অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিশ্ব জলাশয় দিৱস

বিশ্ব জলাশয় দিৱস (World Wetlands Day) হৈছে পৰিৱেশ সম্পৰ্কীয় এক উদ্‌যাপন যি ১৯৭১ চনৰ পৰা আৰম্ভ হয়। কেইবাজনো পৰিৱেশবিদে জলাশয়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰি সেই সম্পৰ্কে এটা বিহীত ব্যৱস্থা ল'বলৈ একত্ৰিত হোৱাৰ প্ৰয়াসৰ ফলস্বৰূপে এই দিৱসে জন্মলাভ কৰে।

হালনাগাদ: ১৪ ডিচেম্বৰ ২০২৫ ২৯৮ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

বিশ্ব জলাশয় দিৱস (World Wetlands Day) হৈছে পৰিৱেশ সম্পৰ্কীয় এক উদ্‌যাপন যি ১৯৭১ চনৰ পৰা আৰম্ভ হয়। কেইবাজনো পৰিৱেশবিদে জলাশয়ৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশটোক গুৰুত্বসহকাৰে গ্ৰহণ কৰি সেই সম্পৰ্কে এটা বিহীত ব্যৱস্থা ল'বলৈ একত্ৰিত হোৱাৰ প্ৰয়াসৰ ফলস্বৰূপে এই দিৱসে জন্মলাভ কৰে। ১ জলভাগৰ ভিতৰত থকা উদ্ভিদ আৰু জীৱকুলে সামগ্ৰিকভাৱে পৰিৱেশলৈ এক পাৰিপাৰ্শ্বিক স্বাস্থ্য কঢ়িয়াই আনে। বিশ্ব জলাশয় সচিব বিভাগটো ছুইজাৰলেণ্ডৰ গ্লেণ্ডত আছে।২ বিশ্ব জলাশয় দিৱসৰ আৰম্ভণি অনুসৰি ৰামছৰ সন্মিলনে প্ৰথমে এই স্বীকৃতিৰ কাৰণ "কেছপিয়ান সাগৰৰ পাৰত থকা ইৰাণৰ ৰামছৰ চহৰ"ত ভিত্তি কৰিছিল। ২

বিশ্ব জলাশয় দিৱস প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় দিনা পালন কৰা হয় যদিও ১৯৯৭ চনলৈকে ইয়াক পালন কৰা হোৱা নাছিল।৩ এই দিৱসে কেৱল মানুহৰ মাজতে নহয়, পৃথিৱীতো উল্লেখযোগ্য ভূমিকা পালন কৰে। সম্প্ৰদায়ৰ ৰক্ষক আৰু পৰিৱেশ অনুৰাগী সকলোৱে এই দিৱসত একত্ৰিত হৈ উদ্‌যাপনৰ জৰিয়তে প্ৰকৃতিৰ প্ৰতি থকা ভালপোৱাক উদ্‌যাপন কৰে, যিয়ে জলাশয়ে কেৱল আমাৰ মানুহৰ বাবেই নহয়, এই পৃথিৱীৰ সকলো ধৰণৰ জীৱৰ বাবে কি কৰিছে সেই কথাক স্বীকৃতি দিয়ে।১

সময়ৰ লগে লগে মানৱ-নিৰ্মাণৰ ফলত বিভিন্ন পৰিৱেশগত সমস্যাই জলাশয়সমূহক প্ৰভাৱিত কৰিছে। অতিমাত্ৰা জনসংখ্যা আৰু নিৰ্মাণৰ ফলত পৰিৱেশ সংৰক্ষণ হ্ৰাস পাইছে আৰু এই ভূমিত সমস্যাৰ সৃষ্টি কৰিছে। বহুতো জলাশয় হেৰাই গৈছে আৰু পৰিৱেশবিদসকলে দাবী কৰে যে মানুহে এটা প্ৰাকৃতিক ফিল্টাৰ আৰু পৃথিৱীৰ সংৰক্ষক হেৰুৱাৰ আগতে এই দ্বিধাদ্বন্দ্বটো চিনি পাব লাগে।৪

বিশ্ব জলাশয় দিৱস, ২০২১ উদ্‌যাপনৰ ভিডিঅ']]

বিশ্ব জলাশয় দিৱসৰ যুৱ ফটো প্ৰতিযোগিতা

শ্ৰীলংকাত বিশ্ব জলাশয় দিৱস উদ্‌যাপন
শ্ৰীলংকাত বিশ্ব জলাশয় দিৱস উদ্‌যাপনছবি: Powell.Ramsar · CC BY-SA 4.0

২০১৫ চনৰ ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এমাহজোৰা জলাশয় যুৱ ফটো প্ৰতিযোগিতা যুৱক-যুৱতীসকলক লক্ষ্য কৰি আয়োজিত হৈছিল আৰু ডব্লিউ ডব্লিউ ডিৰ সৈতে জড়িত কৰাৰ এক নতুন পদ্ধতিৰ অংশ হিচাপে ইয়াক প্ৰৱৰ্তন কৰা হৈছিল। ১৫ৰ পৰা ২৪ বছৰৰ ভিতৰৰ লোকসকলে ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত এটা নিৰ্দিষ্ট জলাশয়ৰ ফটো তুলি বিশ্ব জলাশয় দিৱসৰ ৱেবছাইটত আপলোড কৰিব পাৰে।৫ ষ্টাৰ এলায়েন্স বায়’স্ফিয়াৰ কানেকচনৰ সহায়ত ফটো প্ৰতিযোগিতাৰ বিজয়ীক পুৰস্কাৰ প্ৰদান কৰা হয়। পুৰস্কাৰ হৈছেঃ সমগ্ৰ বিশ্বৰ ২২০০ৰো অধিক ৰামছৰথলীৰ ভিতৰত তেওঁলোকৰ পছন্দৰ জলাশয় ভ্ৰমণ কৰাৰ সুযোগ।

