অসমীয়া চলচ্চিত্ৰ
২৮০ প্ৰবন্ধ
-
বৃষ্টি (চলচ্চিত্ৰ)
বৃষ্টি (Bristi) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জয়শ্ৰী প্ৰডাকছন (প্ৰাঃ) লিমিটেডৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল এজন আগশাৰীৰ নাট্যকাৰ দেউতি বৰুৱাই। মধ্যবিত্তীয় আদৰ্শ আৰু সংঘাতক কেন্দ্ৰ কৰি ছবিৰ কাহিনী গঢ় লৈছে।
-
বৰলাৰ ঘৰ
বৰলাৰ ঘৰ ( Bachelor’s House) হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া-বঙালী দ্বিভাষিক ৰোমাণ্টিক হাস্যধৰ্মী চলচ্চিত্ৰ। এইখন ১৯৯৩ চনৰ ছুপাৰহিট মালয়ালম বোলছবি মেলেপাৰামবিল আনভিড়ুৰ ৰিমে'ক। অ'কে প্ৰডাক্চনচৰ বেনাৰত মানি চি.
-
ভগা খিৰিকী (চলচ্চিত্ৰ)
ভগা খিৰিকী (Broken Window) জাহ্নু বৰুৱা পৰিচালিত ২০১৮ৰ ২৬ অক্টোবৰত মুক্তি লাভ কৰিবলগীয়া এখন অসমীয়া চলচ্চিত্ৰ। প্ৰিয়ংকা চোপ্ৰাৰ Purple Pebble Pictures আৰু শ্বাহনাব আলমৰ Easterly Entertainment’ৰ বেনাৰত নিৰ্মিত ছবিখন প্ৰযোজনা কৰিছে প্ৰিয়ংকা চোপ্ৰা, ডঃ মধু চোপ্ৰা আৰু শ্বাহনাব আলমে।
-
মা (চলচ্চিত্ৰ)
মা (Maa) ভবেন দাস পৰিচালিত ১৯৮৬ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। এন চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল এন চি দত্তই। সংগীত আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। মূল ভুমিকাত অভিনয় কৰিছে মলয়া গোস্বামী, মৃদুলা বৰুৱা, বিজু ফুকন আৰু নিপন গোস্বামীয়ে।
-
মৰম নদীৰ গাভৰু ঘাট
মৰম নদীৰ গাভৰু ঘাট (Morom Nodir Gabhoru Ghat) ১৯৯৯ চনত মুক্তিপ্ৰাপ্ত, বিক্ৰম হাজৰিকা, বৰ্ণালী পূজাৰী আৰু নিলয় গুপ্তা অভিনীত এখন অসমীয়া সংগীত-ৰোমাঞ্চ চলচ্চিত্ৰ। ছবিখন পুলক গগৈয়ে পৰিচালনা আৰু প্ৰযোজনা কৰিছে।
-
লখিমী (চলচ্চিত্ৰ)
লখিমী (Lakhimi) ১৯৫৬ত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। প্ৰযোজনা লখিমী প্ৰডাকচনৰ। কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা ভবেন দাসৰ। ছবিৰ পৰিচালক ভবেন দাস কামৰূপ জিলাৰ ৰামপুৰ গাঁৱৰ সন্তান আছিল। তেওঁ বহুকেইখন অসমীয়া, বঙালী ছবিৰ সৈতে জড়িত আছিল।
-
লোকেল কুং ফু ২
লোকেল কুং ফু ২ (Local Kung Fu 2) এখন এক্সনধৰ্মী হাস্যৰসাত্মক অসমীয়া ছবি। ছবিখনৰ পৰিচালক কেনী বসুমতাৰী। কেনী বসুমতাৰীয়ে দুৰ্লভ বৰুৱাৰ সৈতে যুগ্মভাবে প্ৰযোজনাও কৰিছে। এইখন ২০১৩ত মুক্তি পোৱা লোকেল কুং ফুৰ চিকুৱেল।
-
সমীৰণ বৰুৱা আহি আছে (চলচ্চিত্ৰ)
