দিৱসসমূহ
১৩৫ প্ৰবন্ধ
-
আন্তৰ্জাতিক অহিংসা দিৱস
আন্তৰ্জাতিক অহিংসা দিৱস (International Day of Non-Violence) প্ৰতি বছৰে অক্টোবৰ মাহৰ ২ তাৰিখে মহাত্মা গান্ধীৰ জন্মদিনৰ দিনা গোটেই বিশ্বজুৰি পালন কৰা হয়। ভাৰতত এই দিনটো গান্ধী জয়ন্তী হিচাপে পালন কৰা হয়।
-
আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস
আন্তৰ্জাতিক হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়া বিৰোধী দিৱস পৃথিৱীৰ যৌন আৰু লৈংগীক সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য আৰু ঘৃণাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে মে মাহৰ ১৭ তাৰিখে এই দিৱস পালন কৰা হয়।
-
বিশ্ব কবিতা দিৱস
বিশ্ব কবিতা দিৱস ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইয়াৰ ঘোষণা ইউনেস্ক'ই (UNESCO, The United Nations Educational, Scientific and Cultural Organization) ১৯৯৯ চনত কৰিছিল। এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে।
-
বিশ্ব গ্ৰন্থ দিৱস
বিশ্ব গ্ৰন্থ দিৱস বা বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস বা আন্তঃৰাষ্ট্ৰীয় কিতাপৰ দিন প্ৰতি বছৰে ২৩ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা এক দিৱস। ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে গ্ৰন্থ অধ্যয়ন, প্ৰকাশৰ আৰু কপিৰাইটৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱসৰ পাতনি মেলিছিল।
-
ভাৰতীয় সেনা দিৱস
ভাৰতীয় সেনা দিৱস প্ৰতি বছৰে ১৫ জানুৱাৰী তাৰিখে পালন কৰা হয়। ১৯৪৯ চনৰ ১৫ জানুৱাৰী তাৰিখে ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ ইন চীফ কন্দনডেৰা এম. কাৰীয়াপ্পায়ে (তেতিয়া লেফটেনেণ্ট জেনেৰেল) অন্তিম ব্ৰিটিছ কমাণ্ডাৰ ইন চীফ জেনেৰেল ছাৰ ফ্ৰান্সিছ বুটচাৰৰ পৰা কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল।
-
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস
ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (National Sports Day) বিভিন্ন দেশত পালন কৰা এটা ৰাজহুৱা দিৱস। দেশসমূহৰ ৰাষ্ট্ৰীয় ক্ৰীড়া দলসমূহ আৰু পৰম্পৰাগত খেলসমূহৰ সন্মানাৰ্থে এই দিৱস পালন কৰা হয়। এই দিনটোত বিভিন্ন বয়সৰ জনতাই কাবাডী, মাৰাথন, বাস্কেটবল, হকী আদি খেলত অংশগ্ৰহণ কৰে।
-
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস
ৰাষ্ট্ৰীয় চিকিৎসক দিৱস হৈছে ব্যক্তি তথা সমাজলৈ চিকিৎসক সকলৰ অৱদানক স্বীকৃতি প্ৰদান কৰি উদযাপন কৰা এক দিৱস বিশেষ। দিনটো চিহ্নিত কৰিবলৈ উদযাপিত স্মৰণীয় অনুষ্ঠানৰ তাৰিখটো ৰাষ্ট্ৰভেদে পৃথক হ'ব পাৰে।
-
অভিৰুচি ক্ৰীড়া দিৱস
অভিৰুচি ক্ৰীড়া দিৱস হৈছে অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আয়োজিত হোৱা এক ক্ৰীড়া দিৱস৷ ১৯৮৪ চনৰ পৰা প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷ অভিৰুচি নামৰ অসমীয়া ক্ৰীড়া আলোচনী এখনৰ সম্পাদক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ উদ্যোগত এই ক্ৰীড়া…
-
আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস
আন্তঃৰাষ্ট্ৰীয় অগ্নিনিৰ্বাপক কৰ্মীসকলৰ দিৱস ( International Firefighters' Day) প্ৰতি বছৰে ৪ মে' তাৰিখে পালন কৰা হয়। ১৯৯৯ চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। সেই বছৰৰ অষ্ট্ৰেলিয়াত বনজুই নিৰ্বাপনৰ জড়িত পাঁচজনকৈ অগ্নিনিৰ্বাপকৰ কৰ্মী দুৰ্ঘটনাতপতিত হৈ অগ্নিদগ্ধ হয়।
-
আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস
