দিৱসসমূহ
১৩৫ প্ৰবন্ধ
-
বন্ধুত্ব দিৱস
আন্তৰ্জাতিক বন্ধুত্ব দিৱস (International Friendship Day) প্ৰতি বছৰৰ আগষ্ট মাহৰ প্ৰথম দেওবাৰে বিশ্বব্যাপি পালন কৰা হয়।
-
বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস
বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস (WSPD) প্ৰতিবছৰে ১০ ছেপ্টেম্বৰ তাৰিখে পালিত এক সজাগতা জাগৰণমূলক দিৱস। ২০০৩ চনৰ পৰা বিভিন্ন কৰ্মসূচীৰ জৰিয়তে আত্মহত্যাৰ সম্পৰ্কে জনসচেতনতা সৃষ্টি কৰি আত্মহত্যাৰ প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্বব্যাপ্ত প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰকাশ কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হৈ আহিছে।
-
বিশ্ব আলোকচিত্ৰ দিৱস
১৯ আগষ্ট দিনটো প্ৰতি বছৰে বিশ্ব আলোকচিত্ৰ দিৱস হিচাপে পালন কৰা হয়। বিভিন্ন অনুষ্ঠানৰ যোগেদি সমগ্ৰ বিশ্বৰ মানুহেএই দিৱস উদ্যাপন কৰে।
-
বিশ্ব কলা দিৱস
বিশ্ব কলা দিৱস (World Art Day) হৈছে সুকুমাৰ কলাৰ আন্তঃৰাষ্ট্ৰীয় উদ্যাপন যিটো বিশ্বজুৰি সৃষ্টিশীল কাৰ্যকলাপৰ প্ৰতি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে ইণ্টাৰনেশ্যনেল এছ’চিয়েচন অৱ আৰ্ট (IAA)য়ে ঘোষণা কৰিছিল।
-
বিশ্ব চিঠি লিখা দিৱস
বিশ্ব চিঠি লিখা দিৱস (World Letter Writing Day) সমগ্ৰ বিশ্বৰ মানুহক হাতেৰে চিঠি লিখিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে ১ ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়।
-
বিশ্ব পশু চিকিৎসা দিৱস
বিশ্ব পশু চিকিৎসা দিৱস প্ৰতি বছৰে এপ্ৰিলৰ শেষৰটো শনিবাৰে পালন কৰা হয়।২০০০চনত বিশ্ব পশু চিকিৎসা সংঘই এই দিৱসৰ আৰম্ভণি কৰিছিল আৰু ২০০১চনৰ পৰা পালন কৰা হৈছিল।এই দিৱসৰ মূল উদ্দেশ্য হৈছে পশু চিকিৎসা বৃত্তিটোক সমগ্ৰ বিশ্বত আগবঢ়াই নিয়াৰ লগতে পশুপালকসকলক বিভিন্ন বিষয়ত সজাগ কৰা।দিৱসৰ লগত সংগতি ৰাখি…
-
বিশ্ব ষ্ট্ৰ'ক দিৱস
বিশ্ব ষ্ট্ৰ'ক দিৱস (World Stroke Day) প্ৰতি বছৰৰ অক্টোবৰ মাহৰ ২৯ তাৰিখে উদযাপন কৰা হয়। ইয়াৰ লক্ষ্যসমূহ হ'ল ষ্ট্ৰ'কৰ গুৰুতৰ প্ৰকৃতি আৰু উচ্চ হাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা, অৱস্থাটোৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা, আৰু জীৱিতসকলৰ বাবে উন্নত যত্ন আৰু সমৰ্থন নিশ্চিত কৰা।
-
বিশ্ব হাঁহি দিৱস
বিশ্ব হাঁহি দিৱস প্ৰতিবছৰে মে' মাহৰ প্ৰথম দেওবাৰে পালন কৰা হয়। ১৯৯৮ চনৰ ১০ মে' তাৰিখে মুম্বাইত পোনপ্ৰথম বাৰৰ বাবে বিশ্বব্যাপী হাস্য যোগ আন্দোলনৰ প্ৰতিষ্ঠাপক ড° মদন কাটাৰীয়ায়ে এই দিৱস উদযাপন কৰিছিল।
-
বিহাৰ দিৱস
