বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুন তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়। ২০০২ চনত আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্য ৰী দিৱসৰ পাতনি মেলিছিল। ১৯৭৩ চনৰ বিশ্ব শ্ৰমিক সংস্থাৰ নিম্নতম বয়স সন্মিলনৰ দ্বাৰা প্ৰেৰিত হৈ এই দিৱসৰ সূচনা কৰা হৈছিল।১ ইয়াত কৰ্ম-সংস্থাপনৰ নিম্নতম বয়স নিৰ্ধাৰণ কৰা হৈছিল।২
তাৎপৰ্য
ৰাষ্ট্ৰসংঘৰ বিশেষ শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থায়ে গোটেই বিশ্বত কৰ্মৰ লগত জড়িত বিষয় সমূহক নিয়ন্ত্ৰণ কৰে। ২০০২ চনত পোন-প্ৰথমবাৰৰ বাবে উদযাপিত হোৱা বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱসে বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংগঠন, স্থানীয় অনুষ্ঠান, আন্তৰ্জাতিক সংগঠন, কৰ্মচাৰী সংগঠন আৰু নাগৰিক সভাসমূহক শিশু শ্ৰমৰ বিৰুদ্ধে মাত মাতিবলৈ এক মঞ্চ আগবঢ়াইছিল। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় স্তৰত শিশু শ্ৰমক চিনাক্ত কৰি ইয়াৰ বিৰুদ্ধে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰি কাৰ্যপন্থা আৰম্ভ হল। ইয়াৰ লগতে শিশু শ্ৰমিকৰ কল্যাণৰ অৰ্থে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হল।
আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ পৰিসংখ্যা মতে গোটেই বিশ্বত কোটি কোটি শিশু শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি থকা হৈছে। ইয়াৰ ফলত শিশু সকল উপযুক্ত শিক্ষা, স্বাস্থ্য, আৰাম আৰু ন্যূনতম স্বাধীনতা আদিৰ পৰা বঞ্চিত হৈ শিশু অধিকাৰ খৰ্ব হৈছে। ইয়াৰ আধা সংখ্যক শিশু আটাইতকৈ নিকৃষ্ট শিশু শ্ৰমৰ লগত জড়িত। এনেকুৱা নিকৃষ্ট শিশু শ্ৰমৰ উদাহৰণ হ'ল, বিপদজনক পৰিৱেশত কাম কৰা, বলপূৰ্বক বিনা মজুৰিৰ শ্ৰম, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ, বলপূৰ্বক বেশ্যাবৃত্তিত নিয়োজন আৰু উগ্ৰপন্থী হিচাপে ব্যৱহাৰ।
ভাৰতত শিশু শ্ৰমিক
১৯৭৯ চনত ভাৰত চৰকাৰে শিশু শ্ৰমিকৰ সমস্যা সমাধান কৰিবলৈ গুৰুপদস্বামী নামেৰে প্ৰথমখন সমিতি গঠন কৰি দিছিল। গুৰুপদস্বামী কমিটিৰ পৰামৰ্শ অনুসৰি ১৯৮৬ চনত শিশু শ্ৰমিক (নিষিদ্ধকৰণ আৰু নিয়ন্ত্ৰণ) আইন গৃহীত কৰা হৈছিল। এই আইনখনে কিছুমান বিপদজনক ব্যৱসায়ত শিশু শ্ৰমিক নিয়োগ কৰা নিষিদ্ধ কৰিছিল আৰু আন কিছুমান উদ্যোগত শিশু শ্ৰমিক নিযুক্তি নিয়ন্ত্ৰিত কৰিবলৈ নিয়ম বান্ধি দিছিল। এই আইনৰ অধীনত গঠিত “শিশু শ্ৰমিক কাৰিকৰী উপদেষ্টা কমিটি”ৰ অনুমোদন অনুসৰি শিশুৰ বাবে বিপদজনক আৰু ক্ষয়ংকাৰী জীৱিকাৰ তালিকাত সন্নিৱিষ্ট উদ্যোগ-ব্যৱসায়ৰ নাম বঢ়াই থকা হৈছে। ১৯৮৭ চনত ‘শিশু শ্ৰমৰ ৰাষ্ট্ৰীয় নীতি’ নিদ্ধাৰণ কৰা হৈছিল। এই নীতিয়ে পোনতে বিপদজনক বৃত্তিত কৰ্ম্মৰত শিশুৰ বিকল্প পুৰ্নবাসৰ অৰ্থে অনুক্ৰমিক আৰু সময়ৰ সৈতে খাপখোৱা ব্যৱস্থা ল’বলৈ যত্ন কৰি আছে। তাৰ বাবে শিশু শ্ৰমিকৰ পিয়ল কৰা হৈছে।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস” প্ৰবন্ধৰ সংশোধন ৬১২৯১৭ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।