আন্তঃৰাষ্ট্ৰীয় খিলঞ্জীয়া দিৱস বা বিশ্ব আদিবাসী দিৱস প্ৰতি বছৰে আগষ্ট মাহৰ ৯ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। বিশ্বৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰৰ ৰক্ষা কৰিবলৈ আৰু তেওঁলোকৰ অভিব্যক্তিক গোটেই বিশ্বৰ আগত দাঙি ধৰিবলৈ এই দিৱস পালন কৰা হয়।
-
আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস
আন্তঃৰাষ্ট্ৰীয় বিধৱা দিৱস হৈছে "বহু দেশত লাখ লাখ বিধৱা আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল লোকে সম্মুখীন হোৱা দৰিদ্ৰতা আৰু অন্যায়"ৰ সমাধানৰ বাবে ৰাষ্ট্ৰসংঘৰ অনুমোদিত কাৰ্যসূচী। প্ৰতি বছৰে ২৩ জুনত এই দিৱস পালন কৰা হয়।
-
আন্তঃৰাষ্ট্ৰীয় হস্তমৈথুন মাহ
ৰাষ্ট্ৰীয় হস্তমৈথুন দিৱস, আন্তৰ্জাতিক হস্তমৈথুন দিৱস (International Masturbation Day) হৈছে "হস্তমৈথুন কৰাৰ অধিকাৰ"ক সুৰক্ষিত আৰু উদযাপনৰ বাবে অনুষ্ঠিত হোৱা এক বাৰ্ষিক অনুষ্ঠান।
-
আন্তৰ্জাতিক চাহ দিৱস
আন্তৰ্জাতিক চাহ দিৱস প্ৰতি বছৰে ২১ মে' তাৰিখে গোটেই বিশ্বজুৰি উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থায়ে ২০১৯ চনৰ ২১ ডিচেম্বৰত গ্ৰহণ কৰা সংকল্প অনুসৰি এই দিৱস ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে উদযাপন কৰে।
-
আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস
সমগ্ৰ বিশ্বত ২২ মে’ তাৰিখে আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস বা বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস পালন কৰা হয়। ২০০০ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা এই দিৱসৰ লক্ষ্য হৈছে চলি থকা জৈৱ বৈচিত্ৰ্যৰ বিষয়সমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লগতে আমাৰ গ্ৰহটোৰ উদ্ভিদ আৰু প্ৰাণীসমূহ জীয়াই ৰাখিবলৈ…
-
আন্তৰ্জাতিক ধাত্ৰী দিৱস
আন্তৰ্জাতিক ধাত্ৰী দিৱস (International Nurses Day (IND)) সমগ্ৰ বিশ্বতে প্ৰতিবছৰে ১২ মে’ তাৰিখে পালন কৰা হয়। ১৮২০ চনৰ আজিৰ তাৰিখত আধুনিক নাৰ্ছিং সেৱাৰ মাৰ্গদৰ্শক ফ্লোৰেন্স নাইটিংগেলৰ জন্ম হৈছিল।
-
আন্তৰ্জাতিক পুৰুষ দিৱস
আন্তৰ্জাতিক পুৰুষ দিৱস হৈছে পুৰুষৰ সাংস্কৃতিক, ৰাজনৈতিক, আৰু আৰ্থ-সামাজিক কৃতিত্বক স্বীকৃতি আৰু উদযাপনৰ বাবে প্ৰতি বছৰে ১৯ নৱেম্বৰত বিশ্বব্যাপী পালন কৰা এক দিৱস। আন্তৰ্জাতিক পুৰুষ দিৱস উদযাপনৰ উদ্দেশ্যসমূহ 'আন্তৰ্জাতিক পুৰুষ দিৱসৰ ছয়টা স্তম্ভ'ত উল্লেখ কৰা হৈছে।
-
আন্তৰ্জাতিক যোগ দিৱস
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস (International Yoga Day) হিচাপে ঘোষণা কৰে। যোগ হ'ল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া।
-
আন্তৰ্জাতিক শান্তি দিৱস
আন্তৰ্জাতিক শান্তি দিৱস (International Day of Peace) বা বিশ্ব শান্তি দিৱস (World Peace Day) প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সমূহ ৰাষ্ট্ৰসকলে পালন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা এই দিৱসৰ মূল উদ্দ্যেশ্য। হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতা জাগ্ৰত কৰা এই দিৱসৰ অন্যতম লক্ষ্য।
-
এপ্ৰিল ফুল দিৱস
এপ্ৰিল ফুল দিৱস বহু দেশত ১ এপ্ৰিলৰ দিনা পালন কৰা হয়। সকলো মুৰ্খৰ দিন (All Fools' Day) বুলিও অভিহিত কৰা এই দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন নহয়। এই দিনটোত মানুহবোৰে উৰাবাতৰি প্ৰচাৰ কৰি আৰু নিৰ্দোষ ধেমালিৰে ইজনে সিজনক মুৰ্খ সজাৰ প্ৰয়াস কৰে।
-
কাৰ্গিল বিজয় দিৱস
কাৰ্গিল বিজয় দিৱস প্ৰতিবছৰে ২৬ জুলাই তাৰিখে পালন কৰা হয়। ১৯৯৯ চনৰ এই তাৰিখত ভাৰতে সফলতাৰে কাৰ্গিলৰ উচ্চ চৌকিসমূহ পুনৰ নিয়ন্ত্ৰণলৈ আনিছিল। কাৰ্গিল যুদ্ধ ৬০ দিনতকৈও অধিক সময় ধৰি চলিছিল আৰু ১৯৯৯ চনৰ ২৬ জুলাইত সমাপ্ত হৈছিল।
