অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস (ইংৰাজী: National Girl Child Day) হৈছে ভাৰতবৰ্ষত প্ৰত্যেক বছৰে ২৪ জানুৱাৰীত পালন কৰা এটা ৰাষ্ট্ৰীয় দিৱস। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ভাৰতীয় সমাজত নাৰীৰ প্ৰতি থকা ভেদাভেদ আৰু লিংগ বৈষম্য বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই…

হালনাগাদ: ২৪ জানুৱাৰী ২০২৩ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস (ইংৰাজী: National Girl Child Day) হৈছে ভাৰতবৰ্ষত প্ৰত্যেক বছৰে ২৪ জানুৱাৰীত পালন কৰা এটা ৰাষ্ট্ৰীয় দিৱস। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ভাৰতীয় সমাজত নাৰীৰ প্ৰতি থকা ভেদাভেদ আৰু লিংগ বৈষম্য বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই দিৱসটো আৰম্ভ কৰিছিল।১ “বেটি বচাও, বেটি পঢ়াও”, শিশু যৌন অনুপাতকে ধৰি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে আৰু মহিলাসকলৰ বাবে এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশ গঢ়ি তোলাৰ বাবে সজাগতা অভিযানৰ জৰিয়তে এই দিৱস উদযাপন কৰা হয়। সমগ্ৰ দেশতে লিংগ সজাগতা শিবিৰ আৰু আলোচনা চক্ৰৰ আয়োজন কৰা হয়, য'ত কন্যা শিশুৰ বাবে এক সুস্থ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয় আৰু চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ উপস্থাপন কৰা হয়।২৩৪৫ ২০১৯ চনত “উজ্জ্বল ভৱিষ্যতৰ বাবে মহিলাৰ সবলীকৰণ” ('Empowering Girls for a Brighter Tomorrow') বিষয়ক লৈ এই দিৱস পালন কৰা হৈছিল।৬৩

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ এটি দৃশ্য
ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ এটি দৃশ্যছবি: Ramesh Lalwani · CC BY 2.0

উদ্দেশ্য

  • দেশৰ মহিলাসকলে যাতে কোনো ধৰণৰ বৈষম্যৰ সন্মুখীন নহয় তাৰ বাবে জনসাধাৰণক সজাগ কৰা।৭
  • কন্যা সন্তানৰ অধিকাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা।
  • মহিলাসকলক শিক্ষা দিয়া আৰু তেওঁলোকক স্বাস্থ্য আৰু পুষ্টিৰ গুৰুত্বৰ বিষয়ে সচেতন কৰা।৮

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Goyal, Sikha. (January 24, 2019). National Girl Child Day 2019: History, Theme, Objectives and Significance. Jagranjosh
  2. ↑ Nair, Arun. (January 24, 2019). National Girl Child Day 2019: All You Need To Know. NDTV
  3. ↑ (January 24, 2019). "Empowering Girls for a Brighter Tomorrow" – National Girl Child Day 2019. The Economic Times
  4. ↑ (January 24, 2018). Significance of National Girl Child Day. The Morung Express
  5. ↑ Carvalho, Nirmala. (January 24, 2010). 'National Girl Child Day' against selective abortions and female infanticide. AsiaNews
  6. ↑ (January 24, 2019). National girl child day being observed with theme 'Empowering Girls for a Brighter Tomorrow'. DD News
  7. ↑ (January 21, 2022). National Girl Child Day (NGCD) 2022: How the World Can Be Made Better for Girls?. SA News Channel
  8. ↑ (January 24, 2021). National Girl Child Day: Theme, importance, significance. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস” প্ৰবন্ধৰ সংশোধন ৩৪৩২৬৪ (২৪ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।