অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় মহাকাশ দিৱস

ৰাষ্ট্ৰীয় মহাকাশ দিৱস (National Space Day) প্ৰতি বছৰে ভাৰতত ২৩ আগষ্ট তাৰিখে পালন কৰা হয়। ২০২৩ চনৰ ২৩ আগষ্ট তাৰিখে ভাৰতে চন্দ্ৰযান-৩ৰ জৰিয়তে চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু দক্ষিণ মেৰু অঞ্চলত উপনীত হোৱা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৪ ৬৮২ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় মহাকাশ দিৱস (National Space Day) প্ৰতি বছৰে ভাৰতত ২৩ আগষ্ট তাৰিখে পালন কৰা হয়।১ ২০২৩ চনৰ ২৩ আগষ্ট তাৰিখে ভাৰতে চন্দ্ৰযান-৩ৰ জৰিয়তে চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু দক্ষিণ মেৰু অঞ্চলত উপনীত হোৱা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হয়। এই উল্লেখযোগ্য কৃতিত্বক সন্মান জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰিছিল। ২০২৪ চনৰ ২৩ আগষ্ট তাৰিখে "চন্দ্ৰ স্পৰ্শ কৰাৰ ক্ষণত জীৱন স্পৰ্শ কৰা: ভাৰতৰ মহাকাশ কাহিনী" শীৰ্ষক বিষয়বস্তুৰে প্ৰথমবাৰলৈ এই দিৱস আয়োজন কৰা হয়।২

ইতিহাস

২০২৩ চনৰ ২৩ আগষ্ট তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই চন্দ্ৰযান-৩ৰ লেণ্ডাৰ আৰু ৰভাৰ চন্দ্ৰ পৃষ্ঠত সফলতাৰে অৱতৰণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হয়।৩ ইয়াৰ লগে লগে ভাৰত চন্দ্ৰত অৱতৰণ কৰা চতুৰ্থখন দেশ আৰু চন্দ্ৰৰ দক্ষিণ মেৰু অঞ্চলৰ ওচৰত অৱতৰণ কৰা প্ৰথম দেশ হিচাপে পৰিগণিত হয়। চফ্ট-লেণ্ডিঙৰ পিছত প্ৰজ্ঞান ৰভাৰৰ সফল পৰিচালন কৰা হয়। এই কৃতিত্বক স্বীকৃতি দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ আগষ্টক ভাৰতত "ৰাষ্ট্ৰীয় মহাকাশ দিৱস" হিচাপে ঘোষণা কৰে।৪৫৬

উদযাপন

২০২৪ চনত সমগ্ৰ ভাৰততে প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হয়।৭ ভাৰত চৰকাৰে ভাৰতৰ মহাকাশ অভিযানৰ কৃতিত্ব প্ৰদৰ্শনৰ লগতে যুৱ প্ৰজন্মক অনুপ্ৰাণিত কৰাৰ বাবে এমাহজোৰা অভিযান আৰম্ভ কৰে। প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱসৰ বিষয়বস্তু "চন্দ্ৰ স্পৰ্শ কৰাৰ ক্ষণত জীৱন স্পৰ্শ কৰা: ভাৰতৰ মহাকাশ কাহিনী"ই সমাজ আৰু প্ৰযুক্তিৰ ওপৰত মহাকাশ অন্বেষণৰ উল্লেখযোগ্য প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে।৮

ভাৰত মণ্ডপমত দুদিনীয়া কাৰ্যসূচী

প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ভাৰত মণ্ডপমত অনুষ্ঠিত দুদিনীয়া কাৰ্যসূচীৰ মুহূৰ্ত
প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ভাৰত মণ্ডপমত অনুষ্ঠিত দুদিনীয়া কাৰ্যসূচীৰ মুহূৰ্তছবি: Press Information Bureau, Government of India · GODL-India

প্ৰথম ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে ভাৰত মণ্ডপমত দুদিনীয়া এক বৃহৎ কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত ভাৰতৰ মহাকাশ কৃতিত্বৰ সৈতে জড়িত একাধিক অধিবেশন, ইণ্টাৰেক্টিভ প্ৰদৰ্শনী, আৰু উল্লেখযোগ্য ঘোষণাসমূহ প্ৰদৰ্শন কৰা হয়।

স্পেচ ইন হুইলছ

স্পেচ ইন হুইলছ
স্পেচ ইন হুইলছছবি: Press Information Bureau, Government of India · GODL-India

