আইদেউ (ইংৰাজী নাম:Aideu - Behind the Screen), ২০০৭ চনত মুক্তিপ্ৰাপ্ত, অৰূপ মান্নাৰ দ্বাৰা পৰিচালিত প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী"ৰ নামভূমিকাত অভিনয় কৰা আইদেউ সন্দিকৈৰ জীৱনী-ভিত্তিক চলচিত্ৰ। ছবিখনত আইদেউ সন্দিকৈৰ নিজৰ দৃশ্যও সম্বলিত হৈছে। অৱশ্যে ছবিখন মুক্তিৰ আগতেই তেখেতৰ মৃত্যু হয়।
ছবিখনে '৫৪-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে১
কাহিনী সাৰাংশ
চলচ্চিত্ৰখন আৰম্ভ কৰা হৈছে নতুন প্ৰজন্মৰ এজন পৰিচালকে আইদেউ সন্দিকৈৰ অসুখৰ বাতৰি বাতৰি-কাকতত পঢ়ি তেখেতৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰচেষ্টাৰে। আইদেউ সন্দিকৈক দেখা যায় চলচ্চিত্ৰৰ কেমেৰাটো হাতেৰে চুই চোৱা অৱস্থাত। তাৰ পাছত চলচ্চিত্ৰৰ কাহিনীৰ পশ্চাদগমন হয়। জ্যোতিপ্ৰসাদ আগৰৱালাই জয়মতী কুঁৱৰীৰ চৰিত্ৰৰ বাবে উপযুক্ত অভিনেত্ৰী বিচাৰি নেপাই হতাশ হৈ পৰে। চিনেমাৰ বাবে ছোৱালী বিচাৰি যোৱা জ্যোতিপ্ৰসাদক গাঁৱৰ ৰাইজে খেদি পঠিয়ায়। তাৰ পাছতেই ডিম্ব গোহাঁই-এ আইদেউ সন্দিকৈক জয়মতীত অভিনয়ৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সম্মুখলৈ আনে। জয়মতীৰ শ্বুটিঙৰ পাছত গাঁৱলৈ উভতি যোৱা আৰু পাছত সমাজৰ লাঞ্ছনাৰ বলি হোৱা আইদেউ সন্দিকৈৰ কাহিনী আগবাঢ়ি যায়।২
অভিনয়ত
- আইদেউ সন্দিকৈ (নিজে)
- চন্দনা শৰ্মা (আইদেউ সন্দিকৈ)
- প্ৰশান্ত কুমাৰ দাস (জ্যোতিপ্ৰসাদ আগৰৱালা)
- দুলন বৰা (আইদেউৰ দেউতাক)
- নবামিকা বৰঠাকুৰ (আইদেউৰ মাক)
- সপোনটি বৰদলৈ (ডিম্ব গোহাঁই)
- পিঠুৰাজ গোস্বামী (কেশৱ, আইদেউৰ ভাইটি)
নিৰ্মাণৰ কাহিনী
আইদেউৰ নিৰ্মাণৰ কাম আৰম্ভ হয় ২০০২ চনত আৰু মুক্তি দিয়া হয় ২০০৭ চনত। ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখা হৈছিল আইদেউ সন্দিকৈৰ লগত অৰূপ মান্নাৰ কথোপকথনৰ যোগেদি। নগাঁওৰ ত্ৰিনয়ন মিডিয়া ফাউণ্ডেছনৰ বেনাৰত ছবিখন নিৰ্মাণ কৰা হয়।২
মুক্তি আৰু পুৰস্কাৰ
ছবিখন মুম্বাই আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত মুক্তি দিয়া হয় ২০০৭ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখত। পুনা আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, দিল্লী হেবিটেট চলচ্চিত্ৰ উৎসৱ আৰু মিউনিখ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱটো ছবিখন প্ৰদৰ্শন কৰা হয়। ব্ৰাজিলত অনুষ্ঠিত ছাউ-পাউলো চলচ্চিত্ৰ উৎসৱত ছবিখনে "The New Film Makers" প্ৰতিযোগিতা শাখাত প্ৰদৰ্শিত হয়। ৩ ২৪৫
ছবিখনে '৫৪-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে১। ৰাজ্যিক চলচ্চিত্ৰ উৎসৱত, ছবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ মহিলা অভিনেতা আৰু ৰূপসজ্জাৰ পুৰস্কাৰ লাভ কৰে২।
তথ্যসূত্ৰ
- ↑ www.pib.nic.in/archieve/others/2008/jun/54th_nfa
- ↑ Santanava Hazarika, Reel Reality, The Assam Tribune, October 2007
- ↑ Cinematógrafo. Lista de filmes da 31ª Mostra. Cinematografo.com.br
- ↑ en.mostra.org/movie/4955{{Dead link|date=September 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ Aideu, the story of Assam’s first actress. Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আইদেউ” প্ৰবন্ধৰ সংশোধন ৪৬৬৯৩৭ (২৯ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।