অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ঋতুস্ৰাৱ স্বাস্থ্য দিৱস

ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস বিশ্বত ঋতুচক্ৰৰ সময়ত লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পালন কৰা দিৱস। প্ৰতি বছৰে ২৮ মে' তাৰিখে এই দিৱস পালন কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস বিশ্বত ঋতুচক্ৰৰ সময়ত লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পালন কৰা দিৱস। প্ৰতি বছৰে ২৮ মে' তাৰিখে এই দিৱস পালন কৰা হয়। ২০১৪ চনত জাৰ্মানীৰ এক বেচৰকাৰী সংস্থা ৱাশ্ব ইউনাইটেডে পোন প্ৰথমে বিশ্বৰ মহিলা সকলৰ হিতৰ বাবে এই দিৱসৰ পাতনি মেলিছিল। ঋতুচক্ৰৰ গড় হিচাপত ২৮ দিনৰ হোৱাৰ বাবে মে' মাহৰ ২৮ তাৰিখ বাছনি কৰা হৈছিল।

নিম্নআয় আৰু উন্নয়নশীল দেশ সমূহত মহিলা সকলৰ ঋতুস্ৰাৱৰ সময়ত প্ৰয়োজনীয় স্বচ্ছতা আহিলা সমূহৰ চয়ন মূল্য, উপলব্ধতা আৰু সামাজিক আচৰণৰ ওপৰত নিৰ্ভৰশীল। ঋতুচক্ৰৰ সময়ত মহিলাৰ স্বচ্ছতাজনিত উৎপাদন সমূহৰ উপলব্ধতা ইয়াৰ সমাধান। ছোৱালী সমূহক ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতা সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰিব পৰা এক সংস্কাৰ অনা আৰু এইবিষয়ে শিক্ষা দিয়া অতি গুৰুত্বপূৰ্ণ। গৱেষণাৰ পৰা পোৱা গৈছে যে বিশ্বৰ বহুতো দেশত ছোৱালীৰ ঋতুস্ৰাৱৰ সময়ত উপযুক্ত স্বচ্ছতা ব্যৱস্থাপনা উৎপাদন নথকাৰ বাবে তেওঁলোকক ঘৰৰ ভিতৰতে থাকিবলৈ দিয়া হয়। বহুক্ষেত্ৰত তেওঁলোকৰ শিক্ষা গ্ৰহণ সীমানতে অন্ত পৰে।

ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ দিনা ঋতুচক্ৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই দিনা মাহেকীয়া আৰু ইয়াৰ আনুষংগিক বিষয় সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰা হয়। বিভিন্ন মাধ্যমৰ লগতে ছোচিয়েল মিডিয়াটো এই বিষয়ে সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ লগতে বিভিন্ন সংগঠনে গোলকীয়, ৰাষ্ট্ৰীয় তথা স্থানীয় প্ৰেক্ষাপটত ঋতুস্ৰাৱৰ সময়ৰ স্বচ্ছতা ব্যৱস্থাপনাৰ বিষয়ে বিভিন্ন নীতি আৰু প্ৰকল্প সমূহ গ্ৰহণ কৰে।

ইতিহাস

২০১২ চনত কেইবাটাও জনস্বাস্থ্যৰ লগত জড়িত গুৰুত্বপূৰ্ণ গোটে ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ ধ্যান আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছিল। ইয়াৰ লগত তৃণমূল পৰ্যায়ৰ সন্থাৰ লগতে সামাজিক উদ্যমী আৰু ৰাষ্ট্ৰসংঘৰ সহযোগী সংগঠন সমূহ অন্যতম। ২০১৩ চনৰ মে'মাহত ৱাছ ইউনাইটেড নামৰ সংগঠনে ছোচিয়েল মিডিয়াত এক মাহজোৰা অভিযান আৰম্ভ কৰে। তেওঁলোকে ঋতুচক্ৰৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ উদেশ্য আগত ৰাখি এই অভিযান আৰম্ভ কৰিছিল।১২ সেইসময়তে তেওঁলোকে ঋতুস্ৰাৱ স্বাস্থ্যৰ ওপৰত গোলকীয় সজাগতাৰ বাবে দিৱস উদযাপন কৰিবলৈ মনস্থ কৰে।

২০১৪ চনৰ ২৮ মে' তাৰিখে গোটেই বিশ্বতে পোনপ্ৰথমবাৰৰ বাবে ঋতুস্ৰাৱ স্বাস্থ্য দিৱস উদযাপন কৰা হয়। এইদিনা পৃথিৱীৰ বিভিন্ন ঠাইত শোভাযাত্ৰা, প্ৰদৰ্শনী, চলচ্চিত্ৰ প্ৰদৰ্শন, কৰ্মশালা আৰু বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।৩ ১৪৫টা সহযোগী সংস্থায়ে প্ৰথম ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ জড়িত হৈ আছিল।৪৫৬

দিনৰ চয়ন

২৮ মে' দিনটোৰ এক সাংকেতিক অৰ্থ আছে। মে' মাহ ইংৰাজী কেলেণ্ডাৰৰ পঞ্চম মাহ আৰু ঋতুচক্ৰৰ সময়ত মহিলায়ে গড় হিচাপত পাঁচদিন ঋতুস্ৰাৱ হয়। সেইদৰে মহিলাৰ ঋতুচক্ৰ গড় হিচাপত ২৮ দিনৰ। সেয়ে মে' মাহৰ ২৮ তাৰিখে এই দিৱস পালন কৰা হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ FAQ. Menstrual Hygiene Day
  2. ↑ Keiser, Danielle. (27 May 2014). Menstrual Hygiene Day: A Milestone for Women and Girls Worldwide. Impatient Optimists. Bill & Melinda Gates Foundation
  3. ↑ (31 May 2015). ‘Menstrual Hygiene Day 2015 Observed in Kohima. Nagaland Post
  4. ↑ Gyesi, Zadok Kwame. (2 June 2015). 'Do Away With Taboos Surrounding Menstruation'. Graphic
  5. ↑ Kentish, Francesca. (27 May 2015). Is #IfMenHadPeriods the Best Campaign Ever?. Metro.co.uk
  6. ↑ Masculino, Maria Leonila. (31 May 2015). New Spoof Ad Shows Men Having Menstrual Periods. Food World News

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋতুস্ৰাৱ স্বাস্থ্য দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮০২২৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।