অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

লোকেল কুং ফু ২

লোকেল কুং ফু ২ (Local Kung Fu 2) এখন এক্সনধৰ্মী হাস্যৰসাত্মক অসমীয়া ছবি। ছবিখনৰ পৰিচালক কেনী বসুমতাৰী। কেনী বসুমতাৰীয়ে দুৰ্লভ বৰুৱাৰ সৈতে যুগ্মভাবে প্ৰযোজনাও কৰিছে। এইখন ২০১৩ত মুক্তি পোৱা লোকেল কুং ফুৰ চিকুৱেল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

লোকেল কুং ফু ২ (Local Kung Fu 2) এখন এক্সনধৰ্মী হাস্যৰসাত্মক অসমীয়া ছবি। ছবিখনৰ পৰিচালক কেনী বসুমতাৰী। কেনী বসুমতাৰীয়ে দুৰ্লভ বৰুৱাৰ সৈতে যুগ্মভাবে প্ৰযোজনাও কৰিছে। এইখন ২০১৩ত মুক্তি পোৱা লোকেল কুং ফুৰ চিকুৱেল।১২ লোকেল কুং ফু ২ৰ কাহিনী ৱিলিয়াম শ্বেইক্সপিয়াৰৰ হাস্যৰসাত্মক নাট কমেডী অৱ এৰ'ৰচৰ আধাৰত ৰচনা কৰা হৈছে। নিৰ্মাতাই ক্ৰাউড ফাণ্ডিঙৰ যোগেদি ছবি নিৰ্মাণৰ ধন আহৰণ কৰিছিল।৩ ছবিখনে ২০১৭ৰ ১৮ এপ্ৰিল তাৰিখে মুক্তি লাভ কৰে।৪

অভিনয় শিল্পী

  • কেনী বসুমতাৰী- (দীপ আৰু দীপুৰ যুগ্ম ভূমিকাত)
  • উৎকল হাজোৱাৰী- (অৰুণ আৰু মোহনৰ যুগ্ম ভূমিকাত)
  • ইপ্সিতা হাজৰিকা- (লুচী)
  • বণী দেউৰী- (বিকু)
  • জনী দেউৰী
  • ৰণী দেউৰী
  • বিভাষ সিংহ- (বিজয়)
  • টনী দেউৰী বসুমতাৰী-
  • অমৰ সিংহ দেউৰী
  • কবিন্দ্ৰ দাশ
  • সুনীত বৰা- ( ৰাহুল)
  • মৃগাঙ্ক কোঁৱৰ- (ৰাজ)

কাহিনীৰ সাৰাংশ

ছবিৰ কাহিনী ৱিলিয়াম শ্বেইক্সপিয়াৰৰ নাটক কমেডী অৱ এৰ'ৰচৰ দৰে ইয়াত দুযোৰা দেখিবলৈ সাইলাখ একে দুযোৰা যমজ ল'ৰাৰ কাহিনী বৰ্ণিত হৈছে, যিয়ে দুৰ্ঘটনাক্ৰমে শিশু অৱস্থাতে বিচ্চিন্ন হৈ গৈছিল। এযোৰা ডাঙৰ-দীঘল হৈছিল গুৱাহাটীত আৰু আনযোৰা তেজপুৰত। গুৱাহাটীত থকা যোৰাটোৱে সমৰ কলা জানে, কিন্তু তেজপুৰৰ যোৰাটোৱ নাজানে। ঘটনাচক্ৰত গুৱাহাটীৰ যোৰাটো তেজপুৰ ওলালগৈ আৰু আৰম্ভ হ’ল খেলিমেলি আৰু ভুল বুজাবুজি।

গীত

ছবিখনত সাতটা গীত অন্তৰ্ভুক্ত কৰা হৈছে।

  1. কুং ফু ইউ- কণ্ঠশিল্পী টনী ডিবি
  2. য'তে ত'তে- কণ্ঠশিল্পী অম্বৰ দাস
  3. পি- কণ্ঠশিল্পী মুনু আৰু চাও
  4. হিজ নেম ইজ জি.কে. কণ্ঠশিল্পী বনী দেউৰী
  5. খেলিমেলি মন- কণ্ঠশিল্পী অনিষা শইকীয়া
  6. মায়াভৰা জীৱন- কণ্ঠশিল্পী উৎকল হাজোৱাৰী
  7. বৰষা- কণ্ঠশিল্পী উৎকল হাজোৱাৰী

বাহ্যিক সংযোগ

ইউটিউৱত লোকেল কুং ফু ২

তথ্যসূত্ৰ

  1. ↑ (2013-09-25). There’s Kung Fu in the air. The Hindu
  2. ↑ (2013-10-04). ‘Local Kung Fu’ hits perception barrier. The Times of India
  3. ↑ www.wishberry.in/campaign/local-kung-fu-2/
  4. ↑ thereel.scroll.in/835053/cult-assamese-film-loca Cult Assamese film ‘Local Kung Fu’ has a sequel

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১৭ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লোকেল কুং ফু ২” প্ৰবন্ধৰ সংশোধন ৬৪০২২৩ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।