দিৱসসমূহ
১৩৫ প্ৰবন্ধ
-
বিশ্ব ডাক দিৱস
বিশ্ব ডাক দিৱস (World Post day) প্ৰতি বছৰে ৯ অক্টোবৰ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ১৮৭৪ চনৰ এই দিনতে চুইটজাৰলেণ্ডৰ বাৰ্নত বিশ্ব ডাক সন্থাৰ (Universal Postal Union) জন্ম হৈছিল। পিছলৈ এই সন্থা ৰাষ্ট্ৰসংঘৰ লগত চামিল হয়।
-
বিশ্ব থিয়েটাৰ দিৱস
বিশ্ব থিয়েটাৰ দিৱস (World Theatre Day) প্ৰতিবছৰে ২৭ মাৰ্চ তাৰিখে পালন কৰা হয়। এই দিৱস পোন প্ৰথমে ১৯৬১ চনত আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠানে আৰম্ভ কৰিছিল। আন্তৰ্জাতিক থিয়েটাৰ প্ৰতিষ্ঠান ৰাষ্ট্ৰসংঘৰ ইউনেস্কৰ এটা শাখা। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে এই দিৱস পালন কৰা হয়।
-
বিশ্ব দয়া দিৱস
বিশ্ব দয়া দিৱস (World Kindness Day) ১৩ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয়ভাৱে পালন কৰা হয়। ১৯৯৮ চনত বিশ্ব দয়া আন্দোলনৰ জাতিসমূহৰ দয়াৰ এন জি অ’ৰ মিত্ৰজোঁটে ইয়াক প্ৰৱৰ্তন কৰিছিল। কানাডা, অষ্ট্ৰেলিয়া, নাইজেৰিয়া আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীকে ধৰি বহু দেশত ইয়াক উদযাপন কৰা হয়।
-
বিশ্ব দৃষ্টি দিৱস
বিশ্ব দৃষ্টি দিৱস (World Sight Day) প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে গোটেই বিশ্বজুৰি পালন কৰা হয়। গোলকীয় প্ৰেক্ষাপটত অন্ধতা, চকু আৰু দৃষ্টি সম্পৰ্কীয় ৰোগ আৰু চকুৰ যতনৰ বাবে জসচেতনতা বৃদ্ধি কৰায় এই দিৱসৰ মূল লক্ষ্য।
-
বিশ্ব পুতলা নাচ দিৱস
বিশ্ব পুতলা দিৱস (World Puppetry Day) ২১ মাৰ্চ তাৰিখে পালন কৰা হয়। ইৰাণৰ পুতলা থিয়েটাৰ শিল্পী জাভাদ জোলফাঘৰীৰ পৰা এই দিৱস পালন কৰাৰ ধাৰণাটো আহিছিল৷ ২০০০ চনত মেগডেবাৰ্গত অনুষ্ঠিত হোৱা ইউনিয়ন ইণ্টাৰনেশ্যনেল ডে লা মেৰিয়নেট, (UNIMA)ৰ ষোড়শ কংগ্ৰেছত তেওঁ আলোচনাৰ বাবে এই প্ৰস্তাৱ আগবঢ়ায়।
-
বিশ্ব পৰিসংখ্যা দিৱস
বিশ্ব পৰিসংখ্যা দিৱস প্ৰতি ৫ বছৰৰ মূৰে মূৰে ২০ অক্টোবৰ তাৰিখে পালন কৰা হয়। ফেব্ৰুৱাৰী ২০১০ৰ ইয়াৰ ৪১তম অধিবেশনত, ৰাষ্ট্ৰসংঘৰ পৰিসাংখ্যিক আয়োগে ২০ অক্টোবৰ ২০১০ক বিশ্ব পৰিসংখ্যা দিৱস হিচাপে উদযাপন কৰাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ থিমটো আছিলে "কাৰ্য্যালয়ৰ পৰিসংখ্যাৰ বিভিন্ন প্ৰাপ্তিসমূহ উদযাপন কৰা"।
-
বিশ্ব মহ দিৱস
বিশ্ব মহ দিৱস হৈছে ব্ৰিটিছ চিকিৎসক ছাৰ ৰ’নাল্ড ৰছে মহে মেলেৰিয়া ৰোগ সংক্ৰমিত কৰাৰ তথ্য আৱিষ্কাৰৰ স্মৃতিত প্ৰতিবছৰে ২০ আগষ্ট তাৰিখে সমগ্ৰ বিশ্বতে পালন কৰা এটি দিৱস।
-
বিশ্ব মাহ দিৱস
বিশ্ব মাহ দিৱস (ইংৰাজী: World Pulses Day) হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই (FAO) বিশ্বব্যাপী খাদ্য হিচাপে মাহজাতীয় শস্যৰ (শুকান বীন, মচুৰ দাইল, শুকান পটল, চজিনা আদি) গুৰুত্বক স্বীকৃতি প্ৰদান কৰিবলৈ প্ৰতিষ্ঠা কৰা এটা আন্তঃৰাষ্ট্ৰীয় দিৱস।
