সমীৰণ বৰুৱা আহি আছে হৈছে ২০১২ চনৰ ৩০ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। আৰ্কলাইটছৰ বেনাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰদ্যুৎ কুমাৰ ডেকাই। মনোজ কুমাৰ গোস্বামীৰ একে নামৰ বহুপঠিত চুটিগল্পৰ আধাৰত এই চলচ্চিত্ৰখন নিৰ্মাণ কৰা হয়। ইয়াৰ আগতেও এই চুটিগল্পটোৰ আধাৰতে আৱাহন থিয়েটাৰে একে নামৰ এখন জনপ্ৰিয় নাটক প্ৰদৰ্শন কৰিছিল।১ বোলছবিখনত মূল অভিনেতা তপন দাসে নীলিম কুমাৰৰ এটা কবিতাও আবৃত্তি কৰে।২
কাহিনী
এটা বিদ্ৰোহী সংগঠনৰ এজন আত্মসমৰ্পণকাৰী সদস্যক (ব্ৰজেন বৰুৱা) সাংবাদিকে আৱৰি ধৰি বিভিন্ন প্ৰশ্ন কৰে, বিষয় - সংগঠনৰ ভৱিষ্যত কাৰ্যসূচী আৰু সমীৰণ বৰুৱা (তপন দাস)। সদস্যজনে কয় -" সমীৰণ বৰুৱা আহি আছে", লগে লগে আৰক্ষীকে আদি কৰি সকলো ব্যস্ত হৈ পৰে সমীৰণ বৰুৱাৰ আগমণৰ সন্মুখীন হ'বলৈ। এই আগমণক লৈ তেওঁৰ পিতৃ-মাতৃৰ মনত শংকা, আৰক্ষী ব্যস্ত তেওঁক এইবাৰ শীঘ্ৰে আটক কৰিবলৈ, পূৰ্বৰ প্ৰেয়সী নীলাই (মধুস্মিতা বৰকটকী) ভাৱিছে এইবাৰ তেওঁ বিচ্ছেদৰ কাগজ-পত্ৰ লৈ আদালতলৈ যাব লগা হ'ব পাৰে, বিৰোধী দলৰ অপেক্ষা বৰুৱাক নিজৰ দলভূক্ত কৰাবলৈ, সাংবাদিকসকল ব্যস্ত সমীৰণ বৰুৱাৰ নামত বিভিন্ন কাহিনীৰ সন্ধানত।২১
পৰিচালক ডেকাই চলচ্চিত্ৰখনত মূল গল্পটোৰ কিছু সালসলনি কৰে। বোলছবিখনত চাৰিটা কাহিনী বৰ্ণোৱা হৈছে, য'ত নব্বৈৰ দশকৰ আৰম্ভণিৰেপৰা সমসাময়িক সময়লৈকে ঘটা বহুতো গুৰুত্বপূৰ্ণ ঘটনা প্ৰতিফলিত হৈছে। ছবিখনত দেখুওৱা বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ চৰিত্ৰসমূহৰ জীৱন এক বা বহুতো প্ৰকাৰে পৰস্পৰে পৰস্পৰৰ লগত জড়িত।৩
পৰিচালক ডেকাই কয় যে বোলছবিখন সংযুক্ত মুক্তি বাহিনীৰ (আলফা) ১৯৭৯ চনৰপৰা বৰ্তমানলৈকে হৈ অহা মুক্তিসংগ্ৰামৰ পটভূমিত নিৰ্মিত আৰু সমীৰণ বৰুৱাৰ চৰিত্ৰটি আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জীৱনৰ ওপৰত কিছু পৰিমাণে আধাৰিত, যদিও বোলছবিখনত দেখুওৱা তেওঁৰ ব্যক্তিগত জীৱন কাল্পনিক।১
চিত্ৰগ্ৰহণ
২০১১ চনৰ এপ্ৰিল মাহৰপৰা ছেপ্তেম্বৰ মাহলৈ ভূটান, গুৱাহাটী, সোণাপুৰ আৰু তামোলপুৰৰ বিভিন্ন অঞ্চলত বোলছবিখনৰ চিত্ৰগ্ৰহণ হয়।১
ৰাইজৰ সঁহাৰি
চলচ্চিত্ৰখনে ৰাইজৰ জনপ্ৰিয়তা অৰ্জন কৰাত বিফল হয়। সমালোচকসকলেও ছবিখনৰ প্ৰতি ঋণাত্মক মন্তব্য আগবঢ়ায়।২
অভিনয়ত
- তপন দাস (চৰিত্ৰ- সমীৰণ বৰুৱা)
- ব্ৰজেন বৰা
- বাহাৰুল ইছলাম
- সঞ্জীৱ হাজৰিকা
- মৃণাল দাস
- মধুস্মিতা বৰকটকী (মধু)
- নিবিৰ স্বপ্নম শিৱম
- নিলাক্ষী দেৱী
- কৃষ্ণ দাস
- জ্যোতিনাৰায়ণ নাথ
- পাৰ্থপ্ৰতিম বৰা
- ৰ'দালি বৰা (শিশু শিল্পী)
- মৃগাংক শেখৰ (শিশু শিল্পী)
- ইন্দ্ৰ বণিয়া (অতিথি শিল্পী)
- বিদ্যা ৰাও (অতিথি শিল্পী)
- শিবাণু বৰা (অতিথি শিল্পী)
- হিল্লোল কুমাৰ পাঠক (অতিথি শিল্পী)
- ৰতন লহকৰ (বিশেষ ভুমুকি)
- মৃদুল ভূঞা (বিশেষ ভুমুকি)
কলা-কুশলী
- সহ প্ৰযোজনা - দেবাশিস গোস্বামী, ভাস্কৰজ্যোতি শইকীয়া
- মুখ্য সহকাৰী পৰিচালনা - পংকজ কলিতা
- সহকাৰী পৰিচালনা - ব্ৰজেন ভট্ট, উদয় ভাস্কৰ
- চিত্ৰগ্ৰহণকাৰী - ৰাতুল বৰ্মন
- সহ চিত্ৰগ্ৰহণকাৰী - বেণু নেওগ
- সম্পাদনা - সঞ্জীৱ তালুকদাৰ
- সংগীত - কিশোৰ গিৰি
- গীতিকাৰ - অতনু ভূঞা
- কৰিঅ'গ্ৰাফী - দীপক দে'
- শব্দ অভিযন্তা - দীপক দত্ত
তথ্যসূত্ৰ
- ↑ The Times of India - Film based on Ulfa chief Paresh Baruah's life to hit theatres on March 16, Kangkan Kalita, March 4, 2012
- ↑ Times of Assam - Samiran Barua Ahi Ase - Better if he doesn't come, Partha Prawal Goswami, April 10, 2012
- ↑ The Sentinel - Samiran Barua Ahi Ase: releases on March 30, March 24, 2012
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমীৰণ বৰুৱা আহি আছে (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৩৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।