অসমীয়া চলচ্চিত্ৰ
২৮০ প্ৰবন্ধ
-
জিলমিল জোনাক
জিলমিল জোনাক (Jilmil Jonak) ২০১৪ বৰ্ষত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা ডেইজী গগৈৰ আৰু পৰিচালনা কৰিছে শিবানন বৰুৱাই। হিয়াৰ দাপোনত তোমাৰেই ছবিৰ পাছতেই জিলমিল জোনাক হৈছে শিবানন বৰুৱাৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘৰ কথাছবি।
-
জীৱন সুৰভি
জীৱন সুৰভি (Jeewan Suravee) ১৯৮৪ চনত মুক্তি পোৱা এখন ৰঙীন অসমীয়া ড্ৰামা চলচ্চিত্ৰ। এইখন প্ৰথম অসমীয়া ফিল্মস্কোপ ছবি। এক সপেৰা এক লুটেৰা (১৯৬৫),আগ (১৯৬৭),টাংগেৱালা (১৯৭২),দো জাচুচ (১৯৭৫),গোপীচান্দ জাচুচ (১৯৮২) আদি বলীউডী চলচ্চিত্ৰৰ পৰিচালক নৰেশ কুমাৰে এই ছবিখন পৰিচালনা কৰিছিল।
-
দেৱী (চলচ্চিত্ৰ)
দেৱী (Devi) ১৯৮৪ চনত মুক্তি পোৱা শম্ভু গুপ্তা আৰু দাৰা আহমেদ পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। পৰিচালকদ্বয়ে দেৱীৰ যোগেদি প্ৰথম পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। পৰিচালকদ্বয়ে নিজেই ছবিখনৰ সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰিছে। প্ৰযোজনা আৰ এন ফিল্মছৰ।
-
নৰকাসুৰ (চলচ্চিত্ৰ)
নৰকাসুৰ নিপ বৰুৱা পৰিচালিত আৰু ১৯৬২ চনত মুক্তি পোৱা এখন পৌৰাণিক কথাছবি। অতুলচন্দ্ৰ হাজৰিকাৰ নাটক 'নৰকাসুৰ'ৰ ওপৰত ভিত্তি কৰি এই চলচ্চিত্ৰৰ চিত্ৰনাট্য লিখা হৈছিল। ছবিখনত প্ৰাগজ্যোতিষপুৰৰ অসুৰ ৰজা নৰকাসুৰৰ উপৰিও বীৰ ঘটোৎকচ আৰু বাণৰজাৰ কথাও আছে।
-
বনানী (চলচ্চিত্ৰ)
বনানী (Banani) হৈছে জাহ্নু বৰুৱা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯০ চনত মুক্তি লভা বোলছবিখনত অভিনয় কৰে বিষ্ণু খাৰঘৰীয়া, মৃদুলা বৰুৱা, সুশীল গোস্বামী, মনামী বেজবৰুৱা আদিয়ে। সংগীত পৰিচালনা সত্য বৰুৱা আৰু প্ৰশান্ত বৰদলৈৰ।
-
ভাইটি (চলচ্চিত্ৰ)
ভাইটি (Bhaiti) হৈছে প্ৰথমখন অসমীয়া সম্পূৰ্ণ ৰঙীন চলচ্চিত্ৰ। ১৯৭২ চনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে। চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল অজিত সিংহই।
-
ভিলেজ ৰকষ্টাৰ্ছ
ভিলেজ ৰকষ্টাৰ্ছ ৰীমা দাসৰ দ্বাৰা পৰিচালিত এখন অসমীয়া বোলছবি। বোলছবিখন ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰিছে। বোলছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ এইখন দ্বিতীয় পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি।
-
মইনাজান
মইনাজান (Mainajan) ১৯৮০ চনত মুক্তি লাভ কৰা, দেৱকুমাৰ পৰিচালিত এখন ক'লা-বগা অসমীয়া ছবি। সঙ্গীত খগেন মহন্তৰ। ছবিখন প্ৰেম পিকচাৰচৰ বেনাৰ প্ৰযোজনা কৰিছিল এম পি এন নায়াৰে। এইখন নায়িকা বিদ্যা ৰাওৰ ঘৰুৱা প্ৰডাকচনৰ চিনেমা আছিল। প্ৰযোজক নায়াৰ বিদ্যা ৰাওৰ স্বামী আছিল।
