মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদ্যাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশসমূহে বিভিন্ন সময়ত এই দিৱস উদ্যাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে’ মাহত এই দিৱস পালন কৰা হয়। বিশ্বৰ বিভিন্ন প্ৰান্তত যেনে— উত্তৰ গোলাৰ্ধত এপ্ৰিল-মে’ত, আৰ্জেণ্টিনাত অক্টোবৰত, অষ্ট্ৰেলিয়াত মে’ মাহত মাতৃ দিৱস পালন কৰা হয়।১ এই দিৱস পিতৃ দিৱসৰ বিপৰীত। অৱশ্যে উদ্দেশ্য আৰু বৈশিষ্ট্যসমূহ একেই।
প্ৰথমবাৰৰ বাবে আধুনিক মাতৃ দিৱস ১৯০৮ চনত পশ্চিম ভাৰ্জিনিয়াত আন্না জাৰ্ভিছে মাতৃ গ্ৰাফটনৰ স্মৃতিত পালন কৰে। অৱশ্যে ই অন্যান্য পৰম্পৰাগত অনুষ্ঠানৰ সৈতে একে নহয় (যিসমূহ বিশ্বই পৰম্পৰাগতভাৱে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি পলন কৰে)।২৩৪ ১৯১২ চনত আন্না জাৰ্ভিছে ছেকেণ্ড ছানডে’ ইন মে’ আৰু মাদাৰ্ছ ডে’ ইণ্টাৰনেশ্যনেল এছ’চিয়েছন গঠন কৰে। তেওঁ কৈছিল যে— “মাদাৰ্ছ শব্দটো পৃথিৱীৰ প্ৰতিগৰাকী মাতৃক স্মৃতি তৰ্পণ কৰা বহুবচনাত্মক সম্বন্ধ কাৰক নহয়, প্ৰতিটো পৰিয়ালে নিজ-নিজ মাতৃক সন্মান জনোৱাৰ বাবে একবচনাত্মক সম্বন্ধ কাৰক হোৱাহে উচিত।”১
তথ্যসূত্ৰ
- ↑ সম্পাদক. মাতৃ দিৱস. বিকাশপেডিয়া
- ↑ L. James Grold. (April 1961458). Mother's Day. American Journal of Psychiatry
- ↑ Tad Tuleja. (1999). Curious Customs: The Stories Behind 296 Popular American Rituals. Galahad Books. পৃ. 167. ISBN 1-57866-070-X, 9781578660704
- ↑ Robert J. Myers, Hallmark Cards. (1972). Celebrations; the complete book of American holidays. Doubleday. পৃ. 143
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাতৃ দিৱস” প্ৰবন্ধৰ সংশোধন ৩৬৫৭৩৩ (১৪ মে’ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।