ৰাষ্ট্ৰীয় মতদাতা দিৱস ভাৰতত প্ৰতি বছৰে ২৫ জানুৱাৰী তাৰিখে পালন কৰা হয়। ২০১১ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰতৰ নিৰ্বাচনী আয়োগৰ ৬১তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে এই দিৱসৰ আনুষ্ঠানিক পাতনি কৰিছিল।
প্ৰধানমন্ত্ৰী মনমোহন সিঙে সভাপতিত্ব কৰা কেবিনেট মন্ত্ৰীৰ এক মিটিংত ৰাষ্ট্ৰীয় মতদাতা দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল। ভাৰতৰ আইন মন্ত্ৰণালয়ে এই দিৱস উদযাপন কৰা প্ৰস্তাৱ আগবঢ়াইছিল।
উদযাপন
ৰাষ্ট্ৰীয় মতদাতা দিৱস ভাৰতৰ সকলো নিৰ্বাচনী কেন্দ্ৰত পালন কৰা হয়। প্ৰতিটো নিৰ্বাচনী কেন্দ্ৰত ১৮ বছৰ সম্পূৰ্ণ কৰা ব্যক্তি চিনাক্ত কৰি তেওঁলোকক ভোটদানৰ বিষয়ে সজাগ কৰা এই দিৱসৰ মূল উদ্দেশ্য। ভোটাধিকাৰ লাভ কৰা ব্যক্তিক চিনাক্ত কৰি ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰা এই দিৱসৰ অন্যতম উদেশ্য।
প্ৰতি বছৰে ১ জানুৱাৰীত এই চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয় আৰু ২৫ জানুৱাৰীত তেওঁলোকক ফটোযুক্ত ভোটাৰ কাৰ্ড প্ৰদান কৰা হয়।
লগতে নতুন ভোটদাতা সকলক "ভোটদাতা হিচাপে গৰ্বিত, ভোট দিবলৈ সাজোঁ" (Proud to be a voter - Ready to vote) লিখিত বেজ দিয়া হয়।১ প্ৰতি বছৰে এই দিৱসৰ মূল বিষয় বা থিম বাছি লোৱা হয়।
তথ্যসূত্ৰ
- ↑ Polls near, but no data of voters with disabilities. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় মতদাতা দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮৩৫৩৪ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।