বিশ্ব ৰক্তদাতা দিৱস (World Blood Donor Day) প্ৰতি বছৰে ১৪ জুন তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ২০০৪ চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্যবাদসূচক আচৰণৰ বাবে এই দিৱস উদযাপন কৰিছিল।
বিশ্ব ৰক্তদাতা দিৱস বিশ্ব স্বাস্থ্য সংস্থায়ে পালন কৰা বিশ্বৰ স্বাস্থ্যৰ লগত জড়িত ৮টা চৰকাৰী দিৱস আৰু কাৰ্যসূচীৰ অন্যতম। বাকীকেইটা হ’ল বিশ্ব স্বাস্থ্য দিৱস, বিশ্ব যক্ষ্মা দিৱস, বিশ্ব ৰোগপ্ৰতিৰোধক সপ্তাহ, বিশ্ব ধঁপাতবিৰোধী দিৱস, বিশ্ব এইড্ছ দিৱস, বিশ্ব মেলেৰিয়া দিৱস আৰু বিশ্ব হেপাটাইটিছ দিৱস।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ World Health Organization: WHO campaigns.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব ৰক্তদাতা দিৱস” প্ৰবন্ধৰ সংশোধন ২৪৩৩৪২ (১০ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।