অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মা (চলচ্চিত্ৰ)

মা (Maa) ভবেন দাস পৰিচালিত ১৯৮৬ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। এন চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল এন চি দত্তই। সংগীত আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। মূল ভুমিকাত অভিনয় কৰিছে মলয়া গোস্বামী, মৃদুলা বৰুৱা, বিজু ফুকন আৰু নিপন গোস্বামীয়ে।

হালনাগাদ: ২৬ জুন ২০২৩ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মা (Maa) ভবেন দাস পৰিচালিত ১৯৮৬ চনত মুক্তি পোৱা এখন ৰঙীন অসমৰ চলচ্চিত্ৰ। এন চি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন প্ৰযোজনা কৰিছিল এন চি দত্তই। সংগীত আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। মূল ভুমিকাত অভিনয় কৰিছে মলয়া গোস্বামী, মৃদুলা বৰুৱা, বিজু ফুকন আৰু নিপন গোস্বামীয়ে।১

সংক্ষিপ্ত কাহিনী

সুৰভি আৰু মিনতি বাই-ভনী, উচ্চ বংশৰ সন্তান। সুৰভিৰ বিয়া হয় এডভোকেট দীপক চৌধুৰীৰ সৈতে। মিনতিয়ে ঘৰৰ অসন্মতিত প্ৰেম-বিবাহ কৰায় স্কুল মাষ্টৰ অনিল কলিতাক। মিনতিৰ দুটা সন্তান সোণ আৰু জোন। আনফালে সুৰভি আছিল নিসন্তান। সন্তানৰ মুখ দেখিবলৈ সক্ষম নোহোৱা সুৰভিৰ অন্তৰখন দুখত জুৰুলি-জুপুৰি হৈ আছিল।১

ধন ঘটিবলৈ কৰা অত্যধিক পৰিশ্ৰমৰ বাবে অনিলৰ স্বাস্থ্য ভাঙি পৰিল। এদিন এক মটৰ দুৰ্ঘটনাত তেওঁৰ ভৰি এখন কটা গ’ল। চৰম দাৰিদ্ৰই ঘৰখনক গ্ৰাস কৰিলে। উপায়হীন হৈ মিনতিয়ে গিৰিয়েকৰ চিকিৎসাৰ বাবে সুৰভিৰ ওচৰলৈ টকা বিচাৰি গ’ল। সুৰভিয়ে জোনৰ বিনিময়ত ভনীয়েকক টকা দিলে। জোনক আৰু কেতিয়াও ঘূৰাই নিবিচাৰে বুলি মিনতিয়ে শপত খালে। ইফালে বৰষুণত তিতি চিকিৎসাৰ অভাৱত সোণৰ মৃত্যু হ’ল। দুটাকৈ সন্তান জন্ম দিও মিনতি নিসন্তান হৈ পৰিল। অনিলহঁতৰ আৰ্থিক দুৰৱস্থা দেখি এডভোকেট চৌধুৰীয়ে তেওঁলোকক গাঁৱৰ পৰা চহৰলৈ লৈ আহি ভাৰাঘৰতে থকাৰ ব্যৱস্থা কৰি দিলে আৰু কোনেও নজনাকৈ সহায় কৰি গ’ল।১

জোন ডাঙৰ হ’ল। কলেজত নাম লিখালে। এদিন গাড়ী চলাই আহোঁতে জোনে বাটত অনিলত খুন্দিয়ালে। সি অনিলক তাৰ গাড়ীতে উঠাই তেওঁলোকৰ ঘৰলৈ লৈ গ’ল। মিনতিয়ে মাকৰ মৰমেৰে তাক চাহ-জলপান খুৱাই পঠিয়াই দিলে। জোনে আহি কথাটো ঘৰত কওঁতে সুৰভিয়ে অজান আশংকাত সিঞৰি উঠিল; যদি মিনতিয়ে জোনক কাঢ়ি লৈ যায়! পৰিস্থিতি গহীন হৈ পৰিল। অনিলে মিনতিক লৈ গাঁৱলৈ উভতি গ’ল। এদিন অনিলৰ মৃত্যু হ’ল। অথচ অকলশৰীয়া মিনতিয়ে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে পুতেকক নিজৰ চিনাকী দিব নোৱাৰে। এডভোকেট চৌধুৰীয়ে সুৰভিক বুজায় যদিও জোনক হেৰুওৱাৰ ভয়ত তাই বুজিব নিবিচাৰে।১

এদিন জোনে সকলো কথা গম পাই জন্মদাত্ৰী মাকক বিচাৰি গাঁৱলৈ গ’ল। জোনক নেদেখি সুৰভি আৰু দীপক চৌধুৰীও গাঁৱলৈ ৰাওনা হয়।১

অভিনয় শিল্পী

সঙ্গীত

সংগীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকা। গীতসমূহ গাইছে শান্তা উজীৰ, মালবিকা বৰা আৰু পুলক বেনাৰ্জীয়ে।১

তথ্যসূত্ৰ

  1. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃ. 336

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰ১৯৮৬ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৬৯৯৫৫ (২৬ জুন ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।