বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস প্ৰতি বছৰে ২৬ এপ্ৰিল তাৰিখে পালন কৰা হয়।১ ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থায়ে ২০০০ চনত পোন প্ৰথমবাৰৰ বাবে এই দিৱসৰ পালন কৰিছিল। বৌদ্ধিক সম্পত্তিৰ পেটেণ্ট, কপিৰাইট, ট্ৰেডমাৰ্ক আৰু ঔদ্যোগিক ডিজাইনৰ দৈনন্দিন জীৱনত পেলোৱা প্ৰভাৱৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰা এই দিৱসৰ মূল উদ্দেশ্য। ইয়াৰ লগতে সৃষ্টিশীল প্ৰতিভাৰ উদযাপন কৰা আৰু সৃষ্টিকৰ্তা আৰু উদ্ভাৱক সকল সমাজৰ উন্নয়নত আগবঢ়োৱা অৱদানৰ বিষয়ে কৃতজ্ঞতা প্ৰকাশ কৰা ইয়াৰ অন্যতম উদ্দেশ্য।১ ১৯৭০ ২৬ এপ্ৰিল তাৰিখে বিশ্ব বৌদ্ধিক সংস্থাৰ স্থাপনৰ বাবে অভিবৰ্তন কাৰ্যকৰী হৈছিল। সেয়ে ২৬ এপ্ৰিল তাৰিখে এই দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।
বাহ্যিক সংযোগ
- বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস
- World IP Day Archives. WIPO
- The EPO and the World Intellectual Property Day – 26 April 2005. EPO
তথ্যসূত্ৰ
- ↑ WIPO web site, World Intellectual Property Day – 26 April. Consulted on 20 April 2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস” প্ৰবন্ধৰ সংশোধন ১৯৪৪২১ (২৭ এপ্ৰিল ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।