-
বিশ্ব মৌমাখি দিৱস
বিশ্ব মৌমাখি দিৱস হৈছে মৌ পালনৰ সজাগতা বৃদ্ধিৰ বাবে ২০ মে' তাৰিখে উদযাপন কৰা এক উৎসৱ বিশেষ। ১৭৩৪ চনৰ এই দিনটোতে মৌ পালনৰ অগ্ৰগামী এণ্টন জানচাৰ জন্ম হয়।
-
বিশ্ব শৌচাগাৰ দিৱস
বিশ্ব শৌচাগাৰ দিৱস (World Toilet Day; WTD) হৈছে ১৯ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ এক আনুষ্ঠানিক আন্তঃৰাষ্ট্ৰীয় দিৱস। বিশ্বজুৰি ৪.২ বিলিয়ন লোকে "নিৰাপদে পৰিচালিত অনাময় ব্যৱস্থা" অবিহনে জীয়াই আছে আৰু প্ৰায় ৬৭৩ মিলিয়ন লোকে মুকলিত শৌচ কৰে।
-
বিশ্ব হস্তী দিৱস
বিশ্ব হস্তী দিৱস (World Elephant Day) হৈছে ১২ আগষ্টত অনুষ্ঠিত হোৱা এটি আন্তঃৰাষ্ট্ৰীয় বাৰ্ষিক অনুষ্ঠান। এই অনুষ্ঠানটি সমগ্ৰ বিশ্বৰ হাতীবোৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে উৎসৰ্গিত কৰা হয়।
-
বিশ্ব হৃদয় দিৱস
বিশ্ব হৃদয় প্ৰতিষ্ঠান বা ৱৰ্ল্ড হাৰ্ট ফেডাৰেচন ১৯৭১ চনত ছুইজাৰলেণ্ডৰ জেনেভাস্থিত এটা বেচৰকাৰী অনুষ্ঠান। ১৯৭৮ চনত ইণ্টাৰনেচনেল ছ'ছাইটি অৱ কাৰ্ডিঅ'লজি (International Society of Cardiology) আৰু ১৯৭০ চনত স্থাপিত ইণ্টাৰনেচনেল কাৰ্ডিঅ'লজি ফেডাৰেচন (International Cardiology Federation) নামৰ অনুষ্ঠান দুটা…
-
মহাৰাষ্ট্ৰ দিৱস
মহাৰাষ্ট্ৰ দিৱস (महाराष्ट्र दिन; Maharashtra Day) মহাৰাষ্ট্ৰ ৰাজ্যৰ এটা চৰকাৰী বন্ধৰ দিন। ১৯৬০ চনৰ ১ মে’ত বোম্বে প্ৰদেশ বিভাজন হৈ মাৰাঠাভাষী ৰাজ্য মহাৰাষ্ট্ৰ গঠন কৰা হৈছিল। এই দিনটোৰ সোঁৱৰণত মহাৰাষ্ট্ৰ দিৱস পালন কৰা হয়। কুছকাৱাজ, বক্তৃতা বা অন্যান্য অনুষ্ঠানৰ যোদেগি এই দিৱস পালন কৰা হয়।
-
লোকসেৱা সম্প্ৰসাৰণ দিৱস
মহাত্মা গান্ধীয়ে ১৯৪৭ চনৰ ১২ নৱেম্বৰত কুৰুক্ষেত্ৰ ভ্ৰমণ কৰাৰ কথা আছিল আৰু তাত শিবিৰ পাতি থকা ২.৫ লাখ ভাৰতীয় শৰণাৰ্থীক সম্বোধন কৰাৰ কথা আছিল। অনিবাৰ্য কাৰণবশতঃ তেওঁ সেইদিনা কুৰুক্ষেত্ৰত উপস্থিত হ'ব নোৱাৰিলে। তদুপলক্ষে তেওঁলোকৰ বাবে আকাশবাণীৰ পৰা গান্ধীজীৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হৈছিল।
-
সতী সাধনী দিৱস
সতী সাধনী দিৱস চুতীয়া ৰাজ্যৰ শেষৰ গৰাকী ৰাণী সাধনীৰ স্মৃতিত প্ৰতিবছৰে অসমত পালন কৰা এটা দিৱস। অসম চৰকাৰে ২০২০ চনৰ পৰা প্ৰতিবছৰে ৭ ব'হাগ দিনটো সাধনীৰ স্মৃতিত ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিছে।সতী সাধনী আছিল চুতীয়া ৰাজ্যৰ শেষৰগৰাকী ৰাণী।
-
ৰাষ্ট্ৰসংঘ দিৱস
ৰাষ্ট্ৰসংঘ দিৱস (United Nations Day) ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে গঠন হোৱা দিন অৰ্থাৎ ২৪ অক্টোবৰত পালন কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু প্ৰাপ্তিৰ বিষয়ে জনসমাজক অৱগত কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।
