।৭৮৯১০ মুখ্যমন্ত্ৰী ৰমন সিঙৰ আদেশ অনুসাৰে ছত্তীছগঢ় চৰকাৰে বিদ্যালয় আৰু মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে এই দিৱস উদযাপন কৰে।১১১২ ২০১৩ চনত ভুৱনেশ্বৰৰ কিছুমান বিদ্যালয় আৰু মহাবিদ্যালয়ত পিতৃ-মাতৃ পূজন দিৱস উদযাপন কৰা আৰম্ভ হয়।১৩১৪ ২০১৫ চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এই দিনটোক ৰাজহুৱা উদযাপনৰ দিৱস হিচাপে স্বীকৃতি দিয়ে।১৫১২ ২০১৫ চনত সোঁপন্থী ৰাজনৈতিক দল অখিল ভাৰতীয় হিন্দু মহাসভাই ইয়াক অনুমোদন জনাইছিল।১৫ ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীত এটা বেচৰকাৰী সংস্থা ভাৰতীয় যুৱ শক্তিয়ে ছত্ৰপতি শিৱাজী ক্ৰীড়া মণ্ডল, নেহৰু নাগাৰ, কুৰলাত বহল ভিত্তিত এই দিৱস পালন কৰে। অনুষ্ঠানটোৱে পিতৃ-মাতৃ আৰু সন্তানৰ তাত্ত্বিক আৰু প্ৰায়োগিক মূল্যবোধক গুৰুত্ব দিয়ে।১৬১৭ জম্মুত সনাতন ধৰ্ম সভাই ২০১৫, ২০১৬ আৰু ২০১৭ চনত এই দিৱস পালন কৰিছিল।১৮১৯২০ ২০১৭ চনত মধ্য প্ৰদেশৰ জিলা সংগ্ৰাহকে বিদ্যালয়, যুব প্ৰজন্মৰ বাবে এখন নিৰ্দেশনা পত্ৰ জাৰি কৰি ১৪ ফেব্ৰুৱাৰীক পিতৃ-মাতৃ পূজন দিৱস হিচাপে পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছিল।২১২২ ২০১৭ চনৰ ডিচেম্বৰত ঝাৰখণ্ডৰ শিক্ষা-মন্ত্ৰী, নীৰা যাদৱে ২০১৮ চনত দিৱসটো উদযাপনৰ বাবে ৰাজ্যৰ ৪০,০০০খন চৰকাৰী বিদ্যালয়লৈ নিৰ্দেশনা জাৰী কৰিছিল।২৩২৪ ২০১৮ চনত গুজৰাট প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু স্বামীনাৰায়ণ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এই দিৱস পালন কৰা হয়।২৫ ২০১৯ চনত গুজৰাটৰ শিক্ষামন্ত্ৰী ভূপেন্দ্ৰসিং সুডাছমাই ১৪ ফেব্ৰুৱাৰীত পিতৃৃ-মাতৃ পূজন দিৱস পালন কৰাটো প্ৰশংসা কৰিছিল।২৬
উদ্যাপন
মাত্ৰো পিত্ৰো পূজন দিৱস
মাত্ৰো পিত্ৰো পূজন দিৱস (মাত্ৰা পিত্ৰা পূজন দিৱস বুলিও জনা যায়) আশাৰামে আৰম্ভ কৰা এক উৎসৱ। এই দিনটোত সকলো ধৰ্মৰে ল'ৰা-ছোৱালীয়ে পিতৃ-মাতৃক তিলক লগাই পূজা কৰে আৰু আশীৰ্বাদ লয়।২৫ দেখা যায় যে ই পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্কৰ এনাজৰী সুদৃঢ় কৰে আৰু শ্ৰদ্ধা, আনুগত্য, মানৱীয়তা প্ৰভৃতি গুণসমূহ সন্তানে আহৰণ কৰে। সোঁপন্থী দলৰ কৰ্মীসকলে দাবী কৰে যে এই দিৱসৰ উদযাপনৰ দ্বাৰা কিশোৰী গৰ্ভধাৰণ ৰোধ কৰিব পাৰি।২৭ মহাৰাষ্ট্ৰ, হাৰিয়ানা, উৰিষ্যা, ছত্তীশগড়, মধ্য প্ৰদেশ আদি ৰাজ্যত আনুষ্ঠানিকভাৱে ভেলেণ্টাইন দিৱসক মাত্ৰো পিত্ৰো পূজন দিৱস হিচাপে পুনৰনামকৰণ কৰা হয়।২৮২৯৩০
চত্তীশগড়ত ডাইৰক্টৰেট অব পাব্লিক ইনষ্ট্ৰাকচনচৰ অনুসৰি প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন দিৱসৰ সলনি পিতৃ-মাতৃ পূজন দিৱস পালন কৰা হয়।৩১ অভিভাৱকসকলক সেই দিনটোত বিদ্যালয়লৈ নিমন্ত্ৰণ জনোৱা হয় আৰু ল'ৰা-ছোৱালীবোৰে আৰতি আৰু মিঠাইৰে তেওঁলোকক পূজা কৰে।৩১ বহুসংখ্যক জনসাধাৰণে সাংস্কৃতি প্ৰমূল্য, পাৰিবাৰিক বান্ধোন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিৱসৰ প্ৰতি সন্মতি প্ৰদান কৰে।৩২
আব্বা আম্মি ইবাদত দিৱস
মুছলিম ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পিতৃ-মাতৃক 'আব্বা আম্মি ইবাদত দিৱস' পালনেৰে তেওঁলোকৰ মৰম প্ৰকাশ কৰে।৩৩
তথ্যসূত্ৰ
- ↑ (February 15, 2011). Indianisation of Valentine's Day. The New Indian Express
- ↑ Dahat, Pavan. (2015-02-07). Valentine's Day to be Parents' Day in Chhattisgarh. The Hindu
- ↑ Bhattacharya, D.P. (January 29, 2012). Worship parents on Valentine's Day, says Asaram Bapu. India Today
- ↑ It's official: Chhattisgarh renames Valentines Day as 'Matru-Pitru Diwas' - Times of India. The Times of India
- ↑ Newsd. (2019-02-14). Valentine's Day sounds too mainstream? Celebrate Matra Pitra Pujan Diwas this time. News and Analysis from India. A Refreshing approach to news.
