বিশ্ব উচ্চ ৰক্তচাপ দিৱস (World Hypertension Day) হৈছে উচ্চ ৰক্তচাপ প্ৰতিৰোধ, ধৰা পেলোৱা আৰু নিয়ন্ত্ৰণৰ বাবে সজাগতা আৰু প্ৰচাৰৰ উদ্দেশ্যে প্ৰতি ১৭ মে' তাৰিখে পালন কৰা এক দিৱস।১ উচ্চ ৰক্তচাপ হৃদযন্ত্ৰৰ ৰোগ হোৱাৰ প্ৰধান বিপদজনক কাৰক।
প্ৰেক্ষাপট
সমগ্ৰ বিশ্বতে এক বিলিয়নতকৈ অধিক লোক উচ্চ ৰক্তচাপ (উচ্চ ৰক্তচাপ) ৰোগত আক্ৰান্ত হৈ জীয়াই আছে। এই ৰোগ বিশ্বজুৰি হৃদযন্ত্ৰৰ ৰোগ আৰু অকাল মৃত্যুৰ এটা প্ৰধান কাৰণ। উচ্চ ৰক্তচাপৰ বোজা কম আৰু মধ্যম আয়ৰ দেশসমূহত অসমতাপূৰ্ণভাৱে থকা দেখা যায়, য’ত ৰোগীৰ সংখ্যা দুই তৃতীয়াংশ। ইয়াৰ উপৰিও উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ থকা প্ৰায় আধা সংখ্যক লোকে নিজৰ অৱস্থাৰ বিষয়ে অজ্ঞাত। সেয়ে তেওঁলোকৰ পৰিহাৰ কৰিব পৰা চিকিৎসাজনিত জটিলতা আৰু মৃত্যুৰ আশংকা থাকে।
২০২৫ চনৰ ভিতৰত উচ্চ ৰক্তচাপৰ প্ৰাদুৰ্ভাৱ ২৫% হ্ৰাস কৰাৰ বিশ্বব্যাপী লক্ষ্যত উপনীত হ’বলৈ বিশ্ব স্বাস্থ্য সংস্থা আৰু আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই ২০১৬ চনত গ্ল’বেল হাৰ্টছ ইনিচিয়েটিভ আৰম্ভ কৰে (ধঁপাত নিয়ন্ত্ৰণ), সক্ৰিয় (শাৰীৰিক কাৰ্যকলাপ বৃদ্ধি কৰা), SHAKE (নিমখৰ ব্যৱহাৰ হ্ৰাস কৰা) আৰু REPLACE (ট্ৰেন্স ফেট নিৰ্মূল কৰা) – এই পদক্ষেপৰ লক্ষ্য হৈছে বিশ্বজুৰি হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰা।
উচ্চ ৰক্তচাপ
উচ্চ ৰক্তচাপ (HTN, HT বা HBP) হৈছে দীৰ্ঘম্যাদী চিকিৎসাজনিত অৱস্থা য'ত ধমনীসমূহৰ ৰক্তচাপ স্থায়ীভাৱে বৃদ্ধি পায়।২ উচ্চ ৰক্তচাপৰ সাধাৰণতে লক্ষণ দেখা নাযায়।৩ অৱশ্যে ই ষ্ট্ৰ'ক, ক'ৰ'নাৰী ধমনী ৰোগ, হৃদযন্ত্ৰৰ বিকলতা, অলিন্দৰ ফিব্ৰিলেচন, পেৰিফেৰেল ধমনী ৰোগ, দৃষ্টিশক্তি হেৰুৱা, দীৰ্ঘদিনীয়া বৃক্কৰ ৰোগ আৰু ডিমেনচিয়াৰ বাবে এটা প্ৰধান বিপদজনক কাৰক।৪৫৬৭ বিশ্বজুৰি উচ্চ ৰক্তচাপ অকাল মৃত্যুৰ এটা প্ৰধান কাৰণ।৮
প্ৰাথমিক উচ্চ ৰক্তচাপ
জিন আৰু পাৰিবেশিক কাৰকৰ জটিল বিনিময়ৰ ফলত উচ্চ ৰক্তচাপ হয়। ৰক্তচাপত অলপ-অচৰপ প্ৰভাৱ পেলোৱা বহু জিনীয় কাৰকৰ লগতে৯ বেছি প্ৰভাৱ পেলোৱা কিছুমান দুৰ্লভ জিনীয় কাৰকো চিনাক্ত কৰা হৈছে।১০ GWAS অধ্যয়নে ৰক্তচাপৰ লগত সম্পৰ্ক থকা ৩৫টা জিনীয় স্থান বিচাৰি উলিয়াইছে।১১
গৌণ উচ্চ ৰক্তচাপ
গৌণ উচ্চ ৰক্তচাপৰ নিৰ্দিষ্ট কাৰণ থাকে। ইয়াৰ ভিতৰত প্ৰধান হৈছে বৃক্কৰ ৰোগ। আন্তঃশ্ৰাৱী ৰোগ যেনে কুশ্বিং ছীন্দ্ৰ'ম, হাইপাৰথাইৰইডিজম, হাইপ'থাইৰইডিজম, এক্ৰ'মেগেলী, ক'ন ছীন্ড্ৰ'ম, হাইপাৰপাৰাথাইৰইডিজম আৰু ফিঅ'ক্ৰম'চাইট'মাৰ ফলতো উচ্চ ৰক্তচাপ হয়।১২ আন কাৰকৰ ভিতৰত মেদবহুলতা, স্লীপ এপ্নিয়া, গৰ্ভধাৰণ, অত্যধিক মদ্যপান, কিছুমান দৰব আদিলৈ আঙুলিয়াব পাৰি।১৩ খোৱা পানীত বেছি আৰ্ছেনিক থাকিলে ৰক্তচাপ বাঢ়ে বুলি প্ৰমাণ পোৱা গৈছে।১৪১৫