-
ৰাষ্ট্ৰীয় একতা দিৱস
ৰাষ্ট্ৰীয় একতা দিৱস হ'ল চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে সূচনা কৰা এটা দিৱস। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল। প্ৰতি বছৰে ৩১ অক্টোবৰত অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম তিথিত এই দিৱস পালন কৰা হয়।
-
ৰাষ্ট্ৰীয় গণিত দিৱস (ভাৰত)
ৰাষ্ট্ৰীয় গণিত দিৱস ভাৰতত প্ৰতিবছৰে ২২ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ২০১২ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে মাদ্ৰাজ বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিখ্যাত ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ ১২৫তম জন্মজয়ন্তী উদযাপন সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত ৰামানুজনৰ জন্মদিনটোক ৰাষ্ট্ৰীয়…
-
ৰাষ্ট্ৰীয় শিক্ষা দিৱস
ৰাষ্ট্ৰীয় শিক্ষা দিৱস হৈছে স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা মন্ত্ৰী মৌলানা আবুল কালাম আজাদৰ জন্মদিনৰ দিনা ভাৰতত উদযাপন কৰা এক বাৰ্ষিক অনুষ্ঠান। মৌলানা আবুল কালাম আজাদে ১৫ আগষ্ট ১৯৪৭ৰ পৰা ২ ফেব্ৰুৱাৰী ১৯৫৮ লৈকে সেৱা আগবঢ়াইছিল।
-
আইচলেণ্ডৰ মহিলাৰ বন্ধৰ দিন
১৯৭৫ চনৰ ২৪ অক্টোবৰত আইচলেণ্ডৰ মহিলাসকলে “আইচলেণ্ডৰ অৰ্থনীতি আৰু সমাজৰ বাবে মহিলাৰ অপৰিহাৰ্য কাম প্ৰদৰ্শন’’ আৰু “মজুৰিৰ অমিল আৰু অন্যায় নিয়োগ পদ্ধতিৰ প্ৰতিবাদ’’ৰ বাবে দিনটোৰ বাবে ধৰ্মঘট কৰে। ইয়াক ঘৰুৱাভাৱে মহিলাৰ বন্ধৰ দিন হিচাপে প্ৰচাৰ কৰা হৈছিল।
-
আজাদ কাশ্মীৰ দিৱস
প্ৰত্যেক বছৰে ২৪ অক্টোবৰত আজাদ কাশ্মীৰ দিৱস পালন কৰা হয়। ১৯৪৭ চনত ৰাজ্যখন স্থাপন হোৱা দিনটো আজাদ কাশ্মীৰ দিৱস হিচাপে স্মৰণ কৰা হয়।
-
আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস
গ্ৰহাণু দিৱস বা আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস হৈছে এক বাৰ্ষিক বিশ্বব্যাপী অনুষ্ঠিত দিৱস। ১৯০৮ চনত টুংগুস্কা অনুষ্ঠানৰ বৰ্ষপূৰ্তিৰ দিনা প্ৰথম বাৰলৈ এটা গ্ৰহাণুৱে চাইবেৰিয়াৰ প্ৰায় ২,১৫০ বৰ্গ কিলোমিটাৰ (৮৩০ বৰ্গ মাইল) বনাঞ্চল সমতল কৰি পেলাইছিল।ৰাষ্ট্ৰসংঘই নিজৰ প্ৰস্তাৱত প্ৰতি বছৰে ৩০ জুনত ইয়াক…
-
আন্তৰ্জাতিক অদ্বিতীয় জনগণ দিৱস
আন্তৰ্জাতিক অদ্বিতীয় জনগণ দিৱস প্ৰতি বছৰে ১৪ জুলাইত পালন কৰা হয় আৰু ইয়াৰ লক্ষ্য হৈছে বিশ্বজুৰি অদ্বিতীয় লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ প্ৰতি সজাগতা সৃষ্টি আৰু সংগঠিত কৰা। এই দিৱসটো প্ৰথমবাৰৰ বাবে ২০১২ চনত উদযাপন কৰা হৈছিল, কাটজে ভান লুনে প্ৰথমবাৰৰ বাবে এই দিৱসৰ আৰম্ভ কৰিছিল।
-
