অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিশ্ব ঘৰচিৰিকা দিৱস

বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে ঘৰচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয়। ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে ঘৰচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয়।১২ ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি (Nature Forever Society) নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত।৩ এই সংস্থা ভাৰতীয় সংৰক্ষণবিদ মহম্মদ দিলৱাৰে প্ৰতিষ্ঠা কৰিছিল। ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে তেওঁৰ অতুলনীয় অৱদানৰ স্বীকৃতি স্বৰূপে ২০০৮ চনত টাইম আলোচনীয়ে তেওঁক ‘প্ৰকৃতিৰ বীৰ’ (Heroes of the Environment) তালিকাত স্থান দিছিল।৪৫৬৭

ঘৰচিৰিকাৰ সংকট

বিশ্বত দেখা পোৱা বহু প্ৰজাতিৰ ঘৰচিৰিকাৰ ভিতৰত ভাৰতত মুঠতে পাঁচবিধ ঘৰচিৰিকাৰ প্ৰজাতি আছে। অৱশ্যে অসমত ইয়াৰে তিনিবিধ প্ৰজাতিহে দেখা পোৱা যায়। এইকেইবিধ হৈছে- ঘৰচিৰিকা (House Sparrow), ইউৰেছিয়ান ট্ৰী স্পেৰ’ (Eurasian Tree Sparrow) আৰু ৰাছেট স্পেৰ’ (Russet Sparrow)।৮ ঘৰচিৰিকাই ইহঁতে বেছিভাগ গুটি শস্য আৰু মাজে-সময়ে কীট-পতংগ আদি খায়।৯ ই মানুহৰ বাবে বহুতো উপকাৰো কৰে। বিশেষকৈ মহৰ কণী আদি খাই ইহঁতে বিভিন্ন ৰোগ যেন মেলেৰিয়া আৰু ডেংগু আদি নিয়ন্ত্ৰণ কৰিব পাৰে। তদুপৰি ইহঁতে গছে গছে উৰি ফুৰি পৰাগ ৰেণু কঢ়িয়াই পৰাগযোগতো সহায় কৰে। প্ৰাকৃতিক পৰিৱেশৰ পৰিৱৰ্তনৰ প্ৰতি ঘৰচিৰিকা খুবেই সংবেদনশীল। গতিকে এই চৰাইবিধক নগৰীয়া পৰিৱেশৰ স্বাস্থ্যৰ পৰিচায়ক (Bioindicator) বুলিও গণ্য কৰা হয়।১০

শেহতীয়া তথ্যমতে বিশ্বত ঘৰচিৰিকাৰ বিস্তৃতি ক্ৰমান্বয়ে কমি আহিবলৈ লৈছে।১১ ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হ’ল, মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্ত্তনৰ ফলত ঘৰচিৰিকাৰ থকা ঠাইৰ আৰু খাদ্যৰ অভাৱ। তেনেদৰে নগৰীকৰণ (urbanization), খেতি-পথাৰত কীটনাশক (insecticide) আৰু পতংগনাশকৰ বহুল ব্যৱহাৰ, বনাঞ্চল ধবংস আদিয়ে সামগ্ৰিকভাৱে ঘৰচিৰিকাৰ বাসস্থান ধ্বংস কৰি আহিছে আৰু ইহঁতক সংকটৰ মুখলৈ ঠেলি দিছে।১২

দিৱসৰ তাৎপৰ্য্য

ঘৰচিৰিকা দিৱসৰ মূল উদেশ্য হ’ল ঘৰচিৰিকাকে ধৰি নগৰীয়া জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে জনসাধাৰণৰ মাজত সচেতনতা অনা আৰু সঠিক ব্যৱস্থা লোৱা। ইয়াৰ যোগেদি ঘৰচিৰিকাৰ সংৰক্ষণৰ বাবে জনসাধাৰণক অনুপ্ৰেৰণা যোগোৱা হয় আৰু এইক্ষেত্ৰত প্ৰচেষ্টা কৰি থকা লোকসকলক মতবিনিময়ৰ বাবে এক মঞ্চ প্ৰদান কৰা হয়।৩১৩ প্ৰতিবছৰে এই দিৱসৰ এটা বিষয় (theme) ঠিক কৰি দিয়া হয়। উদাহৰণস্বৰূপে ২০২১ চনৰ বিষয় আছিল ‘I Love Sparrows’। এই দিনটোত বিভিন্ন কাৰ্য্যসূচী যেনে চিত্ৰ প্ৰতিযোগিতা, ঘৰচিৰিকাৰ সমদল, সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ আদিৰে উদযাপন কৰা হয়।৩১৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (21 March 2012). 'Save sparrows for nature's balance'. Times of India. Bennett, Coleman & Co
  2. ↑ Sathyendran, Nita. (21 March 2012). Spare a thought for the sparrow. The Hindu
  3. ↑ (7 July 2011). 'Chirp for the Sparrow, Tweet for the Sparrow' on World Sparrow Day. Bombay Natural History Society
  4. ↑ Singh, Madhur. (24 September 2008). Heroes of the Environment 2008: Mohammed Dilawar. Time
  5. ↑ Prakash, Bhavani. (11 March 2011). Mohammed Dilawar: World Sparrow Day March 20th. Eco Walk the Talk
  6. ↑ Todd, Kim. (2012). Sparrow. Animal. Reaktion Books. পৃ. 150. ISBN 978-1-86189-875-3
  7. ↑ (2021-03-20). World Sparrow Day 2021 (Hindi): गौरैया संरक्षण के बेहतरीन उपाय. Tube Light Talks
  8. ↑ indiabiodiversity.org/
  9. ↑ datazone.birdlife.org/species/factsheet/house-sp
  10. ↑ www.researchgate.net/publication/272387348_House
  11. ↑ www.entomoljournal.com/archives/2020/vol8issue2/
  12. ↑ Berigan, Liam A., Emma I. Greig, and David N. Bonter. "Urban House Sparrow (Passer domesticus) populations decline in North America." The Wilson Journal of Ornithology (2020)
  13. ↑ Background. World Sparrow Day. Nature Forever Society

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব ঘৰচিৰিকা দিৱস” প্ৰবন্ধৰ সংশোধন ৬৩২৪৯১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।