এই প্ৰকল্পৰ জৰিয়তে মোবাইল প্ৰদৰ্শনী বাছৰ সহায়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ সময়ত বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়লৈ যায়। ২০২৩ চনৰ ২৪ জানুৱাৰীত ইছৰোৱে বৈজ্ঞানিক জ্ঞান আৰু সজাগতা বৃদ্ধিৰ বাবে উৎসৰ্গিত বিজ্ঞান ভাৰতীৰ (VIBHA) বিশিষ্ট বিজ্ঞান সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি “স্পেচ অন হুইলছ” নামৰ এক অনন্য পদক্ষেপত সহযোগিতা আগবঢ়ায়।

এই পদক্ষেপৰ প্ৰধান লক্ষ্য হৈছে ভাৰতৰ সকলো ৰাজ্যতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইছৰোৰ কাৰ্যকলাপ আৰু ভাৰতৰ মহাকাশ অভিযানৰ বিষয়ে তথ্য প্ৰচাৰ কৰা। এই সহযোগিতাই মহাকাশ বিজ্ঞানৰ বিষয়ে জনসাধাৰণৰ বুজাবুজি বৃদ্ধি আৰু মহাকাশ অন্বেষণৰ প্ৰতি অধিক আগ্ৰহ জগাই তোলাৰ বাবে ভিভা আৰু ইছৰোৰ যৌথ প্ৰচেষ্টাক প্ৰতিনিধিত্ব কৰে।

ইছৰো মহাকাশ শিক্ষক

মহাকাশ শিক্ষক হৈছে ইছৰোত পঞ্জীয়নভুক্ত শিক্ষাবিদ আৰু গুৰু। তেওঁলোক মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি শিক্ষাৰ উন্নতিৰ বাবে উৎসৰ্গিত। বিভিন্ন সন্মিলন কাৰ্য্যকলাপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু জনসাধাৰণক জড়িত কৰাত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বিকশিত শৈক্ষিক পৰিৱেশৰ প্ৰতি সঁহাৰি জনাই ইছৰোৱে মহাকাশ ক্ষেত্ৰত সমৃদ্ধ জ্ঞান প্ৰচাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ এই প্ৰচেষ্টা হাতত লৈছে।

এই প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ অসংখ্য এন জি অ’ আৰু শিক্ষানুষ্ঠানে কিছু কাঠামো প্ৰস্তুত কৰিছে। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক পঞ্জীয়ন কৰিবলৈ আৰু মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তিৰ অন্বেষণ কৰিবলৈ উৎসাহিত কৰা হয়। এই কাঠামোসমূহত কিতাপ আৰু পৰীক্ষাগাৰৰ কামৰ সৈতে শিক্ষামূলক মডিউলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই সমূহ নিয়মীয়া শ্ৰেণীকোঠাৰ শিক্ষণৰ পৰিপূৰক। ইয়াৰ উপৰিও ডিজিটেল কণ্টেণ্ট সৃষ্টিকৰ্তা আৰু অনলাইন শিক্ষাবিদসকলে ভাৰ্চুৱেল শিক্ষণ অভিজ্ঞতা প্ৰদান কৰিবলৈ ছ’চিয়েল মিডিয়া আৰু মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰে।

ইছৰোৰ ১২০জন পঞ্জীয়নভুক্ত মহাকাশ শিক্ষকে সমগ্ৰ দেশতে আলোচনা, কুইজ, আৰু প্ৰদৰ্শনীৰ দৰে সন্মিলন অনুষ্ঠান আয়োজন কৰে। মহাকাশ শিক্ষাৰ প্ৰসাৰ আৰু মহাকাশ কাৰ্যকলাপ আৰু প্ৰয়োগৰ বিষয়ে সজাগতা সৃষ্টি কৰা এই প্ৰকল্পৰ মূল লক্ষ্য। ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক কৌতূহল আৰু উদ্ভাৱনী চিন্তাধাৰাৰ পোষকতাত তেওঁলোকৰ প্ৰচেষ্টা বৃদ্ধিৰ বাবে প্ৰচাৰ সামগ্ৰীৰ জৰিয়তে সহায় লাভ কৰিবলৈ এই প্ৰচেষ্টা আৰম্ভ কৰা হৈছে।

ভাৰতীয় অন্তৰীক্ষ হেকাথন

ভাৰতীয় অন্তৰীক্ষ হেকাথন
ভাৰতীয় অন্তৰীক্ষ হেকাথনছবি: Press Information Bureau, Government of India · GODL-India

