আন্তৰ্জাতিক দবা দিৱস প্ৰতি বছৰে ২০ জুলাই তাৰিখে দবা খেলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে পালন কৰা হয়। ১৯২৪ চনৰ ২০ জুলাই তাৰিখে ফ্ৰান্সৰ ৰাজধানী পেৰিছ চহৰত বিশ্ব দবা সন্থা গঠন কৰা হৈছিল। এইদিনৰ স্মৃতি হিচাপে প্ৰতি বছৰে বিশ্বৰ বিভিন্ন দেশত বিশ্ব দবা দিৱস পালন কৰা হয়।
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে পোন প্ৰথমবাৰৰ বাবে বিশ্ব দবা দিৱস পালনৰ প্ৰস্তাৱনা আগবঢ়াইছিল আৰু ১৯৬৬ চনৰ পৰা এই দিৱস উদযাপন কৰি অহা হৈছে।১ প্ৰতি বছৰে বিশ্ব দবা সন্থায়ে বিভিন্ন কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰে। এই দিৱসৰ দিনা বিশ্ব দবা সন্থাৰ ১৮১ খন সদস্য দবা সন্থায়ে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।২ ইয়াৰ লগতে দবা খেলক জনপ্ৰিয় কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হয়। ২০১৩ চনত বিশ্বৰ ১৭৮ দেশত বিশ্ব দবা দিৱস অনুষ্ঠিত হৈছিল।৩
এই দিৱস বিশ্বৰ প্ৰায় ৬০ কোটি দবা খেলুৱৈয়ে পালন কৰে।৪৫৬ ২০১২ চনৰ এক সমীক্ষা অনুসৰি বিশ্বৰ প্ৰাপ্ত বয়স্ক লোকৰ ভিতৰত ৭০% য়ে জীৱনৰ কোনো এক সময়ত দবা খেলে।৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2012-07-21). History of International Chess Day. Chess-teacher.com
- ↑ FIDE Membership. FIDE.com
- ↑ Interview by Kirsan Ilyumzhinov - in Russian. Vesti.ru
- ↑ New chess player statistics from Yougov released. FIDE.com
- ↑ Number of Chess Players Worldwide. Theweekinchess.com
- ↑ (2013-05-13). Can Andrew Paulson and Magnus Carlsen Make Chess Cool. The New Republic
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক দবা দিৱস” প্ৰবন্ধৰ সংশোধন ৬২৫৩৭০ (৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।