সমীৰণ বৰুৱা আহি আছে হৈছে ২০১২ চনৰ ৩০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আৰ্কলাইটছৰ বেনাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰদ্যুৎ কুমাৰ ডেকাই। মনোজ কুমাৰ গোস্বামীৰ একে নামৰ বহুপঠিত চুটিগল্পৰ আধাৰত এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হয়।
-
স্মৃতিৰ পৰশ (চলচ্চিত্ৰ)
স্ম়তিৰ পৰশ (Smritir Parash) ১৯৫৬ত মুক্তি পোৱা এখন অসমীয়া বোলছবি।বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত ছবিথন প্ৰযোজনা কৰে গৌৰী শংকৰ হিম্মৎসিংকাই আৰু পৰিচালনা কৰে নিপ বৰুৱাই। নিপ বৰুৱা পৰিচালিত এইখন প্ৰথম ছবি। এইখন ছবিতে প্ৰথমবাৰৰ বাবে হিন্দীগীত আৰু সম্পূৰ্ণ বিহুগীত আৰু নাচ সংযোজন কৰা হৈছিল।
-
ৰিচাং (চলচ্চিত্ৰ)
ৰিচাং হৈছে ২০১২ চনৰ ১১ মে' তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'ৰুবী ভিজন'ৰ বেনাৰত বোলছবিখন প্ৰযোজনা কৰে পল্লৱী বৰুৱাই। বহুসংখ্যক অসমীয়া ভিচিডি ছবিৰ পৰিচালক মানস বৰুৱা পৰিচালিত এইখন প্ৰথম অসমীয়া বোলছবি।
-
ৰুণুমী (চলচ্চিত্ৰ)
ৰুণুমী (Runumi) অসমীয়া ভাষাত নিৰ্মিত নৱমখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন সুৰেশ চন্দ্ৰ গোস্বামীয়ে পৰিচালনা কৰিছিল আৰু ১৯৫২ চনত মুক্তিলাভ কৰিছিল। চলচ্চিত্ৰখন হেনৰিক ইবছেনৰ ৰচিত নাটক "দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড" (The Warriors at Helgeland) ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল।
-
ৰৈ ৰৈ বিনালে (চলচ্চিত্ৰ)
ৰৈ ৰৈ বিনালে (Roi Roi Binale) ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত ২০২৫ চনৰ ভাৰতীয় অসমীয়া সংগীতময় ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনীভাগ লিখিছে জুবিন গাৰ্গে। চলচ্চিত্ৰখন ২০২৫ চনৰ ৩১ অক্টোবৰত ভাৰতত দেশজুৰি মুক্তিলাভ কৰে।
-
আইদেউ
আইদেউ (ইংৰাজী নাম:Aideu - Behind the Screen), ২০০৭ চনত মুক্তিপ্ৰাপ্ত, অৰূপ মান্নাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী"ৰ নামভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক চলচিত্ৰ। ছবিখনত আইদেউ সন্দিকৈৰ নিজৰ দৃশ্যও সম্বলিত হৈছে। অৱশ্যে ছবিখন মুক্তিৰ আগতেই তেখেতৰ মৃত্যু হয়।
-
আৰোহী (২০১৫ চলচ্চিত্ৰ)
আৰোহী (Aarohi) হৈছে ২০১৫ চনৰ ১৬ জানুৱাৰীত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অৰ্কিড এন্টাৰপ্ৰাইজেজৰ বেনাৰত মামণি খাখলাৰীয়ে প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা অৰূপ মান্নাৰ। বোলছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰে শিশুশিল্পী শ্ববনম বৰগয়াৰী, ৰাগ ঐনিতম আৰু চন্দনা শৰ্মাই। সংগীত পৰিচালনা মানস হাজৰিকাৰ৷
