অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় যুৱ দিৱস

ৰাষ্ট্ৰীয় যুৱ দিৱস ভাৰতত প্ৰতি বছৰে ১২ জানুৱাৰী তাৰিখে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে পালন কৰা হয়। ১৯৮৪ চনত ভাৰত চৰকাৰে স্বামী বিবেকানন্দৰ জন্মদিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হব বুলি ঘোষণা কৰিছিল। ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়।

হালনাগাদ: ১১ ডিচেম্বৰ ২০২৪ ২৭৭ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় যুৱ দিৱস ভাৰতত প্ৰতি বছৰে ১২ জানুৱাৰী তাৰিখে স্বামী বিবেকানন্দৰ জন্মজয়ন্তী উপলক্ষে পালন কৰা হয়। ১৯৮৪ চনত ভাৰত চৰকাৰে স্বামী বিবেকানন্দৰ জন্মদিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হব বুলি ঘোষণা কৰিছিল। ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে এই দিৱস উদযাপন কৰা হয়। ভাৰতৰ লগতে গোটেই পৃথিৱীত সিঁচৰত হৈ থকা ৰামকৃষ্ণ মঠত এই দিৱস পালন কৰা হয়।

ইতিহাস

১৯৮৪ চনত ভাৰত চৰকাৰে স্বামী বিবেকানন্দৰ জন্মদিন ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হব বুলি ঘোষণা কৰিছিল। তাৰ পিছৰ বৰ্ষ অৰ্থাৎ ১৯৮৫ চনৰ পৰা প্ৰতি বছৰে ১২ জানুৱাৰী তাৰিখে এই দিৱস পালন কৰি অহা হৈছে। ভাৰতীয় যুৱসমাজক স্বামীজীৰ দৰ্শন আৰু শিক্ষায়ে অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ জ্ঞান মাৰ্গত ভাৰতীয় যুৱক যুৱতী সকলক আগবাঢ়িবলৈ এই দিৱসৰ পাতনি কৰা হৈছিল।১

২০১৩ চনৰ ১২ জানুৱাৰী তাৰিখে ভাৰতৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে চাৰি বছৰ ধৰি উদযাপন হোৱা স্বামী বিবেকানন্দৰ ১৫০তম জন্ম জয়ন্তী উৎসৱৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত কৈছিল— ২

গান্ধীজীয়ে যুৱ সমাজত স্বামী বিবেকানন্দৰ বাণী আৰু শিক্ষা সমূহৰ গুৰুত্বৰ কথা কৈছিল। লগতে তেওঁ স্বামীজীৰ দৰ্শনৰ প্ৰচাৰ আৰু প্ৰসাৰৰ মত পোষণ কৰিছিল। তেওঁৰ শিকনী সমূহে যুৱশক্তিক সত্যৰ পথত অগ্ৰসৰ হোৱা সঠিক দিশ প্ৰদান কৰে। এই নীতিতে ভাৰত চৰকাৰে ১২ জানুৱাৰী তাৰিখ ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে ঘোষণা কৰিছিল। ভাৰত মাতাৰ এই সুযোগ্য সন্তানৰ বাৰ্তা বিশ্ববাসীৰ মাজলৈ বিলাই দিবলৈ আমি কৰ্ম কৰা উচিত।

উদযাপন

ৰাষ্ট্ৰীয় যুৱ দিৱস গোটেই ভাৰতৰ অনুষ্ঠান-প্ৰতিষ্ঠান আদিৰ লগতে ৰাজহুৱা স্থানত উদযাপন কৰা হয়। বিদ্যালয় মহাবিদ্যালয় সমূহত শোভাযাত্ৰা, বক্তৃতা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, আলোচনা সত্ৰ আদি পতা হয়। শিশু সকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰা হয়। সভা সমিতিত বিবেকানন্দৰ দৰ্শন আৰু শিক্ষাৰে যুৱশক্তিক জাগ্ৰত কৰিবলৈ চেষ্টা কৰা হয়।৩ ৰামকৃষ্ণ মঠ সমূহত যুৱ সমাজৰ বাবে বিভিন্ন প্ৰকল্প হাতত লোৱা হয়। লগতে এই দিনা মঠত বিশেষ পূজা অৰ্চনা অনুষ্ঠিত কৰাহয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ National Youth Day. National Youth Day 12th January
  2. ↑ PM's address at the Inauguration of four Year Long Celebrations of Swami Vivekananda's 150th Birth Anniversary. Indian Government
  3. ↑ (12 January 2009). National Youth Day, India. National Youth Day

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় যুৱ দিৱস” প্ৰবন্ধৰ সংশোধন ৪৫৩৫১৩ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।