অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তৰ্জাতিক অনুবাদ দিৱস

আন্তৰ্জাতিক অনুবাদ দিৱস হৈছে অনুবাদ পেছাদাৰীসকলক স্বীকৃতি দিয়া এক আন্তঃৰাষ্ট্ৰীয় দিৱস। ৩০ ছেপ্তেম্বৰ তাৰিখটো বাইবেল অনুবাদক চেণ্ট জেৰমৰ উৎসৱৰ দিন হিচাপে এই অনুবাদ দিৱস পালিত হৈছে।

হালনাগাদ: ৩০ জুন ২০২৪ ১২৮ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক অনুবাদ দিৱস হৈছে অনুবাদ পেছাদাৰীসকলক স্বীকৃতি দিয়া এক আন্তঃৰাষ্ট্ৰীয় দিৱস। ৩০ ছেপ্তেম্বৰ তাৰিখটো বাইবেল অনুবাদক চেণ্ট জেৰমৰ উৎসৱৰ দিন হিচাপে এই অনুবাদ দিৱস পালিত হৈছে।১

ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ

২০১৭ চনৰ ২৪ মে'ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ৩০ ছেপ্তেম্বৰ আন্তৰ্জাতিক অনুবাদ দিৱস ঘোষণা কৰি ৭১/২৮৮ নং প্ৰস্তাৱ গৃহীত কৰে, য'ত ৰাষ্ট্ৰসমূহক সংযোগ কৰাত পেছাদাৰী অনুবাদৰ ভূমিকাক স্বীকৃতি দিয়া হয়।১২৩ খচৰা প্ৰস্তাৱ A/71/L.68 ত এঘাৰখন দেশে স্বাক্ষৰ কৰে: আজাৰবাইজান, বাংলাদেশ, বেলাৰুছ, কোষ্টা ৰিকা, কিউবা, ইকুৱেডৰ, পেৰাগুৱে, কাটাৰ, তুৰস্ক, তুৰ্কমেনিস্তান আৰু ভিয়েটনাম।৪ আন্তঃৰাষ্ট্ৰীয় অনুবাদক ফেডাৰেচনৰ উপৰিও এই প্ৰস্তাৱ গ্ৰহণৰ পোষকতা কৰিছিল আন্তৰ্জাতিক সন্মিলন দোভাষী সংস্থা, ক্ৰিটিকেল লিংক ইণ্টাৰনেশ্যনেল, আন্তৰ্জাতিক পেছাদাৰী অনুবাদক আৰু দোভাষী সংস্থা, ৰেড টি, বিশ্ব সাংকেতিক ভাষাৰ দোভাষী সংস্থাকে ধৰি আন কেইবাটাও সংস্থাই।৫

ৰাষ্ট্ৰসংঘই আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰাছিয়ান, স্পেনিছ আৰু জাৰ্মান ভাষাত অনুবাদৰ বাবে বাৰ্ষিক চেণ্ট জেৰম অনুবাদ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।১

তথ্যসূত্ৰ

  1. ↑ Nations, United. International Translation Day. United Nations
  2. ↑ Hannes Ben, "International Translation Day: Everything You Need to Know", Locaria, 30 August 2019
  3. ↑ General Assembly A/RES/71/288. Also edited in French, Spanish, Russian
  4. ↑ Azerbaijan; Bangladesh; Belarus. (2017-05-10). The role of professional translation in connecting nations and fostering peace, understanding and development
  5. ↑ (22 May 2017). UN Set to Pass Draft Resolution Declaring September 30 As Translation Day. Slator.com

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক অনুবাদ দিৱস” প্ৰবন্ধৰ সংশোধন ৪২৪৩৫০ (৩০ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।