তথ্যসূত্ৰ
- ↑ World Hypertension Day. Paho
- ↑ (2014). Medical sciences. পৃ. 562. ISBN 9780702052491
- ↑ (19 February 2015). High Blood Pressure Fact Sheet. CDC
- ↑ (May 2015). Global burden of cardiovascular disease and stroke: hypertension at the core. The Canadian Journal of Cardiology. পৃ. 569–571
- ↑ (2011). Global atlas on cardiovascular disease prevention and control. World Health Organization in collaboration with the World Heart Federation and the World Stroke Organization. পৃ. 38. ISBN 9789241564373
- ↑ (July 2017). Treatment options and considerations for hypertensive patients to prevent dementia. Expert Opinion on Pharmacotherapy. পৃ. 989–1000
- ↑ (August 2017). Modifiable Risk Factors and Atrial Fibrillation. Circulation. পৃ. 583–596
- ↑ Hypertension. World Health Organization
- ↑ Ehret GB; Munroe PB; Rice KM. (October 2011). Genetic variants in novel pathways influence blood pressure and cardiovascular disease risk. Nature. পৃ. 103–09
- ↑ Lifton, RP; Gharavi, AG, Geller, DS. (2001-02-23). Molecular mechanisms of human hypertension. Cell. পৃ. 545–56
- ↑ Kato, Norihiro; Loh, Marie; Takeuchi, Fumihiko. (2015-11-01). Trans-ancestry genome-wide association study identifies 12 genetic loci influencing blood pressure and implicates a role for DNA methylation. Nature Genetics. পৃ. 1282–93
- ↑ Dluhy RG, Williams GH eds. (1998). Williams textbook of endocrinology. W.B. Saunders. পৃ. 729–49. ISBN 0721661521
- ↑ Grossman E, Messerli FH; Messerli. (January 2012). Drug-induced Hypertension: An Unappreciated Cause of Secondary Hypertension. Am. J. Med.. পৃ. 14–22
- ↑ Jieying Jiang; Mengling Liu; Faruque Parvez. (August 2015). Association between Arsenic Exposure from Drinking Water and Longitudinal Change in Blood Pressure among HEALS Cohort Participants. Environmental Health Perspectives
- ↑ Abhyankar, LN; Jones, MR; Guallar, E. (April 2012). Arsenic exposure and hypertension: a systematic review.. Environmental Health Perspectives. পৃ. 494–500
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব উচ্চ ৰক্তচাপ দিৱস” প্ৰবন্ধৰ সংশোধন ৬৩১৭১৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।