অসমীয়া চলচ্চিত্ৰ
২৮০ প্ৰবন্ধ
-
মনে মোৰ কইনা বিচাৰে
মনে মোৰ কইনা বিচাৰে হৈছে ২০১৩ চনৰ ১৫ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক অসমীয়া চলচ্চিত্ৰ। "ইক' মটৰ্চ"ৰ বেনাৰত কুমাৰ গৌৰবে প্ৰযোজনা আৰু সদানন্দ গগৈয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে ভাৰ্গৱ দাস, নীল দাস, আইমী বৰুৱা আৰু নিশিতা গোস্বামীয়ে।
-
মনোমতী (চলচ্চিত্ৰ)
মনোমতী হৈছে তৃতীয়খন অসমীয়া চলচ্চিত্ৰ। ১৯৪১ চনত মুক্তি পোৱা এই ছবিখন আৰ কে বৰুৱা প্ৰডাকচছৰ বেনাৰত পৰিচালনা আৰু প্ৰযোজনা কৰিছিল ডিব্ৰুগড়ৰ চাহ খেতিয়ক ৰোহিনীকান্ত বৰুৱাই। ৰজনীকান্ত বৰদলৈৰ উপন্যাস মনোমতীৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰা হৈছিল। মনোমতী প্ৰথম অসমীয়া ছবি, যাৰ পোষ্টাৰ তৈয়াৰ কৰা হৈছিল।
-
মমতাজ (চলচ্চিত্ৰ)
মমতাজ (Momtaaj) ২০১৩ চনত মুক্তি পোৱা এখন অসমীয়া ছবি। পুলক গগৈ এই চলচ্চিত্ৰখনৰ পৰিচালক আছিল। সাইঁ ফিল্মছে এই ছবিখন প্ৰযোজনা কৰিছিল আৰু চলচ্চিত্ৰখনৰ বাবে পুলক গগৈয়ে শ্ৰেষ্ঠ পৰিচালকৰ ‘ভিভেল ফিল্মফেয়াৰ বঁটা (ইষ্ট)’ লাভ কৰিছিল।
-
মহাপুৰুষ (চলচ্চিত্ৰ)
মহাপুৰুষ হৈছে ২০১৪ চনৰ ২৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'জয়গুৰু চিনে প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা দিলীপ কুমাৰ বৰুৱাৰ আৰু পৰিচালনা ব্ৰজেন বৰাৰ। পৰিচালক ব্ৰজেন বৰাই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু গীতৰ কথা ৰচনা কৰাৰ উপৰিও মুখ্য চৰিত্ৰত অভিনয়ো কৰে।
-
মহাসমৰ (চলচ্চিত্ৰ)
মহাসমৰ ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া কথাছবি। ছিৰিয়াছ বিষয় এটাক ছবিখনত মনোৰঞ্জনৰ বাবে দেখুৱাবলৈ প্ৰয়াস কৰা হৈছে। অকতৃত্বশীল ভাৱে গছ-গছনি কটাৰ বিৰূদ্ধে সজাগতা বৃদ্ধি কৰিবলৈ ছবিখন নিৰ্মান কৰা বুলি প্ৰযোজক-পৰিচালকে জানিবলৈ দিয়ে।
-
মী এণ্ড মাই ছিষ্টাৰ
মী এণ্ড মাই ছিষ্টাৰ হৈছে ২০১২ চনৰ ২ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। এন বি ডি কে প্ৰডাক্চনৰ বেনাৰত নিপন ঢলুৱাই প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে ৰাজেশ ভূঞাই। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে অৰূপজ্যোতি পাটগিৰিয়ে।
-
মৃগনাভি (চলচ্চিত্ৰ)
মৃগনাভি (ইংৰাজী: Mriganabhi) হ'ল ২০১৭ বৰ্ষৰ ৩ মাৰ্চত লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বিশিষ্ট পৰিচালক হেমেন দাসৰ দ্বাৰা পৰিচালিত আৰু বিষ্ণু ডেকাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখন অৰূপা পটংগীয়া কলিতাৰ একে নামৰ উপন্যাসৰ কাহিনীৰ ওপৰত আধাৰিত।
