অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (National Science Day, চমুকৈ NSD) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত পালন কৰা হয়। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল।

হালনাগাদ: ২৯ অক্টোবৰ ২০২৩ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (National Science Day, চমুকৈ NSD) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চি ভি ৰামনৰ ৰামন প্ৰভাৱৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত পালন কৰা হয়। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল১।

এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত ৰমনে পদাৰ্থ বিজ্ঞানত ন'বেল বঁটা লাভ কৰে।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ ইতিহাস

১৯৮৬ চনত ৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা যোগাযোগ আয়োগ (NCSTC)এ ভাৰত চৰকাৰৰ ওচৰত ২৮ ফেব্ৰুৱাৰীক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে স্বীকৃতি দিবলৈ আবেদন কৰে, পাছত চৰকাৰে এই আবেদনক অনুমোদন জনায়। এতিয়া গোটেই দেশজুৰি বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, আন আন শৈক্ষিক, বৈজ্ঞানিক, কাৰিকৰী, চিকিৎসা, গৱেষণা প্ৰতিষ্ঠানসমূহত এই দিৱস পালন কৰা হয়। প্ৰথম ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস ২৮ ফেব্ৰুৱাৰী ১৯৮৭ চনৰ পৰা NCSTC য়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰসাৰ আৰু জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ অৱদান যোগোৱা প্ৰতিষ্ঠানক ৰাষ্ট্ৰীয় বিজ্ঞান জনপ্ৰিয়কৰণ বঁটা আগবঢ়ায়।

২০০৯

২০০৯ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তু (আলোচ্য বিষয়) আছিল “বিজ্ঞানৰ দিগন্তৰ প্ৰসাৰ”।

সেই বছৰ দেশৰ মুঠ পাঁচখন প্ৰতিষ্ঠানক ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে বিজ্ঞান প্ৰসাৰৰ ৰাষ্ট্ৰীয় বঁটা আগবঢ়াই। এই বঁটাই দেশত বিজ্ঞান জনপ্ৰিয়কৰণ কৰা কোনো ব্যক্তি আৰু চৰকাৰী বা বেচৰকাৰী প্ৰতিষ্ঠানক স্বীকৃতি প্ৰদান কৰে।

২০০৯ চনত বিক্ৰম সাৰাভাই বিজ্ঞান কেন্দ্ৰক বিজ্ঞান সম্পৰ্কীয় গৱেষণা আৰু বিজ্ঞান বিষয়ক বিভিন্ন কৰ্মশালা আৰু প্ৰশিক্ষণশালা আদিৰ আয়োজনৰ বাবে সেই বছৰৰ সৰ্বোচ্চ সন্মান আগবঢ়োৱা হয়।২

২০১০

২০১০ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তু (আলোচ্য বিষয়) আছিল, “লিংগ সমতা, বহনক্ষম বিকাশৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি”।

২০১১

২০১১ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তু (আলোচ্য বিষয়) আছিল “দৈনন্দিন জীৱনত ৰসায়ন বিদ্যা”।

২০১২

২০১২ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তু (আলোচ্য বিষয়) আছিল “সুৰক্ষিত শক্তি উৎস আৰু নিউক্লীয় সুৰক্ষা”৩

২০১৩

২০১৩ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তু (আলোচ্য বিষয়) আছিল “জিনিয় পৰিৱৰ্তন ঘটোৱা খাদ্যশস্য আৰু খাদ্য সুৰক্ষা”।

২০১৪

২০১৪ চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বিষয়বস্তু (আলোচ্য বিষয়) আছিল “বৈজ্ঞানিক মানসিকতাৰ উত্‍কৰ্ষ সাধন আৰু শক্তি সংৰক্ষণ”।

ৰমন পৰিঘটনা

মূল প্ৰবন্ধ: ৰামন প্ৰভাৱ

তথ্যসূত্ৰ

  1. ↑ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস. আকাশবাণী
  2. ↑ CSC আহমেদাবাদলৈ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বঁটা. গুজৰাট গ্ল’বেল
  3. ↑ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস - ২৮ ফেব্ৰুৱাৰী ছাৰ চি.ভি. ৰমন - ৰমন পৰিঘটনাৰ আৱিষ্কাৰ।

সম্পৰ্কিত শ্ৰেণী

বিজ্ঞানদিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস” প্ৰবন্ধৰ সংশোধন ৩৮৯৪০৩ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।