আন্তৰ্জাতিক ট্ৰান্সজেণ্ডাৰ দৃশ্যমানতা দিৱস
আন্তৰ্জাতিক ট্ৰান্সজেণ্ডাৰ দৃশ্যমানতা দিৱস (সততে টিডিঅ'ভি বা ট্ৰান্স দৃশ্যমানতা দিৱস বুলি কোৱা হয়) হৈছে ৩১ মাৰ্চত সংঘটিত হোৱা বাৰ্ষিক অনুষ্ঠান যিটো ৰূপান্তৰিত লিংগৰ লোক সকলক উদযাপন কৰা আৰু বিশ্বজুৰি ট্ৰান্সজেণ্ডাৰসকলে সন্মুখীন হোৱা বৈষম্যৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে উৎসৰ্গিত কৰা হয়, লগতে সমাজলৈ…
-
আন্তৰ্জাতিক প্ৰাইমেট দিৱস
আন্তৰ্জাতিক প্ৰাইমেট দিৱস (International Primate Day) হʼল প্ৰতিবছৰে ১ ছেপ্টেম্বৰ তাৰিখে উদ্যাপিত এটি শিক্ষামূলক অনুষ্ঠান। ২০০৫ চনৰপৰা এই অনুষ্ঠানটি মূলতঃ ব্ৰিটিছ-ভিত্তিক এনিমেল ডিফেণ্ডাৰছ ইণ্টাৰনেশ্যনেল (এডিআই)ৰদ্বাৰা আয়োজিত হৈ আহিছে।
-
আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস
আন্তৰ্জাতিক বিজ্ঞান ক্ষেত্ৰত মহিলা আৰু কন্যা দিৱস (International Day of Women and Girls in Science) প্ৰতি বছৰে ১১ ফেব্ৰুৱাৰী তাৰিখে পালন কৰা হয়। ২০১৫ চনৰ ২২ ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে গৃহীত কৰা প্ৰস্তাৱ অনুসৰি এই দিৱস উদযাপন কৰা হয়।
-
আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস
আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস প্ৰতি বছৰে ১৮ মে' তাৰিখে বিশ্বব্যাপী পালন কৰা হয়। ১৯৮৩ চনৰ ১৮ মে' তাৰিখে ৰাষ্ট্ৰসংঘয়ে সংগ্ৰহালয়সমূহৰ বিশেষত্ব আৰু মহত্ত্ব উপলব্ধি কৰি আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উদযাপন কৰাৰ নিৰ্ণয় গ্ৰহণ কৰিছিল।
-
আন্তৰ্জাতিক ৰং দিৱস
আন্তৰ্জাতিক ৰং দিৱস (International Colour Day) হৈছে ৰং উদযাপনৰ বাবে ২১ মাৰ্চ তাৰিখে অনুষ্ঠিত হোৱা এক বাৰ্ষিক অনুষ্ঠান৷ এই দিৱসটো আন্তৰ্জাতিক ৰং সংস্থাই (ফৰাচী নাম Association Internationale de la Couleur বাবে সংক্ষিপ্তভাৱে এআইচি বুলি কোৱা হয়) প্ৰতিষ্ঠা কৰিছিল, যিটো ৰাষ্ট্ৰীয় ৰং সংগঠন আৰু ৩০খনতকৈও…
-
কৰ্ণাটক ৰাজোৎসৱ
কৰ্ণাটক ৰাজোৎসৱ বা কন্নড়া ৰাজোৎসৱা (ಕನ್ನಡ ರಾಜ್ಯೋತ್ಸವ; Karnataka Rajyotsava) প্ৰতি বছৰে ১ নৱেম্বৰত পালন কৰা হয়। ইয়াক কৰ্ণাটক গঠন দিৱস বা কৰ্ণাটক দিৱস বুলিও কোৱা হয়। ১৯৫৬ চনৰ এই দিনটোতে দক্ষিণ ভাৰতৰ সকলো কন্নড় ভাষা কথিত অঞ্চলসমূথ একত্ৰিত কৰি কৰ্ণাটক ৰাজ্য গঠন কৰা হৈছিল।
-
জুলাই গণ অভ্যুত্থান দিৱস (বাংলাদেশ)
জুলাই গণ অভ্যুত্থান দিৱস বাংলাদেশৰ এটা জাতীয় বন্ধৰ দিন, যিটো দিন ২০২৫ চনৰপৰা বছৰি ৫ আগষ্টত জুলাই বিপ্লৱৰ স্মৃতিত পালন কৰা হয়। ২০২৪ চনৰ ৫ আগষ্টত জুলাই বিপ্লৱৰ ফলস্বৰূপে, প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ১৫বছৰীয়া শাসনৰ অন্ত পেলাই পদত্যাগ কৰে, যিটো দিন পিছলৈ ৩৬ জুলাই নামেৰে জনাজাত হয়।