-
যুঁজ (চলচ্চিত্ৰ)
যুঁজ (Joonj) ১৯৯০ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ছবি। ছবিখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য আছিল হেমেন দাসৰ। প্ৰযোজনা বিপুল বৰুৱাৰ। অসমৰ লোকসঙ্গীত আৰু শঙ্কৰী সঙ্গীতক আধাৰ স্বৰূপে লৈ ছবিৰ সঙ্গীত ৰচনা কৰিছিল খগেন মহন্ত আৰু ৰমেন বৰুৱাই।
-
যুগদ্ৰষ্টা (চলচ্চিত্ৰ)
যুগদ্ৰষ্টা: দ্য ভিজনেৰী হৈছে ভাস্কৰ জ্যোতি মহন্ত পৰিচালিত এখন অসমীয়া ভাষাৰ চুটিছবি। মুক্তিযুঁজাৰু তথা সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে মুন বৰকটকীয়ে। অনুৰাগ শইকীয়াই সংগীত পৰিচালনা কৰা ছবিখনৰ প্ৰযোজনা কৰিছে স্বপ্নালী মহন্তই।
-
লাজ
লাজ (Laaz) ২০০৪ চনত মুক্তি পোৱা মঞ্জু বৰা পৰিচালিত আৰু প্ৰযোজিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। সঙ্গীত পৰিচালনা তৰালী শৰ্মাৰ। অৰুণ গোস্বামীৰ চুটিগল্প ‘মাছমৰীয়া ছোৱালীৰ লাজ’ৰ আধাৰত ছবিখনৰ চিত্ৰনাট্য ৰচনা কৰিছে পৰিচালিকা মঞ্জু বৰাই।
-
লোকেল কুং ফু
লোকেল কুংফু (Local Kung Fu) হৈছে ২০১৩ চনৰ ২৭ চেপ্টেম্বৰত মুক্তি লাভ কৰা সমৰ কলা (মাৰ্চিয়েল আৰ্ট) সন্নিবিষ্ট অসমীয়া-হিন্দী ভাষাৰ একছন কমেডি৷। কেনী ডি বি ফিল্মছৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা কেনী দেউৰী বসুমতাৰীৰ। সংগীত পৰিচালনা টনী ডি বি আৰু উৎকৰ্ষ ধ'টেকাৰৰ।
-
শৃংখল (চলচ্চিত্ৰ)
শৃংখল (The Quiver) হৈছে ২০১৪ চনৰ ১৭ অক্টোবৰ তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। ভবেন্দ্ৰ নাথ শইকীয়াৰ একে নামৰ চুটিগল্পৰ আধাৰত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে প্ৰবীণ হাজৰিকাই।
-
শৈশৱতে ধেমালিতে
শৈশৱতে ধেমালিতে হৈছে ২০১৭ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বিদ্যুৎ কটকীয়ে চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত সংগীত পৰিচালক অনুৰাগ শইকীয়াই।
-
সতী বেউলা (চলচ্চিত্ৰ)
সতী বেউলা ১৯৫৪ চনত মুক্তি পোৱা দশম অসমীয়া অসমীয়া কথাছবি, পৌৰাণিক কাহিনীৰে নিৰ্মিত প্ৰথম কথাছবি। কলকাতাৰ ৰামনিকলাল প্ৰডাকছনৰ বেনাৰত নিৰ্মাণ কৰা ছবিখন পৰিচালনা কৰিছিল সুনীল গাঙ্গুলীয়ে। সতী বেউলা বঙালী আৰু অসমীয়া দুটা ভাষাত নিৰ্মাণ কৰা হৈছিল।
-
সাত নম্বৰৰ সন্ধানত