- ↑ Network, Monitor News. 'Parents Worship Day' as substitute of 'Valentine Day' - JK MONITOR. jkmonitor.org
- ↑ Dahat, Pavan. (2015-02-07). Valentine's Day to be Parents' Day in Chhattisgarh. The Hindu
- ↑ (2017-12-24). Parents Worship Day: After Chhattisgarh, Jharkhand To Implement Jailed Godman Asaram's Advice. www.outlookindia.com
- ↑ प्रियदर्शी, राजेश. (2017-02-14). आसाराम बापू का वेलेंटाइंस डे आइडिया. BBC News हिंदी
- ↑ Bhardwaj, Ashutosh. (February 13, 2012). V-Day to be Matri-Pitra Divas in Chhattisgarh schools. Indian Express
- ↑ Chhattisgarh CM declares Valentine's Day as 'Matru-Pitru Diwas' " (February 9, 2015). ইণ্ডিয়া টুডে. Retrieved December 25, 2017
- ↑ Kishore, Lalit. (February 13, 2013). Chhattisgarh makes Parents Worship Day a compulsory observance in schools on February 14. Meri News
- ↑ Singha, Minati. (February 15, 2013). Children 'worship' parents, teachers. The Times of India
- ↑ (2017-02-15). 'Kids' future brightened by parents' blessings'. The Pioneer
- ↑ (February 7, 2015). It's official: Chhattisgarh renames V-Day as 'Matru-Pitru Diwas'. The Times of India
- ↑ Matru-Pitru Pujan Diwas in Kurla today. www.afternoondc.in
- ↑ Matru-Pitru Pujan Diwas Celebrated With Fervour Throughout the Nation -- NEW DELHI, February 18, 2014 /PR Newswire India/ --. www.prnewswire.co.in
- ↑ (11 February 2015). Sanatan Dharam Sabha to celebrate 'Parents Worship Day' on Feb 14. Daily Excelsior
- ↑ (February 9, 2016). Sanatan Sabha to celebrate Parents Worship Day. State Times
- ↑ (14 February 2017). Sanatan Dharam Sabha Celebrates "Matra Pitra Poojan Diwas". The Mandate
- ↑ (2017-02-10). Collector in Madhya Pradesh asks people to worship their parents on Valentine's Day. The Indian Express
- ↑ (10 February 2017). Madhya Pradesh: Chhindwara collector asks people to worship their parents on Valentine's Day. The Financial Express
- ↑ (2017-12-24). Parents Worship Day: After Chhattisgarh, Jharkhand To Implement Jailed Godman Asaram's Advice. outlookindia
- ↑ (2017-12-24). Now, 'parent puja' in Jharkhand schools to teach kids respect - Times of India. The Times of India
- ↑ Feb 15, TNN · Updated; 2018; Ist, 6:29. valentine day: Parents' Worship Day observed as Valentine Day counter · Ahmedabad News - Times of India. The Times of India
- ↑ Gujarat minister Bhupendrasinh Chudasama praises rape-convict Asaram's ashram for planning 'Matru-Pitru Divas' on 14 February. Firstpost
- ↑ (2015-02-06). This Valentine's Day, Hindu hardliners to preach message of love — with a twist. The Indian Express
- ↑ (2017-02-10). Worship your parents on Valentine's Day, MP Collector issues notice. Zee News
- ↑ (2015-02-07). Valentine's Day renamed as 'Matru-Pitru Diwas' in Chhattisgarh. indiatvnews.com
- ↑ (2017-02-10). वैलंटाइंस डे पर कलेक्टर का नोटिस, मातृ-पितृ पूजन दिवस मनाओ - Navbharat Times. Navbharat Times
- ↑ DelhiFebruary 9, IndiaToday in New; February 9, 2015UPDATED; Ist, 2015 15:58. Chhattisgarh CM declares Valentine's Day as 'Matru-Pitru Diwas'. India Today
- ↑ (2020-02-14). Parents Worship Day is taking over Valentine’s Day on Twitter: What is it all about?. Hindustan Times
- ↑ (2016-02-15). Muslim students express love for parents - Ahmedabad Mirror. Ahmedabad Mirror
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিতৃ-মাতৃ পূজন দিৱস” প্ৰবন্ধৰ সংশোধন ৫৭০৫৩১ (২০ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।