-
মাক আৰু মৰম (চলচ্চিত্ৰ)
মাক আৰু মৰম (Maak Aru Moram) ১৯৫৭ চনৰ ১০ মে’ত মুক্তি পোৱা এখন সামাজিক অসমীয়া চলচ্চিত্ৰ। নিপ বৰুৱাই ছবিখন পৰিচালনা কৰাৰ উপৰিও ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছিল। সঙ্গীত ব্ৰজেন বৰুৱাৰ। এইখন আছিল নিপ বৰুৱা পৰিচালিত দ্বিতীয়খন ছবি।
-
শকুন্তলা (চলচ্চিত্ৰ)
শকুন্তলা (Sakuntala) ভূপেন হাজৰিকা পৰিচালিত কালিদাসৰ অভিজ্ঞানম শকুন্তলম নাটৰ ওপৰত আধাৰিত এখন পৌৰাণিক বিষয়ক অসমীয়া কথাছবি। সঙ্গীত ভূপেন হাজৰিকাৰ। ছবিখনে মুক্তি পাইছিল ১৯৬১ৰ ১১ নবেম্বৰৰ দিনা। প্ৰয়োজক আছিল কলকাতাৰ কামৰুপ চিত্ৰ।
-
অগ্নিগড় (চলচ্চিত্ৰ)
অগ্নিগড় (Agnigarh) ১৯৯৪ চনত মুক্তি পোৱা এখন সাম্প্ৰতিক বিষয়বস্তুৰ আধাৰত নিৰ্মিত অসমীয়া ছবি। অগ্নিগড়ৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনা চন্দ্ৰ মুদৈৰ। প্ৰযোজনা প্ৰদীপ গগৈৰ। মূল চৰিত্ৰটোত অভিনয় কৰিছে অৰুণ নাথে। সংগীত ভূপেন উজীৰৰ। গীতত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাই।
-
অদম্য
অদম্য (Adomya) হৈছে ২০১৪ চনৰ ১২ ডিচেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। বি বি এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত বসন্ত কুমাৰ বৰুৱা আৰু ববী শৰ্মা বৰুৱাই প্ৰযোজনা কৰা এই চলচ্চিত্ৰখনৰ পৰিচালনা আৰু কাহিনী ববী শৰ্মা বৰুৱাৰ।
-
অনুৰাধা (চলচ্চিত্ৰ)
অনুৰাধা ২০১৫ চনৰ ২৭ মাৰ্চত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। নাৰীকেন্দ্ৰিক কাহিনীৰ এই ছবিখনৰ পৰিচালক ৰাকেশ শৰ্মা। ছবিখনৰ সহকাৰী পৰিচালকৰ দায়িত্বত থাকে অনুপম বৈশ্য আৰু অনিন্দিতা কলিতা। এম এল এণ্টাৰটেইনমেণ্ট আৰু চিনে ড্ৰীম আনলিমিটেডৰ বেনাৰত ছবিখনৰ প্ৰযোজনা কৰে প্ৰযোজক লুইত কুমাৰ বৰ্মনে।
-
অন্তহীন যাত্ৰা
অন্তহীন যাত্ৰা হৈছে ২০০৪ চনত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। গাৰ্গী এণ্টাৰটেইনমেণ্ট কো. (প্ৰাইভেট) লিমিটেডৰ বেনাৰত প্ৰাঞ্জল ভৰালী আৰু ছবি ভৰালীয়ে প্ৰযোজনা কৰা ডo মামণি ৰয়ছম গোস্বামীৰ এটি গল্পৰ ভিত্তিত নিৰ্মিত বোলছবিখন পৰিচালনা কৰে মুন্না আহমেদে।
-
অপৰাজেয় (চলচ্চিত্ৰ)
অপৰাজেয় (Aparajeyo) ১৯৭০ চন ৬ মে'ত মুক্তিপ্ৰাপ্ত সমান্তৰাল ধাৰা বা কলাত্মক ধাৰাৰ প্ৰভাৱপুষ্ট প্ৰথম অসমীয়া চলচ্চিত্ৰ। ছবিখন ক'লা-বগাকৈ নিৰ্মাণ কৰা হৈছিল। ফণী তালুকদাৰৰ 'মোৰে মলুৱা' শীৰ্ষক অঁনাতাৰ নাটক এখনৰ আধাৰত অতুল বৰদলৈয়ে চিত্ৰনাট্য ৰচনা কৰা ছবিখন 'চতুৰঙ্গ' নামত চাৰিজন পৰিচালকে পৰিচালনা কৰিছিল।
-
আই ক'ত নাই
