অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

টি আৰ পি আৰু

টি আৰ পি আৰু (TRP Aru) হৈছে ২০১৪ চনৰ ২৮ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম আৰু জে আৰ এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ পৰিচালক মৃদুল গুপ্তা আৰু কাৰ্যবাহী প্ৰযোজক ৰাণুমাই টেৰণপি।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৫ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

টি আৰ পি আৰু (TRP Aru) হৈছে ২০১৪ চনৰ ২৮ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমৰ চলচ্চিত্ৰ। অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত আৰু জে আৰ এণ্টাৰপ্ৰাইজৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ পৰিচালক মৃদুল গুপ্তা আৰু কাৰ্যবাহী প্ৰযোজক ৰাণুমাই টেৰণপি। পঙ্কজজ্যোতি ভূঞাৰ কাহিনী তথা মণিমালা দাসৰ চিত্ৰনাট্যৰে নিৰ্মিত বোলছবিখনত অভিনয় কৰে উৰ্মিলা মহন্ত, গুঞ্জন ভৰদ্বাজ, ফেৰীপ্ৰিয়া আহমেদ, প্ৰিন্স চৌহান আদিয়ে।১

কাহিনী

উত্তৰ-পূৰ্বাঞ্চলত দূৰদৰ্শন উদ্যোগৰ দ্ৰুতগতিত বিকাশ হোৱাৰ লগে লগে বাতৰি চেনেলসমূহৰ মাজত প্ৰতিযোগিতা ক্ৰমান্বয়ে বাঢ়ি আহিছে। টেলিভিছন ৰেটিং পইণ্ট চমুকৈ টি আৰ পি বঢ়োৱাৰ স্বাৰ্থত প্ৰতিটো চেনেলে প্ৰতিসময়তে ব্ৰেকিং নিউজৰ সন্ধানত লাগিছে। ব্ৰেকিং নিউজ সৃষ্টিৰ কাৰণে তেওঁলোকে অতিৰিক্ত ৰহণ সানি বাতৰি পৰিৱেশন কৰিবলৈ কুণ্ঠাবোধ নকৰে। এনেধৰণৰ পৰিৱেশ এটাকে চলচ্চিত্ৰখনত তিনিজন বন্ধুৃৰ (গুঞ্জন ভৰদ্বাজ, ফেৰীপ্ৰিয়া আহমেদ, প্ৰিন্স চৌহান) দৃষ্টিৰে দেখুওৱা হৈছে। তেওঁলোক দুটা শীৰ্ষস্থানীয় বাতৰি চেনেলৰ যুৱ সাংবাদিক। নাৰী ব্যৱসায়ী চক্ৰৰ হাতত পৰা এগৰাকী যুৱতী (উৰ্মিলা মহন্ত), পতিতালয়ৰ অন্ধকাৰ জীৱন, দুটা প্ৰতিষ্ঠিত বাতৰি চেনেলৰ মাজত টি আৰ পিৰ যুদ্ধ আৰু সকলোৰে শেষত সকলো বাধা নেওচি সত্য প্ৰতিষ্ঠা - ইয়াকে লৈ চলচ্চিত্ৰখন নিৰ্মিত।১২

অভিনয়ত

  • উৰ্মিলা মহন্ত
  • গুঞ্জন ভৰদ্বাজ
  • ফেৰীপ্ৰিয়া আহমেদ
  • প্ৰিন্স চৌহান১
  • দেৱজিত মজুমদাৰ

কলা-কুশলী

  • পৰিচালক - মৃদুল গুপ্তা
  • কাৰ্যবাহী প্ৰযোজক - ৰাণুমাই টেৰণপি
  • চিত্ৰনাট্য/সংলাপ - মণিমালা দাস
  • সংগীত পৰিচালক/গীতিকাৰ - পলাশ গগৈ
  • চিত্ৰগ্ৰহণকাৰী - ৰক্তিম
  • সম্পাদক - অমিতাভ, ধনজিৎ দাস১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (১২ নৱেম্বৰ, ২০১৪). TRP Aru… to Release on 28th November. Kothasobi
  2. ↑ অভিজিৎ ৰয়. (২৪ জুলাই, ২০১৪). Assamese Film “TRP aru…” Directed by Mridul Gupta is Coming Soon. Creativica

সম্পৰ্কিত শ্ৰেণী

২০১৪ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ২০১৪ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টি আৰ পি আৰু” প্ৰবন্ধৰ সংশোধন ৫৬০৫৪৫ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।