অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বিশ্ব মহাসাগৰ দিৱস

বিশ্ব মহাসাগৰ দিৱস (World Oceans Day) প্ৰতি বছৰে ৮ জুন তাৰিখে পালন কৰা হয়। ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিওত অনুষ্ঠিত আৰ্থ ছামিটত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় মহাসাগৰ উন্নয়ন কেন্দ্ৰ আৰু কানাডা মহাসাগৰ প্ৰতিষ্ঠানে মহাসাগৰৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলজ প্ৰাণী সমূহৰ সংৰক্ষণৰ উদ্দেশ্যে বিশ্ব মহাসাগৰ দিৱসৰ…

হালনাগাদ: ১৩ মে’ ২০২৫ ২৯৯ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বিশ্ব মহাসাগৰ দিৱস (World Oceans Day) প্ৰতি বছৰে ৮ জুন তাৰিখে পালন কৰা হয়। ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিওত অনুষ্ঠিত আৰ্থ ছামিটত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় মহাসাগৰ উন্নয়ন কেন্দ্ৰ আৰু কানাডা মহাসাগৰ প্ৰতিষ্ঠানে মহাসাগৰৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলজ প্ৰাণী সমূহৰ সংৰক্ষণৰ উদ্দেশ্যে বিশ্ব মহাসাগৰ দিৱসৰ প্ৰস্তাৱনা আগবঢ়াইছিল।১ ব্ৰুণ্ডটলেণ্ড আয়োগ অৰ্থাৎ পৰিৱেশ আৰু উন্নয়ন আয়োগে ১৯৮৭ চনৰ ব্ৰুণ্ডটলেণ্ড ৰিপোৰ্টৰ যোগেদি মহাসাগৰৰ সুৰক্ষাৰ বাবে এক গোলকীয় দিৱসৰ উদযাপনৰ বাবে অনুপ্ৰাণিত কৰিছিল। ১৯৯২ চনত পোন প্ৰথমবাৰৰ বাবে বিশ্বব্যাপী বিশ্ব মহাসাগৰ দিৱস পালন কৰা হৈছিল। ইয়াৰ মুখ্য উদ্দেশ্য আছিল আন্তৰ্জাতিক পৰ্যায়ত মহাসাগৰ আৰু উপকূল অঞ্চলত আন্তঃগাঁথনিৰ নিৰ্মাণৰ বাবে চৰকাৰী-বেচৰকাৰী সংগঠনৰ সহায়ত এক উপযুক্ত বহনক্ষম নীতি প্ৰস্তুত কৰা।

২০০২ চনৰ পৰা মহাসাগৰ দিৱস মহাসাগৰ আৰু মানৱতাৰ মাজত ওতপ্ৰোত সম্পৰ্কক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি থকা হৈছে। মহাসাগৰ প্ৰকল্প নামৰ এক ছাতি প্ৰকল্পৰ সহায়ত বিশ্বৰ বিভিন্ন খণ্ডৰ সংস্থা, বিশ্ব মহাসাগৰ নেটৱৰ্ক, চিৰিয়াখানা আৰু একুৰিয়াম সংস্থা আৰু অন্যান্য প্ৰায় ২০০০ সংগঠনৰ লগত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰসংঘৰ স্বীকৃতি বিচাৰি চাৰি বছৰীয়া দাবী উত্থাপন কৰিছিল।

২০০৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৱে ৮ জুনক বিশ্ব মহাসাগৰ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰি ২০০৯ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰস্তাৱ গৃহীত কৰে।২ ইয়াৰ ফলত ৰাষ্ট্ৰসংঘৰ মহাসাগৰ বিভাগ আৰু সাগৰ নীতিৰ আইন কাৰ্য্যালয়ে এই আন্তৰ্জাতিক দিৱস পালনৰ বাবে আগভাগ লয়।১

২০১৪ চনত ৰাষ্ট্ৰসংঘয়ে বিশ্ব মহাসাগৰ দিৱস ফটো প্ৰতিযোগিতা আৰম্ভ কৰে।৩৪

এই দিৱসৰ দিনা সাগৰ-মহাসাগৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নতুন অভিযানৰ আৰম্ভণি কৰা হয় আৰু চিৰিয়াখানা আৰু একুৰিয়াম বোৰত বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ইয়াৰ লগতে জলজ পৰিৱেশৰ গৱেষণামূলক অভিযান, সাগৰীয় অঞ্চল আৰু উপকূলীয় বীচৰ চাফ-চিকুণ, শিক্ষামূলক আৰু সজাগতামূলক কাৰ্যপন্থা হাতত লোৱা হয়। কিছু কিছু অঞ্চলত চিত্ৰাংকণ প্ৰতিযোগিতা, চলচ্চিত্ৰ মহোৎসৱ আৰু বহনক্ষম সাগৰীয় খাদ্য মেলা অনুষ্ঠিত কৰিও সজাগতা সৃষ্টি কৰা হয়। ছাত্ৰ-ছাত্ৰী আৰু যুৱক সমাজে এই দিৱস পালনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ২০১৬ চনৰ পৰা বিশ্ব মহাসাগৰ দিৱস যুৱ উপদেষ্টা পৰিষদে এই দিৱস উদযাপনত সংৰক্ষণ আৰু সজাগতা সৃষ্টিৰ নেতৃত্ব বহন কৰি আহিছে।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Swan, Judith. About. ৰাষ্ট্ৰসংঘ
  2. ↑ (9 September 2013). A/RES/63/111: Oceans and the law of the sea. ৰাষ্ট্ৰসংঘ
  3. ↑ United Nations. United Nations World Oceans Day Oceanic Photo Competition. United Nations World Oceans Day Oceanic Photo Competition 2014–2017
  4. ↑ United Nations. United Nations World Oceans Day Oceanic Photo Competition. United Nations World Oceans Day Oceanic Photo Competition 2018+

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব মহাসাগৰ দিৱস” প্ৰবন্ধৰ সংশোধন ৫০৮১৯৮ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।