অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিষ্ণু ৰাভা দিৱস

বিষ্ণু ৰাভা দিৱস বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো অসমত ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰা হয়। প্ৰত্যেক বছৰৰ ২০ জুন তাৰিখে এই দিনটো চৰকাৰী কাৰ্যসূচী হিচাপে শিক্ষানুষ্ঠানসমূহৰ লগতে অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহে উলহ-মালহেৰে পালন কৰি আহিছে।

হালনাগাদ: ২০ জুন ২০২৫ ৪০২ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বিষ্ণু ৰাভা দিৱস বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুৰ দিনটো অসমত ‘বিষ্ণু ৰাভা দিৱস’ হিচাপে পালন কৰা হয়।১ প্ৰত্যেক বছৰৰ ২০ জুন তাৰিখে এই দিনটো চৰকাৰী কাৰ্যসূচী হিচাপে শিক্ষানুষ্ঠানসমূহৰ লগতে অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহে উলহ-মালহেৰে পালন কৰি আহিছে।

বিৱৰণ

১৯৬৯ চনৰ ২০ জুনত বিষ্ণুপ্ৰসাদ ৰাভাৰ তেজপুৰত দেহাৱসান ঘটে। তেখেতৰ সামাজিক-সাংস্কৃতিক অৱদান আৰু উত্তৰাধিকাৰে নৱ প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। জন্ম বাৰ্ষিকীত পালন কৰা বিষ্ণুপ্ৰসাদ ৰাভা দিৱসত অসমৰ সাংস্কৃতিক আৰু সামাজিক তন্ত্ৰলৈ তেখেতৰ অপৰিসীম অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি প্ৰদান কৰা হয় আৰু তেখেতৰ গুণানুকীৰ্তন কৰা হয়। এই দিনটোত তেখেতৰ জীৱন উদযাপন আৰু তেখেতৰ কৃতিত্বক সন্মান জনাই বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, সংগীত পৰিবেশন, আলোচনা চক্ৰৰ আয়োজন কৰা হয়। তেখেতৰ দৃষ্টিভংগী, নিষ্ঠা, অসমীয়া সংস্কৃতি আৰু সমাজত চিৰস্থায়ী প্ৰভাৱ স্মৰণ কৰাৰ এক অনুষ্ঠান হিচাপে অসমত এই দিৱসটো প্ৰতিবছৰে উদযাপন কৰা হৈ আহিছে।২

বিষ্ণু প্ৰসাদ ৰাভাৰ চমু পৰিচয়

মূল প্ৰবন্ধ: বিষ্ণুপ্ৰসাদ ৰাভা

বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম হৈছিল ১৯০৯ চনৰ ৩১ জানুৱাৰীত।৩ দেউতাকৰ নাম গোপাল ৰাভা আৰু মাতৃ গেঠিবালা ৰাভা। বিষ্ণু ৰাভাৰ তিনি গৰাকী পত্নী- প্ৰিয়বালা ৰাভা, কনকলতা মেধি আৰু মোহিনীবালা বসুমতাৰী। সন্তান তিনজন- পৃথ্বিৰাজ ৰাভা, হেমৰাজ ৰাভা আৰু মেণ্ডেলা ৰাভা। ১৯৬৯ চনৰ ২০ জুন তাৰিখে কৰ্কট ৰোগত আক্ৰান্ত হৈ বিষ্ণু ৰাভাৰ মৃত্যু হয়।