-
একত্ৰিশ জুন
একত্ৰিশ জুন (Ektrish June) প্ৰথম অসমীয়া ফেণ্টাচী ছবি। তুৰংগ ফিল্মছৰ বেনাৰত উলেম আহমেদ আৰু লক্ষ্মণ শ্বাহ প্ৰযোজিত আৰু ভাস্কৰ বৰা পৰিচালিত এই ছবিখন ১৯৯৪ৰ ৮ এপ্ৰিলৰ দিনা মুক্তি পাইছিল।
-
কানীন (চলচ্চিত্ৰ)
কানীন (Kaaneen) হৈছে ২০১৯ চনৰ ২২ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ছবিখন শিৱম ক্ৰিয়েচনৰৰ বেনাৰত মঞ্জুল বৰুৱাই পৰিচালনা কৰিছে। ড॰ ৰীতা চৌধুৰীৰ উপন্যাস 'ৰাজীৱ ঈশ্বৰ'ৰ কাহিনীৰ আধাৰত কানীনৰ চিত্ৰনাট্য লিখি উলিয়াইছে মঞ্জুল বৰুৱাই। সংলাপ মঞ্জুল বৰুৱা আৰু ৰীতা চৌধুৰীৰ।
-
খোজ (অসমীয়া চলচ্চিত্ৰ)
খোজ (Khoj) ১৯৭৫ চনৰ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰা এখন ক'লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা, প্ৰযোজনা, কাহিনী, চিত্ৰনাট্য,সংলাপ পুলক গগৈৰ। ভূপেন হাজৰিকাই সঙ্গীত পৰিচালনা কৰাৰ উপৰিও গীতো লিখিছে।
-
জোনদা ইমান গুণ্ডা
জোনদা ইমান গুণ্ডা (Junda Iman Gunda) ২০০৭ চনৰ ৭ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন হাস্যমধুৰ ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখন পৰিচালনা কৰিছিল চন্দ্ৰ মুদৈয়ে। মুখ্য ভূমিকাত অভিনয় কৰিছিল বিকি আৰু আঙুৰলতা ডেকাই। সংগীত পৰিচালনা আছিল ডা. হিতেশ বৰুৱাৰ।
-
জোনাকী মন
জোনাকী মন হৈছে ২০০২ চনত মুক্তি লাভ কৰা এখন অসমীয়া চিনেমা। পৰিচালনা কৰিছিল জীৱৰাজ বৰ্মনে আৰু প্ৰযোজনা আছিল হিৰণ্য কুমাৰ ৰাজখোৱাই। ২০০২ চনৰ ২২ মাৰ্চত মুক্তিলাভ কৰা " জোনাকী মন " ত বিভাষ চক্ৰৱৰ্তী, নিপন গোস্বামী, চেতনা দাস আদিয়ে অভিনয় কৰিছিল।
-
টি আৰ পি আৰু
টি আৰ পি আৰু (TRP Aru) হৈছে ২০১৪ চনৰ ২৮ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু জে আৰ এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ পৰিচালক মৃদুল গুপ্তা আৰু কাৰ্যবাহী প্ৰযোজক ৰাণুমাই টেৰণপি।
-
তোমাৰ খবৰ
তোমাৰ খবৰ হৈছে ২০১১ চনৰ ১৪ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। জীৱনধাৰা প্ৰডাক্চনচৰ বেনাৰত সাৰ্জু আচাৰ্যই প্ৰযোজনা আৰু ৰাজীৱ বৰাই পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে বৰষাৰাণী বিষয়া, বিকি আৰু ৰাগ ঐণিতমে। সংগীত পৰিচালনা মৃণাল কান্তিৰ।
-
দুৱাৰ (চলচ্চিত্ৰ)
দুৱাৰ - The Voyage Out হৈছে ২০১৩ চনৰ ৪ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সঞ্জীৱ নাৰায়ণ আৰু বিদ্যুৎ চক্ৰৱৰ্তীয়ে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে বিদ্যুৎ চক্ৰৱৰ্তীয়ে।
-
ধুমুহা (চলচ্চিত্ৰ)
