অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আন্তৰ্জাতিক মাতৃভাষা দিৱস

ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে।

হালনাগাদ: ২০ জুন ২০২৬ ২৭২ শব্দ · ২ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ১৯৫২ চনৰ এই দিনটোতে বঙালী ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰভাষা কৰাৰ দাবী জনোৱা আন্দোলনকাৰী ছাত্ৰসকলৰ ওপৰত পুলিচে গুলিবৰ্ষণ কৰাত কেইবাজনো যুৱক ছহিদ হয়। সেয়েহে এই দিনটোক বাংলাদেশত ছহিদ দিৱস হিচাপেও পালন কৰা হয়।

কানাডাৰ ভেংকুভাৰ নগৰ নিবাসী দুজন বঙালী লোক ৰফিকুল ইছলাম আৰু আব্দুছ চালামে ১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান ক'ফি আন্নানৰ ওচৰত একৈছ ফেব্ৰুৱাৰীৰ দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱসৰূপে স্বীকৃতি কৰিবলৈ আবেদন জনায়।১ ১৯৯৯ চনত ইউনেস্কোই এই দিৱসৰ কথা ঘোষণা কৰাৰ পিছত ২০০০ চনত ৰাষ্ট্ৰসংঘৰ সদস্য দেশসমূহে ২১ ফেব্ৰুৱাৰীক যথাযথ মৰ্যদাৰে পালন কৰে।২ ২০০৯ চনৰ ১৬ মে' তাৰিখে ৰাষ্ট্ৰসংঘ‍ই A/RES/61/266 নং সিদ্ধান্ত অনুসৰি সকলো সদস্য দেশকে "বিশ্বৰ মানৱে ব্যৱহাৰ কৰা সকলো ভাষাৰ সংৰক্ষণ আৰু সুৰক্ষা"ৰ বাবে অনুৰোধ কৰে। একে সিদ্ধান্ত অনুসৰি সাধাৰণ সভাই ২০০৮ চনক "ভাষাৰ আন্তৰ্জাতিক দিৱস" হিচাপে গ্ৰহণ কৰে। ২০১০ চনত ৰাষ্ট্ৰ সংঘৰ ৬৫তম অধিবেশনত প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰীক আন্তৰ্জাতিক মাতৃভাষা দিৱস ৰূপে পালন কৰিবলৈ বাংলাদেশে উত্থান কৰা প্ৰস্তাৱ গৃহীত হয়। ২০১০ চনৰ মে' মাহত ৰাষ্ট্ৰ সংঘৰ তথ্যবিষয়ক সমিতিত প্ৰস্তাৱটো সৰ্বসন্মতিভাৱে গৃহীত হয়।৩

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ টৰন্টোয় একুশে, BBC Bangla, আহৰণ কৰা হৈছে ২১ ফেব্ৰুৱাৰী, ২০১৩
  2. ↑ U.N. General Assembly, Sixty-first Session, Agenda item 114, Resolution adopted by the General Assembly, 61/266. Multilingualism (A/RES/61/266), আহৰণ কৰা হৈছে ২১ ফেব্ৰুৱাৰী, ২০১২
  3. ↑ একুশে ফেব্ৰুয়াৰি আন্তৰ্জাতিক মাতৃভাষা দিবস পালন কৰবে জাতিসংঘ, আহৰণ কৰা হৈছে ২১ ফেব্ৰুৱাৰী, ২০১৩

সম্পৰ্কিত শ্ৰেণী

দিৱসসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক মাতৃভাষা দিৱস” প্ৰবন্ধৰ সংশোধন ৬১৩২৮০ (২০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।