গোলকীয় হাত ধোৱা দিৱস বা বিশ্ব হাত ধোৱা দিৱস হৈছে বিশ্বব্যাপী ফলপ্ৰসূ ভাৱে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলাৰ হেতু জনসাধাৰণক সচেতন কৰিবৰ বাবে চলা এক অভিযান। ২০১৮ চনৰ পৰা প্ৰত্যেক বছৰে ১৫ অক্টোবৰৰ দিনটো বিশ্বব্যাপী ‘গোলকীয় হাত ধোৱা দিৱস’ ৰূপে পালন কৰি অহা হৈছে। এই দিৱসটো ‘গ্ল’বেল হেণ্ড ৱাচিং পাৰ্টনাৰশ্বিপ’ৰ সৌজন্যত বিভিন্ন দল-সংগঠন, চৰকাৰ, বিভিন্ন আন্তৰ্জাতিক সংস্থা, এন জি অ’ৰ লগতে নানান ব্যক্তিগত কোম্পানী আদিৰ সহযোগত পালন কৰা হয়। বিশ্বব্যাপী চলা এই অভিযানে চাবোনৰে হাত ধোৱা যে বিভিন্ন ৰোগ প্ৰতিৰোধৰ এক মুখ্য উপায় সেই বিষয়ে সজাগতা সৃষ্টি কৰে।১ ইয়াৰ দ্বাৰা শ্বাস-প্ৰশ্বাস-সম্বন্ধীয় তথা আন্ত্ৰিক ৰোগৰ সম্ভাৱনা ২৫-৫০% পৰ্যন্ত কমাব পাৰি।
লক্ষ্য
গোলকীয় হাত ধোৱা দিৱসৰ উল্লেখ্য লক্ষ্য সমূহ হৈছে:২
- সকলো সমাজতে চাবোনেৰে হাত ধোৱা প্ৰক্ৰিয়াক এক সাধাৰণ অভ্যাসত পৰিণত কৰিবলৈ ইয়াক সমৰ্থন তথা লালন কৰা।
- প্ৰতিখন দেশতে হাত ধোৱা ব্যৱস্থাটোৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা।
- চাবোনেৰে হাত ধোৱাৰ ফলপ্ৰসূতা সম্পৰ্কে জনতাৰ মাজত সজাগতা বৃদ্ধি কৰা।
উদযাপন
প্ৰতি বছৰে ২০০ মিলিয়ন লোকে বিশ্বজুৰি গোলকীয় হাত ধোৱা দিৱস উদযাপন কৰে।৩
ইতিহাস
গ্ল’বেল হেণ্ড ৱাচিং পাৰ্টনাৰশ্বিপ’ৰ সৌজন্যত বিভিন্ন দল-সংগঠন, চৰকাৰ, বিভিন্ন আন্তৰ্জাতিক সংস্থা, এন জি অ’ৰ লগতে নানান ব্যক্তিগত কোম্পানী আদিৰ সহযোগত বিশ্ব পানী সপ্তাহৰ লগত সংগতি ৰাখি ২০০৮চনত প্ৰথমবাৰৰ বাবে এই দিৱস চুইডেনত পালন কৰা হয।৪ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৫ অক্টোবৰ দিনটো গোলকীয় হাত ধোৱা দিৱস হিচাপে পালনৰ অনুমোদন জনায়। ইয়াৰোপৰি ২০০৮ বৰ্ষটো আছিল স্বচ্ছতাৰ আন্তৰ্জাতিক বৰ্ষ।৫
দিৱসৰ বিষয়বস্তু
- ২০২০ - প্ৰত্যেকৰে বাবে স্বাস্থ্যকৰ হাত৬
- ২০১৯ - সকলোৰে বাবে পৰিষ্কাৰ হাত।৭
- ২০১৮ - পৰিষ্কাৰ হাত - এক স্বাস্থ্য প্ৰণালী।৮
- ২০১৭ - আমাৰ হাত, আমাৰ ভৱিষ্যত।৯
- ২০১৬ - হাত ধোৱাক এক অভ্যাসত পৰিণত কৰক।১০১১
- ২০১৫ - স্বাস্থ্যৰ হেতু হাত ডাঙক।১২১৩
- ২০১৪ - হাত পৰিষ্কাৰ কৰক, জীৱন বচাওক। এই বৰ্ষত গোলকীয় হাত ধোৱা দিৱসক ইবোলা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক সুযোগ হিচাপে উদযাপন কৰা হৈছিল।১৪
- ২০১৩ - ক্ষমতা আপোনাৰ হাতত আছে।১৫
- ২০১২ - মই এজন হাত ধোৱা অধিবক্তা।১৬
- ২০১১ - হাত পৰিষ্কাৰ কৰক জীৱন বচাওক।১৭
- ২০১০ - শিশু আৰু বিদ্যালয় সমূহ।১৮
- ২০০৯ - জীবাণু নহয়, শব্দটি প্ৰচাৰ কৰক ১৯
- ২০০৮ - গোলকীয় হাত ধোৱা দিৱসৰ প্ৰাৰম্ভিক বৰ্ষটোৰ মূল লক্ষ্য আছিল বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল। সদস্য সকলে ৭০খনতকৈয়ো বেছি দেশত পাৰ্যমানে ছাত্ৰ-ছাত্ৰীৰ হাত চাবোনেৰে ধোৱাৰ প্ৰতিশ্ৰুতিৰ বাবে কাম কৰে। উক্ত বছৰটোতেই ক্ৰিকেট তাৰকা শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ দলৰ ক্ৰিকেটাৰ সকলে উন্নত স্বাস্থ্য আৰু স্বাস্থ্যবিধিৰ হেতু প্ৰায় ১০০ মিলিয়ন ছাত্ৰ-ছাত্ৰীৰ সৈতে সংযুক্ত হৈ গোলকীয় হাত ধোৱা দিৱস উদযাপন কৰে।২০