আই ক’ত নাই (Aai Kot Nai) ২০০৯ চনত মুক্তি পোৱা এ এ এ এচ প্ৰডাকচনচ প্ৰাইভেট লিমিটে়ডৰ বেনাৰত নিৰ্মিত মঞ্জু বৰা পৰিচালিত এখন ৰঙীন অসমীয়া চলচ্চিত্ৰ। প্ৰযোজনা ৰাজেন বৰা আৰু মঞ্জু বৰাৰ। সঙ্গীত পৰিচালনা আইজাক থমাচ কট্টুকাপল্লীৰ।
-
আকাশীতৰাৰ কথাৰে
আকাশীতৰাৰ কথাৰে... (A Tale told thousand times) হৈছে ২০০৩ চনৰ ১৪ নৱেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ কথাছবি। ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু গৱেষণা হৈছে মঞ্জু বৰাৰ।
-
ইন্দ্ৰমালতী (চলচ্চিত্ৰ)
ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা প্ৰযোজিত আৰু পৰিচালিত দ্বিতীয় অসমীয়া চলচ্চিত্ৰ। প্ৰথম অসমীয়া কথাছবি 'জয়মতী'ৰ ব্যৱসায়িক বিপৰ্য্যয়ৰ পাছত কম খৰচতে এই ছবিখন নিৰ্মাণ কৰা হৈছিল। ঘাইকৈ জয়মতীত হোৱা লোকচানৰ বোজা উঠাবলৈয়ে এইখন ছবি নিৰ্মাণ কৰা হৈছিল।
-
ঈশ্বু
ঈশ্বু (Ishu) উৎপল বৰপূজাৰীৰ দ্বাৰা পৰিচালিত এখন অসমীয়া ভাষাৰ চলচ্চিত্ৰ। এই চলচ্চিত্ৰখনৰ মূল কাহিনী মণিকুন্তলা ভট্টাচাৰ্যৰ একে নামৰ এখন উপন্যাসৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনে গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা গাঁৱৰ ঈশ্বু নামৰ শিশুজনৰ দৃষ্টিৰে অসমৰ ডাইনী হত্যাৰ সমস্যা প্ৰতিফলন কৰিছে।
-
কাঁচঘৰ
কাঁচঘৰ (Kanchghar) ১৯৭৫ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিখনৰ পৰিচালনা আৰু চিত্ৰনাট্য বিজয় চৌধুৰী আৰু পীযুষ কান্তি ৰয়ৰ। কাঁচঘৰ তেওঁলোকৰ প্ৰথম আৰু একমাত্ৰ পৰিচালিত ছবি৷ পৰিচালকদ্বয় মূলতঃ চলচ্চিত্ৰৰ কাৰিকৰী দিশৰ প্ৰশিক্ষিত লোক আছিল৷ তেওঁলোক পুনা ফিল্ম ইনষ্টিটিউটৰ ক্ৰমে সম্পাদনা…
-
কাঞ্চনজংঘা (চলচ্চিত্ৰ)
কাঞ্চনজংঘা হ'ল ২০১৯ চনত মুক্তি পোৱা আই ক্ৰিয়েছন প্ৰডাকচনৰ (I Creation Production) বেনাৰত নিৰ্মাণ কৰা এখন ৰোমাণ্টিক-একছনধৰ্মী অসমীয়া চলচ্চিত্ৰ। জুবিন গাৰ্গৰ দ্বাৰা পৰিচালিত প্ৰযোজিত এই চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰতো অভিনয় কৰিছে জুবিন গাৰ্গে।
-
কেঁচা সোণ
কেঁচা সোণ (Kecha Son) ২৯ মাৰ্চ ১৯৫৯ত মুক্তি পোৱা অসমীয়া কথাছবি। চাহবাগিছাৰ বনুৱা জীৱনৰ ওপৰত আধাৰিত এই ছবিৰ পৰিচালক আছিল ফণী শৰ্মা। কাহিনী আৰু চিত্ৰনাট্য লিখিছিল ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে। আই.এন.টি.ইউ.চি.
-
ছিৰাজ (১৯৮৮ চলচ্চিত্ৰ)
ছিৰাজ (Siraj) ১৯৮৮ চনত মুক্তি পোৱা এখন অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ। এইখন ফণী শৰ্মা আৰু বিষ্ণু প্ৰসাদ ৰাভাই যুটীয়াভাবে পৰিচালনা কৰা ১৯৪৮-ৰ চলচ্চিত্ৰ ছিৰাজৰ পুনঃনিৰ্মিত সংস্কৰণ। ছিৰাজ (১৯৮৮) প্ৰথম অসমীয়া পুনঃনিৰ্মিত (remake) চলচ্চিত্ৰ। ছবিখন পৰিচালনা কৰিছে ভূপেন হাজৰিকাই। আৰ.বি.