বিশ্ব জলাশয় দিৱসৰ বিষয়বস্তু

দিৱসৰ বাবে প্ৰতি বছৰে এটা বিষয়বস্তু নিৰ্বাচন কৰা হয় যাতে মনোযোগ কেন্দ্ৰীভূত হয় আৰু জলাশয়ৰ মূল্যৰ বিষয়ে জনসচেতনতা বৃদ্ধি কৰাত সহায় কৰে। দেশসমূহে সজাগতা সৃষ্টিৰ বাবে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে; যেনেঃ বক্তৃতা, আলোচনা চক্ৰ, প্ৰকৃতি ভ্ৰমণ, শিশুৰ কলা প্ৰতিযোগিতা, সম্পান দৌৰ, সম্প্ৰদায় পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দিন, ৰেডিঅ’ আৰু টেলিভিছনৰ সাক্ষাৎকাৰ, বাতৰি কাকতলৈ পত্ৰ, নতুন জলাশয় নীতি, নতুন ৰামছৰ স্থান আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত নতুন কাৰ্যসূচী আৰম্ভ কৰে। ২০২৩ চনত বিশ্ব জলাশয় দিৱসৰ বিষয়বস্তু হ'ব "জলাভূমি পুনৰুদ্ধাৰ" আৰু ই জলাশয় পুনৰুদ্ধাৰৰ ওপৰত ভিত্তি কৰি হ'ব।

২০২২মানুহ আৰু প্ৰকৃতিৰ বাবে জলাশয় ক্ৰিয়া
২০২১ জলাশয় আৰু পানী
২০২০ জলাশয় আৰু জৈৱ বৈচিত্ৰ্য
২০১৯ জলাশয় আৰু জলবায়ু পৰিৱৰ্তন
২০১৮এটা বহনক্ষম নগৰীয়া ভৱিষ্যতৰ বাবে জলাশয়
২০১৭দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে জলাশয়
২০১৬আমাৰ ভৱিষ্যতৰ বাবে জলাশয়: বহনক্ষম জীৱিকা
২০১৫আমাৰ ভৱিষ্যতৰ বাবে জলাশয়
২০১৪জলাশয় আৰু কৃষি: বৃদ্ধিৰ বাবে অংশীদাৰ
২০১৩জলাশয়ে পানীৰ যত্ন লয়
২০১২জলাশয় পৰ্যটন: এটা ডাঙৰ অভিজ্ঞতা
২০১১পানী আৰু জলাশয়ৰ বাবে অৰণ্য
২০১০জলাশয়ৰ যত্ন লোৱা – জলবায়ু পৰিৱৰ্তনৰ উত্তৰ
২০০৯আপষ্ট্ৰিম, ডাউনষ্ট্ৰিম: জলাশয়ই আমাক সকলোকে সংযোগ কৰে
২০০৮স্বাস্থ্যকৰ জলাশয়, সুস্থ মানুহ
২০০৭কাইলৈৰ বাবে মাছ?
২০০৬বিপদত পৰা জীৱিকা
২০০৫ |জলাশয়ৰ বৈচিত্ৰ্যত সম্পদ আছে – ইয়াক হেৰুৱাব নালাগে |- |২০০৪পাহাৰৰ পৰা সাগৰলৈ – আমাৰ বাবে কাম কৰি থকা জলাশয়
২০০৩ |কোনো জলাশয় নাই – পানী নাই |- |২০০২জলাশয়: জলজীৱন আৰু সংস্কৃতি
২০০১ |এখন জলাশয়ৰ পৃথিৱী – আৱিষ্কাৰ কৰিবলগীয়া এখন পৃথিৱী |- |২০০০আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ আমাৰ জলাশয়সমূহ উদ্‌যাপন
১৯৯৯ |মানুহ আৰু জলাশয়- গুৰুত্বপূৰ্ণ সংযোগ |- |১৯৯৮জীৱনৰ বাবে পানীৰ গুৰুত্ব আৰু পানী যোগানত জলাশয়ৰ ভূমিকা
১৯৯৭ |প্ৰথমবাৰৰ বাবে বিশ্ব জলাশয় দিৱস উদযাপন

তথ্যসূত্ৰ

  1. ↑ Home - WorldWetlandsDay. www.worldwetlandsday.org
  2. ↑ World Wetlands Day · Ramsar. www.ramsar.org
  3. ↑ World Wetlands Day. www.environment.gov.au
  4. ↑ Education & Outreach. www.sws.org
  5. ↑ February 2nd: World Wetlands Day · WWF. wwf.panda.org

সম্পৰ্কিত শ্ৰেণী

পৰিৱেশদিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব জলাশয় দিৱস” প্ৰবন্ধৰ সংশোধন ৫৬৩৫৮৫ (১৪ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।