বিষ্ণু ৰাভা দিৱসৰ প্ৰাসঙ্গিকতা

বৰ্তমান বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা বিষ্ণু প্ৰসাদ ৰাভাই সমগ্ৰ জীৱন অসম আৰু অসমীয়াৰ বাবে দি থৈ গ'ল। প্ৰাথমিক শিক্ষা বাংলাদেশতে গ্ৰহণ কৰি হাইস্কুলীয়া শিক্ষাৰ বাবে তেজপুৰলৈ আহে আৰু পিছত কোচবিহাৰ আৰু কলিকতা(কলকাতা)ত উচ্চ শিক্ষা গ্ৰহণ কৰে। বিষ্ণু প্ৰসাদ ৰাভা এগৰাকী প্ৰতিভাশালী আৰু তীক্ষ্ণ-বুদ্ধি সম্পূৰ্ণ ব্যক্তি আছিল। তেখেত একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, গল্পকাৰ, নিবন্ধকাৰ, জীৱনীকাৰ, নৃতত্ত্ববিদ, বোলছবি পৰিচালক আৰু উপন্যাসিক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু 'বাঁহী' আলোচনীৰ বেটু-পাতৰ সাতখলপীয়া সিংহাসনৰ ছবি বিষ্ণুৰাভাই অংকন কৰা। বিষ্ণু ৰাভাৰ অসমীয়া, বাংলা, বড়ো, হিন্দী, ইংৰাজী আদি কৰি কেইবাটাও ভাষাৰ দখল আছিল। তেখেতে ঢোল, খোল, মৃদং, পেঁপা, টোকাৰী আদি বাদ্য যন্ত্ৰ বজাব জানিছিল। ১৯৪০ চনত কাশী হিন্দু বিশ্ব বিদ্যালয়ত বিষ্ণু ৰাভাই পৰিৱেশন কৰা শিৱৰ তাণ্ডৱ নৃত্য, ওজা-পালি আৰু কালীয় দমন নৃত্য দেখি সেই সময়ৰ কাশী হিন্দু বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মুগ্ধ হৈছিল আৰু বিষ্ণু ৰাভাক ভূয়সী প্ৰশংসা কৰি কলাগুৰু উপাধি প্ৰদান কৰিছিল।

বিষ্ণু প্ৰসাদ ৰাভা অসমীয়া সমাজ জীৱনৰ প্ৰতীক। ৪ জৰ্জড়িত অসমীয়া সমাজ ব্যৱস্তাৰ বিপৰীতে যি সামাজিক জীৱনৰ ছৱি বিষ্ণু ৰাভাই সংগীত, ছবি,সাহিত্যৰ মাজেৰে অংকন কৰি থৈ গ'ল সি অতুলনীয়। বিষ্ণু ৰাভা গণ শিল্পী আছিল। অসমৰ পাহাৰ-ভৈয়াম একাকাৰ কৰি ঘূৰি ফুৰিছিল। নিস্পেষিত, শোষিত জনগণৰ হৈ সদায়ে যুঁজিছিল। বিপ্লৱী আছিল। ২০ জুন তাৰিখে বিষ্ণু ৰাভা দিবস উদযাপন কৰি বিষ্ণু ৰাভাৰ চিন্তাধাৰা, আদৰ্শ আৰু দৰ্শন নতুন প্ৰজন্মক চিনাকি কৰাই দিয়াটো সময়ৰ আহবান।৫ ভূপেন হাজৰিকাৰ ভাষাৰে- "বিষ্ণুদা ঘূৰি আহিবা- আকৌ আমি বিষ্ণুদাক আদৰিম-সাবটিম- অনুসৰণ কৰিম- বিষ্ণুদাতো এজন মানুহ নহয়- বিষ্ণুদা এটি সদা জীৱন্ত জীৱন-লালসা।"

তথ্যসূত্ৰ

  1. ↑ বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন
  2. ↑ বিষ্ণুপ্ৰসাদ ৰাভা দিৱস সম্পৰ্কীয় আলোচনা
  3. ↑ ড° প্ৰফুল্ল কুমাৰ নাথ. কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনী আৰু কবিতা. নিষ্ঠা প্ৰককশন
  4. ↑ ভূপেন হাজৰিকা. বিষ্ণু ককাইদেউ. সূয্য হাজৰিকা
  5. ↑ Assam: Kalaguru Bishnu Rabha Divas Commemorated

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিষ্ণু ৰাভা দিৱস” প্ৰবন্ধৰ সংশোধন ৫১৯৩৬২ (২০ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।