সাত নম্বৰৰ সন্ধানত (Saat Nomboror Sandhanot) ২০১৬ চনত মুক্তি পোৱা, আব্দুল মজিদ পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা কৰিছে অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমে। জেহিৰুল হুছেইনৰ একে নামৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবিখনৰ চিত্ৰনাট্য পৰিচালক মজিদে নিজে ৰচনা কৰিছে।
-
সূত্ৰপাত
সূত্ৰপাত (Sutrapat) ১৯৮৭ত মুক্তি পোৱা, আই.পি. প্ৰডাকচন্সৰ বেনাৰত নিৰ্মিত আৰু মৃদুল গুপ্তা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিখনত বিদেশী বহিষ্কাৰ আন্দোলনৰ ৰ পৰিবেশ চিত্ৰিত হৈছে, যদিও ই বিদেশী বহিষ্কাৰ আন্দোলন বিষয়ক ছবি নহয়। মূল ভূমিকাত অভিনয় কৰিছে তপন দাসে।
-
সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ)
সোণাৰ বৰণ পাখি হ’ল গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আধাৰিত ২০১৬ চনত মুক্তি লাভ কৰা এখন অসমীয়া ছবি। ছবিখনৰ পৰিচালক হ’ল ববী শৰ্মা বৰুৱা।
-
ৰতনলাল
ৰতনলাল (Ratanlal) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া নাট্যধৰ্মী চলচ্চিত্ৰ। অসম চাহ মজদুৰ সংঘই প্ৰযোজনা কৰা এই ছবিখন পৰিচালনা কৰিছে নলিন দুৱৰাই। ছবিখনৰ চিত্ৰগ্ৰহণো নলিন দুৱৰাৰ।
-
ৰেলৰ আলিৰ দুবৰি বন
ৰেলৰ আলিৰ দুবৰি বন (Relar Alir Dubori Bon) ১৯৯৩ত মুক্তি পোৱা এখন অসমীয়া ছবি। ছবিৰ পৰিচালক আৰু প্ৰযোজক আছিল পুলক গগৈ। সঙ্গীত দশৰথ দাসৰ। গাইছিল বলিউদৰ কণ্ঠশিল্পী কুমাৰ চানু আৰু কবিতা কৃষ্ণমূৰ্তিয়ে। ছবিখনে ৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ 'ৰজতকমল' বঁটা লাভ কৰিছিল।
-
অকণ
অকণ (Akon) ১৯৮০ চনত মুক্তি পোৱা জি বি চি প্ৰডাকচনচৰ বেনাৰত নিৰ্মিত, গৌৰী বৰ্মন পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা চিৰঞ্জীলাল চৌধুৰীৰ। পৰিচালক গৌৰী বৰ্মনৰ কাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য লিখিছে নিৰোদ চৌধুৰীয়ে। অকণ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ।
-
আলোকৰ আহ্বান
আলোকৰ আহ্বান (Alokar Ahban) ১৯৮৩ৰ এখন অসমীয়া চলচ্চিত্ৰ। পৰিচালনা চাৰু কমল হাজৰিকাৰ। প্ৰযোজনা ডো-ৰে-মি ফিল্মচৰ। সঙ্গীত নয়নৰ। ছবিখনে ১৯৮৩ৰ ৩১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আঞ্চলিক ভাষা শিতান শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা লাভ কৰিছিল।
-
এখন নেদেখা নদীৰ সিপাৰে
এখন নেদেখা নদীৰ সিপাৰে (Akhon Nedekha Nodir Sipare, ইংৰাজী শিৰোনাম As the River Flows) হৈছে ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে (National Film Development Corporation, চমুকৈ NFDC) বোলছবিখন প্ৰযোজনা কৰে।
-
কনকলতা (চলচ্চিত্ৰ)
