বিশ্ব জনসংখ্যা দিৱস (World Population Day) হৈছে এক বাৰ্ষিক অনুষ্ঠান। প্ৰতি বছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। ইয়াৰ দ্বাৰা বিশ্ব জনসংখ্যাৰ বিষয়সমূহৰ প্ৰতি সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয়। ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ গভৰ্নিং কাউন্সিলে এই দিৱসৰ ঘোষণা কৰে।১ ১৯৮৭ চনৰ ১১ জুলাইত পাঁচ বিলিয়ন দিৱসৰ জনস্বাৰ্থৰ দ্বাৰা এই দিৱসটো অনুপ্ৰাণিত। উক্ত তাৰিখত বিশ্বৰ জনসংখ্যা আনুমানিক পাঁচ বিলিয়নৰ কাষ চাপিছিল।২
লক্ষ্য
বিশ্ব জনসংখ্যা দিৱসৰ লক্ষ্য হৈছে পৰিয়াল পৰিকল্পনা, লিংগ সমতা, দৰিদ্ৰতা, মাতৃ স্বাস্থ্য আৰু মানৱ অধিকাৰৰ গুৰুত্ব আদি বিভিন্ন জনসংখ্যা বিষয়ৰ ওপৰত জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰা।৩
ড° কে.চি.জাখৰিয়ায়ে উক্ত দিনটোৰ পৰামৰ্শ দিছিল কিয়নো তেওঁ বিশ্ব বেংকত জনগাঁথনিবিদ হিচাপে কাম কৰাৰ সময়ত জনসংখ্যা পাঁচ বিলিয়ন পৰ্যন্ত বৃদ্ধি হৈছিল।৪ কোটি কোটি লোকৰ সংখ্যা বৃদ্ধিৰ লগে লগে বিশ্বৰ জনসংখ্যাৰ প্ৰতি সংবাদ মাধ্যমৰ আগ্ৰহ আৰু সাধাৰণ সজাগতা বৃদ্ধি পায় যদিও বিশ্বৰ জনসংখ্যা প্ৰায় প্ৰতি ১৪ মাহৰ মূৰে মূৰে ১০ কোটি বৃদ্ধি পায়। ২০১৬ চনৰ ৬ ফেব্ৰুৱাৰীত বিশ্বৰ জনসংখ্যা ৭,৪০০,০০০,০০০ আৰু ২০১৭ চনৰ ২৪ এপ্ৰিলত ই ৭,৫০০,০০০,০০০ হয় বুলি অনুমান কৰা হৈছিল। ২০১৯ চনত বিশ্বৰ জনসংখ্যা ৭,৭০০,০০০,০০০ আছিল।৫
২০২০ চনৰ নৱেম্বৰ মাহত ইউএনএফপিএই কেনিয়া আৰু ডেনমাৰ্ক চৰকাৰৰ সৈতে মিলি নাইৰোবিত এক উচ্চ পৰ্যায়ৰ সন্মিলন আহ্বান কৰি এই পূৰণ নোহোৱা লক্ষ্যসমূহ লাভৰ প্ৰচেষ্টা ত্বৰান্বিত কৰে। বিশ্ব জনসংখ্যা দিৱসত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সমৰ্থকসকলে নেতা, নীতি নিৰ্ধাৰক, তৃণমূল পৰ্যায়ৰ সংগঠক, প্ৰতিষ্ঠান আৰু অন্যান্যসকলক প্ৰজনন স্বাস্থ্য আৰু অধিকাৰক সকলোৰে বাবে বাস্তৱত পৰিণত কৰাত সহায় কৰিবলৈ আহ্বান জনায়।৬
তথ্যসূত্ৰ
- Lartigue, Casey. (2010-04-22). Happy Earth Day! And Please, Live. The Korea Times
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (2021-07-11). World Population Day 2021: Empower Women To Exercise Choice Over Their Bodies And Fertility. S A NEWS
- ↑ Bhandari, Shashwat. (2022-07-11). World Population Day 2022: Which Indian state is most populous and least, expected rise by 2035. www.indiatvnews.com
- ↑ World Population Day: Health And Rights Of Women In The Time Of COVID-19. NDTV.com
- ↑ (2020-07-09). World Population Day 2020 Date & Theme: Know History and Significance of the Annual Event That Seeks to Raise Awareness of Global Population Issues · 🙏🏻 LatestLY. LatestLY
- ↑ Worldometers real time world statistics
- ↑ Nations, United. World Population Day. United Nations
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব জনসংখ্যা দিৱস” প্ৰবন্ধৰ সংশোধন ৫৫৫৪৬৬ (২২ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।