অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস

ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস ভাৰতৰ পঞ্চায়ত মন্ত্ৰালয়ে প্ৰতিবছৰে ২৪ এপ্ৰিল তাৰিখে গোটেই ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সজাগতাৰ সৃষ্টিৰ বাবে উদযাপন কৰা দিৱস। ২০১০ চনৰ ২৪ এপ্ৰিল তাৰিখে তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ ঘোষণা কৰিছিল।

হালনাগাদ: ১০ আগষ্ট ২০২৬ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস ভাৰতৰ পঞ্চায়ত মন্ত্ৰালয়ে প্ৰতিবছৰে ২৪ এপ্ৰিল তাৰিখে গোটেই ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সজাগতাৰ সৃষ্টিৰ বাবে উদযাপন কৰা দিৱস।১২

২০১০ চনৰ ২৪ এপ্ৰিল তাৰিখে তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ ঘোষণা কৰিছিল।৩

ইতিহাস

১৯৯৩ চনৰ ২৪ এপ্ৰিল তাৰিখে সংবিধানৰ ৭৩তম সংশোধনী আইন কাৰ্যকৰী হৈছিল। ১৯৯৩ চনত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান সমূহে সাংবিধানিক স্বীকৃতি লাভ কৰিছিল। এই আইন গৃহীত হোৱাৰ দিনটোত ২০১০ চনৰ ২৪ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ ঘোষণা কৰিছিল।৩ লগতে তেওঁ উল্লেখ কৰিছিল যে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সঠিক ৰূপায়ণৰ জৰিয়তে মাওবাদী সকলক ৰোধ কৰিব পাৰি।৩

২০১৫ চনৰ ২৪ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাৰ প্ৰতিনিধিত্বক গুৰুত্ব প্ৰদান কৰিছিল। ইয়াৰ লগতে তেওঁ পঞ্চায়তৰ মহিলা সদস্যৰ স্বামীয়ে তেওঁৰ হৈ ক্ষমতাৰ ব্যৱহাৰ কৰা বা প্ৰভাৱ পেলোৱা ব্যৱস্থা নিৰ্মূল কৰিবলৈ জোৰ দিছিল।৪৫৬

পঞ্চায়ত ব্যৱস্থা

ৰাজ্য চৰকাৰে জাননী জাৰি কৰি যিকোনো স্থানীয় অঞ্চল এটাক গাঁও পঞ্চায়ত বুলি ঘোষোণা কৰিব পাৰে। এখন ৰাজহ গাঁও বা কেইবাখনো ৰাজহ গাঁও বা এখন বনগাঁও বা এটি চাহ বাগিচা অঞ্চল নাইবা অইন তেনে প্ৰশাসনীয় গোট বা ইয়াৰ অংশ এটাৰদ্বাৰা গাঁও পঞ্চায়ত বুলি ঘোষণা কৰা অঞ্চলটো গঠিত হ’ব। এখন গাঁও পঞ্চায়তত ৬০০০ তকৈ কম আৰু ১০,০০০ তকৈ বেছি জনসংখ্যা থাকিব নোৱাৰে। এখন গাও পঞ্চায়তে ইয়াৰ প্ৰথম বৈঠক অনুষ্ঠিত হোৱা তাৰিখৰ পৰা ৫ বছৰীয়া কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰে।

উদযাপন

ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ দিনা স্থানীয়, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ভাৰত চৰকাৰৰ পঞ্চায়ত মন্ত্ৰণালয় আৰু ৰাজ্যিক চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে এই দিৱসৰ মূল কাৰ্যসূচী নিৰূপণ কৰে। এই দিৱসৰ দিনা গাঁও পঞ্চায়তৰ কাৰ্যালয় সমূহত সভা-সমিতিৰ আদিৰ জৰিয়তে স্থানীয় জনসমাজৰৰ মাজত স্বায়ত্ত্ব শাসনৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ লগতে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (24 April 2015). PM Modi to address conference on National Panchayati Raj Day. Zee News
  2. ↑ (24 April 2015). PM Modi to address conference on National Panchayati Raj Day. Yahoo News
  3. ↑ (22 October 2010). 24 April: National Panchayati Raj Day. Jagran Josh
  4. ↑ (25 April 2015). End ‘sarpanch pati’ practice, says Modi. The Hindu
  5. ↑ (24 April 2015). PM Modi to address conference on National Panchayati Raj Day. Business Standard
  6. ↑ PM’s remarks on National Panchayati Raj .Day. narendramodi.in. Narendra Modi's Blog

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস” প্ৰবন্ধৰ সংশোধন ৬২৫৮২৪ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।