তথ্যসূত্ৰ
- ↑ Rai, Frank. (12 August 2009). Lae Marks Global Handwashing Day. Post-Courier (Papua New Guinea)
- ↑ (12 October 2012). Global Handwashing Day. MMWR. Morbidity and Mortality Weekly Report. পৃ. 821
- ↑ Archived copy
- ↑ The Global Public Private Partnership for Handwashing – Our History. The Global Public Private Partnership for Handwashing
- ↑ (15 October 2008). Global Handwashing Day. World Health Organization
- ↑ Daily Current Affairs. PendulumEdu
- ↑ Digital Toolkit for the CDC's Life is Better with Clean Hands, which is useful globally
- ↑ Global Handwashing Day website
- ↑ usaidwaterckm. Global Handwashing Day – Water Currents. Water Currents: Sanitation Updates, October 13, 2017.
- ↑ 'Make Handwashing a Habit’ on #GlobalHandwashingDay. Global Citizen: Water & Sanitation.
- ↑ Why Make Handwashing a Habit? An explanation of the Global Handwashing Day 2016 theme. September 19, 2016Global Handwashing Day: Community Forum.
- ↑ On Global Handwashing Day, raise a hand for hygiene. Peace Corps website. 2015. Accessed October 15, 2019
- ↑ Global Handwashing Day. SafetyWise. October 16, 2015.
- ↑ (15 October 2014). Handwashing One Important Tool in the Ebola Fight. UNICEF
- ↑ Hand-in-Scan: Hand Washing Matters. Today: Global Handwashing Day. 2013.10.15.
- ↑ [n/en/press-releases/global-handwashing-day-unicef-says-its-not-complicated-its-crucial On Global Handwashing Day UNICEF says: It's not complicated, but it's crucial Mass mobilization in schools and communities across China on benefits of handwashing. UNICEF website. 17 October 2012]
- ↑ dietvorst. “Clean hands save lives” — Global Handwashing Day 2011 is celebrated by millions of people worldwide. Posted on October 24, 2011. Sanitation Updates
- ↑ Luuk Diphoorn. Global Handwashing Day 2010. Akvo (development policy blog).
- ↑ Saira Saeed Khan. Global Handwashing Day 2009: Spread the word, not the germs. UNICEF website. 9 October 2009.
- ↑ Walker, Angela. (16 October 2008). Star Cricketer Sachin Tendulkar Promotes Handwashing in India. UNICEF
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলকীয় হাতধোৱা দিৱস” প্ৰবন্ধৰ সংশোধন ৪৩২২৩৯ (১৭ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।