কনকলতা (Kanaklata) অসমৰ দ্বিতীয় মহিলা চলচ্চিত্ৰ পৰিচালক কুন্তলা ডেকাই পৰিচালনা কৰা আৰু লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মাণ কৰা এখন জীৱনীভিত্তিক চলচ্চিত্ৰ। প্ৰযোজক দিলীপ ডেকা আৰু কুন্তলা ডেকা। শব্দগ্ৰহণত পীযুষ কান্তি ৰয়। ১৯৯০ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ উদেষ্ণা চিত্ৰগৃহত ছবিখনৰ প্ৰিমিয়াৰ শ্বো হৈছিল।
-
গৰু (চলচ্চিত্ৰ)
গৰু (Goru) ২০২১ত মুক্তি পোৱা, ক্ৰেয়ন ট্ৰী প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আৰু হিমাংশু প্ৰসাদ দাস পৰিচালিত এখন ৰাজনৈতিক ব্যঙ্গাত্মক শৈলীৰ অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা গীতা পাঠকৰ। সঙ্গীত পৰিচালক পলাশ সূৰ্য গগৈ।
-
জাংফাই জোনাক
জাংফাই জোনাক - From the shadow of silence হৈছে ২০১২ চনৰ ১৩ জানুৱাৰী তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। উৎপল কুমাৰ দাসে প্ৰযোজনা কৰা বোলছবিখন পৰিচালনা কৰে সঞ্জীৱ সভাপণ্ডিতে।
-
জোনাকী পৰুৱা (চলচ্চিত্ৰ)
ফায়াৰফ্লাইছ-জোনাকী পৰুৱা হৈছে ২০২০ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। তৃতীয় লিংগৰ ওপৰত আধাৰিত এইখন উত্তৰপূৱ ভাৰতৰ প্ৰথমখন ছবি। বিশ্বৰ ২০ খনৰো অধিক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত হোৱা চলচ্চিত্ৰখনৰ কাহিনী আৰু পৰিচালনা প্ৰকাশ ডেকাৰ।
-
তৰা (অসমীয়া চলচ্চিত্ৰ)
তৰা (Tora) হৈছে জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ প্ৰযোজনা চিলড্ৰেনছ ফিল্ম ছ'ছায়টি, ইণ্ডিয়াৰ। ২০০৪ত এই ছবিখন মুক্তি দিয়া হয়।
-
দুৰ্জন (চলচ্চিত্ৰ)
দুৰ্জন (ইংৰাজী: Durjon) ২০১৩ বৰ্ষত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। আহৰণ ফিল্মছৰ বেনাৰত গুনীন বসুমতাৰীয়ে প্ৰযোজনা কৰা চলচ্চিত্ৰখন পৰিচালনা কৰিছে মৌপ্ৰাণ শৰ্মায়ে।
-
প্ৰত্যাৱৰ্তন
প্ৰত্যাৱৰ্তন (Pratyavartan) ১৯৯৩ চনত মুক্তি পোৱা এখন অসমীয়া চলচ্চিত্ৰ। পৰিচালক ৰঞ্জিত দাস। এছ বি পিকচাৰ্ছৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে কবিন সাউদে। সংগীত শ্বেৰ চৌধুৰীৰ। মুখ্য ভূমিকাত আছে তপন দাস, অৰুণ নাথ আৰু মৃদুলা বৰুৱা।
-
প্ৰেম জনমে জনমে
প্ৰেম জনমে জনমে (Prem Janame Janame) ১৯৯১ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। যাদৱ চন্দ্ৰ দাস পৰিচালিত এই ছবিখন বি.এচ.বি. ফিল্মছৰ (অসম) বেনাৰত প্ৰযোজনা কৰিছিল বিপুল কলিতাই। মূল ভূমিকাত অভিনয় কৰিছিল বিজয় শংকৰ, বিদ্যা ৰাও আৰু পৰেশ গোস্বামী ডেইজী ৰাজখোৱাই।সংগীত ৰিদীপ দত্তৰ।