বিশ্ব কৰ্কট ৰোগ দিৱস (ইংৰাজী ভাষা: World Cancer Day) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সকলে পালন কৰে। কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে ৰোগ চিনাক্ত কৰণ সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা এই দিৱসৰ মূল উদ্দেশ্য। আন্তৰ্জাতিক কৰ্কট ৰোগ নিয়ন্ত্ৰণ সংঘয়ে ২০০৮ চনত ঘোষিত বিশ্ব কৰ্কট ৰোগ ঘোষণাৰ লক্ষ্য সমূহ পূৰণ কৰাৰ উদ্দেশ্যে এই দিৱসৰ পাতনি মেলিছিল। ইয়াৰ প্ৰথম আৰু মুখ্য উদ্দেশ্য হল ২০২০ চনলৈ কৰ্কট ৰোগত মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ্ৰাস কৰা।১
বিশ্ব কৰ্কট ৰোগ দিৱস উদযাপনৰ বাবে স্থিৰ কৰা দিশ কিছুমান হল,
- কৰ্কট ৰোগ সম্পৰ্কে থকা ভুল ধাৰণা সমূহ দূৰ কৰা২
- জন সচেতনতা বৃদ্ধি কৰা, আৰু
- ৰোগী সমূহৰ লগত হোৱা সামাজিক বৈষম্য ৰোধ কৰা৩
এই দিনা কৰ্কট ৰোগৰ ৰোগী সমূহৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। কিছুমান ঠাইত ৰাজহুৱা সভা পাতি ধনাত্মক চিন্তাধাৰাৰ বক্তায়ে অনুপ্ৰেৰণা মূলক ভাষণ দিয়ে। কৰ্কট ৰোগী সমূহৰ মাজত খেল-ধেমালি আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। কিছুমান ঠাইত সাংস্কৃতিক অনুষ্ঠান আৰু ধৰ্ম মূলক আনুষ্ঠানো অনুষ্ঠিত কৰা হয়।
বৰ্তমান সময়ত #NoHairSelfie নামৰ এক গোলকীয় আন্দোলনৰ সৃষ্টি হৈছে। ইয়াৰ বাবে ব্যক্তি সকলে নিজৰ চুলি খুড়াই বা কৃত্ৰিমভাৱে টকলা হৈ কৰ্কট ৰোগী সমূহৰ বাবে সমবেদনা জ্ঞাপন কৰে। যিহেতু কৰ্কট ৰোগত ব্যৱহাৰিত ৰসচিকিৎসা পদ্ধতিত সকলো চুলি সৰি যায়।৪ এইদিনা মানুহে নিজৰ ফটো ছোচিয়েল মিডিয়াত ভাগ বতৰা কৰে। স্থানীয় বিভিন্ন অনুষ্ঠানো অনুষ্ঠিত হয়।
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ World Cancer Day 2013 One-Pager (English). UICC
- ↑ Szabo, Liz. (3 February 2013). World Cancer Day targets myths, spreads message. USA Today
- ↑ Gander, Kashmira. (4 February 2016). World Cancer Day: Why is the disease still a taboo?. The Independent
- ↑ Wheeler, Brad. (27 January 2016). Three international productions, including Scotland’s The James Plays, to headline Luminato 2016. The Globe and Mail
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব কৰ্কট ৰোগ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮২১১৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।