-
তুলসী পূজন দিৱস
তুলসী পূজন দিৱস (Tulsi Pujan Diwas) হৈছে এক ভাৰতীয় উৎসৱ। প্ৰতি বছৰে ২৫ ডিচেম্বৰৰ দিনা এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ দিনা তুলসী গছ ৰোপণ কৰি ইয়াৰ পূজা-অৰ্চনা কৰা হয়। এই উৎসৱ পোনপ্ৰথনে আশাৰাম বাপুৱে আৰম্ভ কৰিছিল। হিন্দুধৰ্ম অনুযায়ী তুলসীক ঔষধি আৰু আধ্যাত্মিক, এই দুইধৰণে ব্যৱহাৰ কৰা হয়।
-
পিতৃ দিৱস
পিতৃ দিৱস বা ফাদাৰছ্ ডে বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা দিৱস। পিতৃ দিৱসত পিতৃত্ব, পিতৃত্ব বান্ধোন তথা সমাজত পিতাসমূহৰ প্ৰভাৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ধন্যবাদসূচক হিচাপে পালন কৰা হয়। পিতৃসকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱা পিতৃ দিৱস এক মাধ্যম।
-
বক্সিং ডে'
বক্সিং ডে বৰদিনৰ পাছদিনা পৰম্পৰাগতভাৱে পালন কৰা এটা বন্ধৰ দিন। এইদিনা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, হংকং, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কেনিয়া, দক্ষিণ আফ্ৰিকা, গায়ানা, ট্ৰিনিদাদ এণ্ড টবেগ', জামাইকা আৰু আন কমন্ৱেল্থ ৰাষ্ট্ৰসসমূহত লগুৱা আৰু ব্যৱসায়ীসকলে তেওঁলোকৰ ওপৰৱালা বা নিয়োগকৰ্তাৰ পৰা…
-
বিশ্ব কাছ দিৱস
বিশ্ব কাছ দিৱস (World Turtle Day) হৈছে প্ৰতি বছৰে ২৩ মে'ত উদ্যাপন কৰা এক বাৰ্ষিক দিৱস। ২০০০ চনত আমেৰিকাৰ কাছ উদ্ধাৰকাৰী সংস্থা “American Tortoise Rescue”ৰ পৃষ্ঠপোষকতাত এই দিৱসৰ প্ৰচলন কৰা হৈছিল।
-
বিশ্ব গাখীৰ দিৱস
বিশ্ব গাখীৰ দিৱস বা বিশ্ব দুগ্ধ দিৱস (World Milk Day) হৈছে গোলকীয় খাদ্য হিচাপে গাখীৰৰ গুৰুত্ব উপলব্ধি কৰিবলৈ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (এফ.এ.অ’.)ৰ দ্বাৰা প্ৰতিষ্ঠাপিত এক আন্তৰ্জাতিক দিৱস। ২০০১ চনৰ ১ জুন তাৰিখে খাদ্য আৰু কৃষি সংস্থা (FAO)ৰ দ্বাৰা প্ৰথম বিশ্ব গাখীৰ দিৱস পালন কৰা হৈছিল।
-
বিশ্ব চাইকেল দিৱস
বিশ্ব চাইকেল দিৱস (World Bicycle Day) প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
-
বিশ্ব জল দিৱস
বিশ্ব জল দিৱস হৈছে ২২ মাৰ্চত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ বাৰ্ষিক উদযাপনৰ দিৱস। এই দিৱসৰ দিনা মিঠা পানীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। এই দিনটোত মিঠা পানীক সম্পদ হিচাপে ইয়াৰ বহনক্ষম ব্যৱস্থাপনাৰ পোষকতা কৰা হয় ৷ প্ৰতি বছৰৰ বিষয়বস্তুৱে বিশুদ্ধ পানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সৈতে জড়িত…
-
বিশ্ব প্ৰাণী দিৱস
বিশ্ব প্ৰাণী দিৱস বিশ্বৰ সমুদায় প্ৰাণীকূলৰ অধিকাৰ আৰু কল্যাণৰ বাবে পালন কৰা আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে অক্টোবৰ মাহৰ ৪ তাৰিখে প্ৰাণীৰ চেইণ্ট, এচিছিৰ ফ্ৰান্সিছৰ উপবাস দিৱসৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়।
-
বিশ্ব পৰ্যটন দিৱস
বিশ্ব পৰ্যটন দিৱস (World Tourism Day) ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্বব্যাপী পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে। এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা।
-
বিশ্ব বতৰ বিজ্ঞান দিৱস
১৯৫০ চনৰ ২৩ মাৰ্চত বিশ্ব বতৰ বিজ্ঞান সংস্থা প্ৰতিষ্ঠা হোৱাৰ স্মৃতিত ১৯৫১ চনত বিশ্ব বতৰ বিজ্ঞান দিৱস (World Meteorological Day) প্ৰতিষ্ঠা কৰা হৈছিল। এই সংস্থাটোৱে প্ৰতি বছৰে বিশ্ব বতৰ বিজ্ঞান দিৱসৰ বাবে এটা শ্লোগান ঘোষণা কৰে, আৰু এই দিৱস সকলো সদস্য দেশতে পালন কৰা হয়।