ধুমুহা (Dhumuha) ১৯৫৭ৰ ২৭ চেপ্তেম্ৰৰৰ দিনা মুক্তি পোৱা ফণী শৰ্মা পৰিচালিত এখন অসমীয়া কথাছবি। শোণিতপুৰ পিকচাৰ্চৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছিল হৃদয়ানন্দ আগৰৱালাই।
-
ধৰ্মকাই
ধৰ্মকাই (Dharmakai) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। জ্যোতি সমবায় সমিতিয়ে প্ৰযোজনা কৰা ছবিখনৰ পৰিচালক ভবেন দাস। সঙ্গীত পৰিচালনা জয়ন্ত হাজৰিকাৰ। মূল চৰিত্ৰত অভিনয় কৰিছে বিজু ফুকন, ইলা কাকতি, প্ৰশান্ত হাজৰিকা আদিয়ে।
-
পানী (২০১৪ চলচ্চিত্ৰ)
পানী ( Pani) হৈছে ২০১৪ চনৰ ১২ ছেপ্টেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। যদুমণি দত্তই পৰিচালনা কৰা বোলছবিখনৰ প্ৰযোজনা যুটীয়াভাৱে অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম (বিত্ত আৰু উন্নয়ন) আৰু জে পি ফিল্ম্ছৰ বেনাৰত যদুমণি দত্তৰ।
-
বদন বৰফুকন (চলচ্চিত্ৰ)
বদন বৰফুকন (Badan Borphukan) পঞ্চম অসমীয়া বোলছবি। কমল নাৰায়ণ চৌধুৰী প্ৰমুখ্যে গুৱাহাটীৰ কেইগৰাকীমান লোকৰ প্ৰচেষ্টাত ‘ইষ্টাৰ্ণ মুভিজ লিমিটেড’ নামৰ এটা কোম্পানী খুলি ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনৰ ১৫ এপ্ৰিলত মুক্তি পোৱা এই ছবিখনৰ পৰিচালনা আৰু সঙ্গীত আছিল কমল নাৰায়ণ চৌধুৰীৰ।
-
বনজুই (চলচ্চিত্ৰ)
বনজুই (Banjui) ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত আব্দুল মজিদ পৰিচালিত এখন ক’লা-বগা পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে তিনিচুকীয়াৰ ৰূপজ্যোতি চলচ্চিত্ৰম্ কো-অপাৰেটিভ ছোচাইটি লিমিটেডে। ছবিৰ কাহিনী আৰু সংলাপ ৰচনা চৈয়দ আব্দুল মালিকৰ।
-
বান (চলচ্চিত্ৰ)
বান (Baan) ১৯৮৬ চনৰ এখন অসমীয়া ছবি। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মছৰ। সঙ্গীত পৰিচালনা কৰিছে নয়নে। শব্দগ্ৰহণ সতীশ চৌহানৰ। মুখ্য ভূমিকাত আছে পূৰ্ণিমা পাঠক শইকীয়া, চন্দ্ৰ নাৰায়ণ বৰুৱা।
-
বৰনদী ভটিয়ায়
বৰনদী ভটিয়ায় (Bornodi Bhotiai) হৈছে ২০১৯ চনৰ ৩ মে' তাৰিখে মুক্তি লাভ কৰা এখন সামাজিক বিদ্ৰুপাত্মক অসমীয়া চলচ্চিত্ৰ। মাজুলীৰ পটভূমিত নিৰ্মিত ছবিখন ভাৱৰীয়া টি পজিটিভ প্ৰডাকশ্যনৰ বেনাৰত অনুপম কৌশিক বৰাৰ দ্বাৰা পৰিচালিত আৰু প্ৰযোজিত।
-
ভাইমন দা (চলচ্চিত্ৰ)
ভাইমন দা (Bhaimon Da) হৈছে শশাংক সমীৰ পৰিচালিত, ২০২৫ চনত মুক্তিপ্ৰাপ্ত অসমীয়া ভাষাৰ এখন জীৱনীমূলক নাট্য চলচ্চিত্ৰ। ছবিখনত বন্দীপ শৰ্মা, যশশ্ৰী ভূঞা, নিৰুপম শইকীয়া, নিলিম দত্ত আৰু অৰ্ঘদীপ বৰুৱাকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে।