বিশ্ব যক্ষ্মা দিৱস বা বিশ্ব যক্ষ্মা ৰোগ দিৱস হৈছে যক্ষ্মাৰ (TB) বিশ্বব্যাপী মহামাৰীৰ বিষয়ে জনসচেতনতা গঢ়ি তোলা আৰু এই ৰোগ নিৰ্মূলৰ প্ৰচেষ্টাৰ বাবে প্ৰতি বছৰে ২৪ মাৰ্চত পালন কৰা এক আন্তৰ্জাতিক দিৱস। ২০১৮ চনত সমগ্ৰ বিশ্বত এক কোটি লোক এই ৰোগত আক্ৰান্ত হৈছিল, আৰু ১৫ লাখ লোক মৃত্যুমুখত পৰিছিল, ইয়াৰ বেছিভাগেই লোকেই আছিল নিম্ন আৰু মধ্যবিত্ত দেশৰ লোক। ইয়াৰ ফলত ই কোনো সংক্ৰমণৰ বাবে হোৱা মৃত্যুৰ এটা প্ৰধান কাৰণ স্বৰূপ হৈ পৰে।১
বিশ্ব যক্ষ্মা দিৱস হৈছে বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ১১ টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হ’ল বিশ্ব হেপাটাইটিছ দিৱস, বিশ্ব ৰোগ প্ৰতিৰোধক সপ্তাহ, বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্ছ দিৱস, বিশ্ব ৰক্তদাতা দিৱস, বিশ্ব মেলেৰিয়া দিৱস, বিশ্ব চগাছ ৰোগ দিৱস, বিশ্ব ৰোগী সুৰক্ষা দিৱস আৰু বিশ্ব জীৱাণুৰোধী সজাগতা সপ্তাহ।২
তথ্যসূত্ৰ
- ↑ (2019). Global Tuberculosis Report. WHO
- ↑ World Health Organization: WHO campaigns.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব যক্ষ্মা দিৱস” প্ৰবন্ধৰ সংশোধন ৩৫০০৫৯ (২২ মাৰ্চ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।