বিহাৰ দিৱস (Bihar Day) ভাৰতৰ বিহাৰ ৰাজ্যৰ প্ৰতিষ্ঠাবাৰ্ষিকী উপলক্ষে প্ৰতি বছৰে ২২ মাৰ্চত পালিত এটি দিৱস। ১৯১২ চনৰ ২২ মাৰ্চত বেংগল প্ৰেচিডেঞ্চিৰ পৰা বিহাৰ আৰু উৰিষ্যা বিভাগ পৃথক কৰি ব্ৰিটিছ ভাৰতত বিহাৰ আৰু উৰিষ্যা প্ৰদেশ গঠন কৰা হৈছিল৷ বিহাৰত এই দিনটো চৰকাৰী বন্ধৰ দিন।
-
ভাৰতীয় স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি
ভাৰতীয় স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী বা আজাদী কা অমৃত মহোৎসৱ (স্বাধীনতাৰ অমৃত মহোৎসৱ) হৈছে এক চলিত অনুষ্ঠান, য’ত ভাৰতৰ লগতে বিদেশতো ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰা হৈছে।
-
সংবিধান দিৱস (ভাৰত)
সংবিধান দিৱস প্ৰতি বছৰে ২৬ নৱেম্বৰত ভাৰতত পালন কৰা হয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভায়ে ভাৰতীয় সংবিধান গৃহীত কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ই কাৰ্যকৰী হৈছিল। সংবিধান দিৱসক ৰাষ্ট্ৰীয় আইন দিৱস হিচাপেও জনা যায়।
-
সাৰ্বজনীন সুগমতা সজাগতা দিৱস
সৰ্বজনীন সুগমতা সজাগতা দিৱস (Global Accessibility Awareness Day) (জিএএডি) হৈছে বৰ্তমানৰ বিশেষভাৱে সক্ষম এক বিলিয়নতকৈ অধিক লোকৰ বাবে ডিজিটেল প্ৰৱেশ আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক সজাগতা দিৱস। বছৰি মে' মাহৰ তৃতীয় বৃহস্পতিবাৰে এই দিৱস পালন কৰা হয়।
-
স্তন কেন্সাৰ সজাগতা মাহ
স্তন কেন্সাৰ সজাগতা মাহ (Breast Cancer Awareness Month or BCAM) বা ৰাষ্ট্ৰীয় স্তন কেন্সাৰ সজাগতা মাহ (National Breast Cancer Awareness Month or NBCAM) হৈছে প্ৰতি অক্টোবৰ মাহত স্তন কেন্সাৰৰ প্ৰধান দাতব্য সংস্থাসমূহে স্তন কেন্সাৰ সজাগতা, এই ৰোগৰ প্ৰতি সজাগতা বৃদ্ধি আৰু ইয়াৰ কাৰণ, প্ৰতিৰোধ, নিদান,…
-
হিন্দী দিৱস
হিন্দী দিৱস (हिन्दी दिवस) প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে ভাৰতত পালন কৰা হয়। সাধাৰণতে এই দিৱস কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ফাৰ্ম, বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানত এই দিৱস পালন কৰা হয়। হিন্দী ভাষাৰ চৰ্চাৰে ইয়াৰ উৎকৰ্ষ সাধন কৰা এই দিৱসৰ মূল উদ্দেশ্য।
-
ৰাষ্ট্ৰীয় ডেংগু দিৱস
ৰাষ্ট্ৰীয় ডেংগু দিৱস ( National Dengue Day) হৈছে এক ডেংগু সজাগতা দিৱস। ভাৰতত প্ৰতি বছৰে ১৬ মে’ তাৰিখে 'ৰাষ্ট্ৰীয় ডেংগু দিৱস' পালন কৰা হয়। এয়া ডেংগু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ ব্যৱস্থাৰ বিষয়ে জনসাধাৰণক জ্ঞান দিয়াৰ উদ্দেশ্যে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক পদক্ষেপ।