মহাকাশ প্ৰযুক্তিত উদ্ভাৱনীমূলক ধাৰণা আৰু সমাধান আৱিষ্কাৰ কৰাৰ লক্ষ্যৰে ৰাষ্ট্ৰীয় মহাকাশ দিৱস-২০২৪ উদযাপনৰ এক মূল বৈশিষ্ট্য ভাৰতীয় অন্তৰীক্ষ হেকাথন ২০২৪। ভাৰতে মহাকাশ গৱেষণা আৰু অন্বেষণৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ লগে লগে ইছৰোয়ে পৰৱৰ্তী প্ৰজন্মৰ উদ্ভাৱকসকলক দেশৰ মহাকাশ অভিযানত অৰিহণা যোগাবলৈ অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে ইয়াক অনুষ্ঠিত কৰে।

ইছৰোৰ উদ্যোগত অনুষ্ঠিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ হেকাথনত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন সমস্যাৰ বক্তব্য প্ৰদান কৰা হয়। ইয়াৰ ফলত তেওঁলোকক সৃষ্টিশীল সমাধানৰ বিকাশৰ বাবে উৎসাহিত কৰা হয়। নিৰ্বাচিত কেন্দ্ৰত চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে দলসমূহৰ সঁহাৰিৰ ভিত্তিত চৰ্টলিষ্ট কৰা হয়।

চূড়ান্ত অনুষ্ঠানৰ পৰা ব্যতিক্ৰমী ছাত্ৰ-ছাত্ৰীসকলক ইছৰো চেণ্টাৰত ইণ্টাৰশ্বিপৰ সুবিধা প্ৰদান কৰা হয়। ২০২৪ চনৰ ২৩ আগষ্টত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপনৰ সময়ত হেকাথনৰ শীৰ্ষ তিনিগৰাকী বিজয়ীয়ে নিজৰ উদ্ভাৱন প্ৰদৰ্শনৰ সুযোগ লাভ কৰে।

ইছৰো ৰবটিক্স চেলেঞ্জ

ইছৰো ৰবটিক্স চেলেঞ্জ
ইছৰো ৰবটিক্স চেলেঞ্জছবি: U R Rao Satellite Centre, Government of India · GODL-India

২০২৩ চনৰ ৮ নৱেম্বৰত ইছৰো ৰবটিক্স চেলেঞ্জ আৰম্ভ কৰিছিল। দলৰ নিৰ্বাচন আৰু প্ৰতিযোগিতাৰ বিৱৰণ প্ৰকাশৰ পিছত অংশগ্ৰহণকাৰীসকলে ভিডিঅ’ জমা দিয়া আৰু ডিজাইন প্ৰতিবেদনৰ জৰিয়তে তেওঁলোকৰ হাৰ্ডৱেৰ আৰু ৰভাৰৰ কাৰ্য্যক্ষমতা প্ৰদৰ্শন কৰে।

এই চেলেঞ্জে “Let’s Build a Space Robot” টেগলাইনৰ সৈতে এই প্ৰত্যাহ্বানে ছাত্ৰ-ছাত্ৰীসকলক মহাকাশ ৰবটিক্সত জড়িত হোৱাৰ সুযোগ প্ৰদান কৰে। প্ৰতিষ্ঠানসমূহৰ দলসমূহক বাস্তৱ জগতৰ মহাকাশ ৰবটিক্সৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰি অপাৰ্থিৱ-প্ৰেৰিত ক্ষেত্ৰখনৰ বাবে ৰবট সৃষ্টি কৰাৰ দায়িত্ব প্ৰদান কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ National Space Day. ISRO Website
  2. ↑ (23 August 2023). Chandrayaan-3 Lander on the Moon. The Hindu
  3. ↑ (2023-08-24). Chandrayaan mission a key milestone in ISRO's journey: Kasturirangan. The Hindu
  4. ↑ (26 August 2023). Chandrayaan-3: India To Celebrate August 23 As 'National Space Day'. Times of India
  5. ↑ Soumya Pillai. (26 August 2023). PM Modi announces August 23 as 'National Space Day', lauds Isro scientists. Hindustan Times
  6. ↑ (26 August 2023). PM Modi declares August 23 as National Space Day, says India now in front row of nations. The Indian Express
  7. ↑ ISRO on X. ISRO on X
  8. ↑ NATIONAL SPACE DAY 2024: EMBRACING INDIA'S SPACE SAGA WITH A MONTH OF INSPIRING EVENTS Join the National Space Day 2024 Celebrations. PIB National Space Day

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় মহাকাশ দিৱস” প্ৰবন্ধৰ সংশোধন ৪৪২১৭৯ (৩১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।