-
জাতিঙ্গা ইত্যাদি
জাতিঙ্গা ইত্যাদি..... (Jaatingaa Ityadi.....) হৈছে ২০০৭ চনত মুক্তি লাভ কৰা এখন অসমীয়া বোলছবি। ৰুচিৰা আৰ্টচৰ বেনাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ পৰিচালক হৈছে সঞ্জীৱ সভাপণ্ডিত। এই ছবিখনৰ মুখ্য ভূমিকাত অভিনয় কৰা শিল্পী সকল হৈছে বিষ্ণু খাৰঘৰীয়া, বীণা পটংগীয়া, সৌৰভ হাজৰিকা ইত্যাদি।
-
দূৰদৰ্শন এটি যন্ত্ৰ
দূৰদৰ্শন এটি যন্ত্ৰ হল ২০১৬ বৰ্ষৰ ২ ছেপ্টেম্বৰত মুক্তি পোৱা এখন হাস্যৰসাত্মক অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা কৰিছে ৰাজেশ ভূঞাই, কাহিনী হিমাংশু প্ৰসাদ দাসৰ। যতীন বৰা, উৎপল দাস, প্ৰস্তুতি পৰাশৰ আৰু মুনমী ফুকনে এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।
-
নয়নমণি
নয়নমণি (Nayanmoni) ৰাজেন্দ্ৰ চলচ্চিত্ৰৰ বেনাৰত নিৰ্মিত আৰু ১৯৮৪ চনত মুক্তিপ্ৰাপ্ত এখন পূৰ্ণদৈৰ্ঘ্যৰ ৰঙীন অসমীয়া চলচ্চিত্ৰ। ছবিৰ কাহিনী, পৰিচালনা আৰু প্ৰযোজনা সুপ্ৰভা দেৱীৰ। মূল চৰিত্ৰত অভিনয় কৰিছে নিপন গোস্বামী আৰু বিদ্যা ৰাৱে। এইখনে মহিলা পৰিচালকে পৰিচালনা কৰা প্ৰথম অসমীয়া ছবি।
-
প্ৰতিদান (চলচ্চিত্ৰ)
প্ৰতিদান ১৯৮৭ চনত মুক্তি লাভ কৰা এখন ৰঙীণ অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰৰ কাহিনী আৰু চিত্ৰনাট্য প্ৰমোদ বৰুৱাৰ। পৰিচালনা দাৰা আহমেদৰ। মুম্বাইৰ কেমেৰামেন বিজয় আনন্দ চাব্ৰেৱাল এই ছবিৰ চিত্ৰগ্ৰহণকাৰী আছিল। অভিনয়ত আছিল নিপন গোস্বামী, বিদ্যা ৰাও, ব্ৰজেন বৰা, প্ৰাঞ্জল শইকীয়া আদি।
-
মন আৰু মৰম
মন আৰু মৰম (Man Aru Maram) ১৯৮০ চনত মুক্তি পোৱা দ্বিবন বৰুৱা পৰিচালিত এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। মূল ভূমিকাত অভিনয় কৰিছে নিপন গোস্বামী আৰু অঞ্জু বৰুৱাই।
-
মমতা (চলচ্চিত্ৰ)
মমতা (Mamata) নলীন দুৱৰা পৰিচালিত ১৯৭৩ত মুক্তিপ্ৰাপ্ত এখন অসমীয়া কথাছবি। তেৱেঁ ছবিখনৰ চিত্ৰগ্ৰহণো কৰিছে। অসমৰ গ্ৰাম্যজীৱনৰ পটভূমিত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে। ১৯৭৩ৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত মমতাই ৰজত পদক লাভ কৰে।
-
মীমাংসা (চলচ্চিত্ৰ)
মীমাংসা (Mimanxa, The Verdict...) হৈছে সঞ্জীৱ হাজৰিকাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। নিৰ্মালী আৰ্টছৰ বেনাৰত নিৰ্মাণ সম্পন্ন হোৱা ছবিখন ১৯৯৪ চনত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হৈছিল। ছবিখনৰ কাহিনী লিখিছিল সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে। ছবিখনে ১৯৯৮ চনত মুক্তি লাভ কৰে।